একক প্রচেষ্টাৰে এজন ব্যক্তিয়ে গঢ়িলে ৩১ হেক্টৰ ভূমিৰ বনাঞ্চল। উল্লেখ্য যে ১৯৭০ৰ দশকৰ আৰম্ভণিতে ব্রাজিল চৰকাৰে কৃষি কৰ্মৰ বাবে বনাঞ্চলৰ মাটি মুকলি কৰিবলৈ উৎসাহ যোগাবলৈ আৰম্ভ কৰে। এনে চৰকাৰী নীতিৰ আলম লৈ বহুতে হেজাৰ হেজাৰ হেক্টৰ ভূমিৰ বনাঞ্চল ধ্বংস কৰি সেই ভূমিত কৃষি কর্ম কৰিবলৈ লয়। চৰকাৰী উদ্যোগত চলা এই নির্বিচাৰ বন ধ্বংসৰ বিপৰীতে পৰিৱেশ কৰ্মী এন্টনিঅ’ ভিচেন্টেই গছপুলি ৰোপণ আৰম্ভ কৰে।
বিগত ৪০ বছৰত তেওঁ একক প্রচেষ্টাৰে এক বিশাল ভূমিত অৰণ্য গঢ়ি তুলিে ছন পৰি থকা আৰু অনুৰ্বৰ ভূমিকে তেওঁ এক প্রস্ফুটিত অৰণ্যলৈ পৰিণত কৰিছে। লক্ষ্যণীয় যে সম্প্রতি ব্রাজিলত নিৰ্বনানীকৰণৰ সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে।
এনে অৱস্থাত বতৰে দেশখনৰ লোকক দুর্ভোগ ভোগাবলৈ ধৰিছে। ফলত ভিচেণ্টেই বহুতৰ বাবে এক উদাহৰণত পৰিণত হৈছে। কাৰণ তেওঁ এজোপা-দুজোপাকৈ নিজ হাতেৰে ৰোপণ কৰা গছসমূহে কিঞ্চিৎ হ’লেও পৰিৱেশ জীৱৰ অনুকূল কৰি ৰাখিবলৈ সক্ষম হৈছে। স্বাভাৱিকতে এই পৰিৱেশ কৰ্মীজনৰ অৱদানে জৈৱ বৈচিত্র্য শক্তিশালী কৰাৰ লগতে ভূমিৰ গুণাগুণ পুনৰুদ্ধাৰ কৰাৰ লগতে মাটিক পানী ধৰি ৰাখিবলৈ সক্ষম কৰিছে। কাজেই তেওঁ সমগ্র ব্রাজিলৰ লগতে দেশ-বিদেশে চর্চা লাভ কৰিছে।
দৰাচলতে ভিচেন্টেই এক দূৰদৰ্শিতাৰো প্রমাণ দিছে। কাৰণ যি সময়ত চৰকাৰী আহ্বানৰ প্রতি সঁহাৰি জনাই বনাঞ্চল মোকলাই খেতি-বাতিত মনোনিৱেশ কৰিছিল, সেই সময়তে পৰিৱেশ কৰ্মীজনে ভৱিষ্যতৰ কথা চিন্তা কৰি গছপুলি ৰোপণত নামি পৰে। তেওঁ নিজৰ ভূমিৰো গছ-বন কাটি খেতি-বাতি কৰা নাছিল। তাৰ পৰিৱৰ্তে দূৰদৰ্শিতা প্রদর্শনৰে অশেষ কষ্ট কৰি এই বৃহৎ অৰণ্য গঢ়ি তোলে। নিজে ৰোৱা গছপুলিসমূহত তেওঁ পানী যোগান, সাৰ আদি যোগান ধৰিছিল।
ইয়াৰ সুফল কেৱল তেবেই নহয়, ছাও পাওলোৰ এক বৃহত্তৰ অঞ্চলৰ বাসিন্দাসকলে লাভ কৰিছে। ২০১৭ৰ এক তথ্য অনুসৰি, ভিচেণ্টৰ এই ৩১ হেক্টৰ ভূমিৰ অৰণ্যত ৫০ হেজাৰ জোপা স্থানীয়ভাৱে উপলব্ধ গছো আছে। অশেষ ধৈর্য সহকাৰে যে তেওঁ এই বিশাল অৰণ্য গঢ়ি তোলে, সেয়া কোৱা বাহুল্য মাথোঁ। সম্প্রতি তেওঁৰ দ্বাৰা দেশখনৰ বহু লোক অনুপ্রাণিত হৈছে।
উল্লেখ্য যে চৰকাৰী আহ্বানৰ পাছতে বহু লোকে বনাঞ্চল মুকলি কৰি কৃষিৰ বাবে ভূমি উলিওৱাত ছাও পাওলোত পুৰণি আটলান্টিক বনাঞ্চলৰ অধিকাংশৰে চিন-চাব নোহোৱা হ’ল।





























