Tanyka:✒️এদল বিজ্ঞানীয়ে সম্প্রতি ব্রাজিলত ২৭কোটি বছৰৰ পুৰণি এক অদ্ভুত জলচৰ প্ৰাণীৰ সন্ধান পাইছে, যাৰ দাঁতৰ গুৰি আৰু দাঁতৰ গঠন দেখি গৱেষকসকল স্তম্ভিত হৈ পৰিছে। পার্মিয়ান যুগৰ এইবিধ প্ৰাণীৰ নাম ৰখা হৈছে তাইনিকা এমনিকোলা।
লক্ষ্যণীয় বিষয়টো হৈছে ডাইন’ছৰবোৰ পৃথিৱীলৈ অহাৰ কে’বা কোটি বছৰৰ পূৰ্বেই অহা এই প্রাণীবিধ নিজৰ সময়ৰ তুলনাত ইমানেই প্রাচীন আছিল যে বিজ্ঞানীসকলে ইয়াক সেই যুগৰ ‘লিভিং ফচিল’ বা জীবন্ত জীবাশ্ম বুলি অভিহিত কৰিছে।
এইবিধ প্ৰাণীৰ সবাতোকৈ অদ্ভুত বৈশিষ্ট্য হ’ল ইহঁতৰ তলৰ দাঁতৰ গুৰি। সাধাৰণতে মেৰুদণ্ডী প্ৰাণীবোৰৰ তলফালৰ দাঁত ওপৰৰ ফালে থিয় হৈ থাকে, কিন্তু এইবিধ প্ৰাণীৰ দাঁতবোৰ আছিল কাষৰ ফালে বা বাহিৰৰ ফালে মুখ কৰা। দাঁতৰ গুৰিৰ ভিতৰৰ অংশ ‘ডেন্টিকল’ নামৰ অসংখ্য ক্ষুদ্র দাঁতৰ দৰে গঠনৰে ঢকা আছিল, যিটো প্রায় চিৰিজ কাগজৰ দৰে খহটা তলি সৃষ্টি কৰিছিল।
চিকাৰক কামুৰি ধৰাৰ পৰিৱৰ্তে ইহঁতে দাঁতৰ গুৰি ব্যৱহাৰ কৰি খাদ্য ঘঁহি বা পিহি পেলাইছিল। আদিম চতুষ্পদী প্রাণীবোৰৰ ভিতৰত এই ধৰণৰ খাদ্যাভ্যাস অত্যন্ত বিৰল।
চিকাগোৰ ফিল্ড যাদুঘৰৰ গৱেষক জেমছ পাৰ্ডোৰ নেতৃত্বত পৰিচালিত এই গবেষণাত প্রায় ১৫ ছেন্টিমিটাৰ দৈৰ্ঘ্যৰ নটা জীৱাশ্মীভূত দাঁতৰ গুৰিৰ হাড় উদ্ধাৰ হৈছে। উত্তৰ-পূব ব্রাজিলৰ যি শিলাস্তৰত এই জীৱাশ্ম পোৱা গৈছে, সেয়া এটা সময়ত প্রাচীন নদী বা হ্ৰদৰ অংশ আছিল।
সেই সময়ত দক্ষিণ আমেৰিকা, আফ্রিকা আৰু ভাৰত মিলি ‘গণ্ডোৱানা’ নামৰ এখন বিশাল মহাদেশৰ অংশ আছিল।গৱেষকসকলৰ মতে, এই প্ৰাণীটোৱে সৰু জলচৰ অমেৰুদণ্ডী প্রাণী বা শেলুৱৈ খাই বাছি থাকিছিল।
যেতিয়া পৃথিৱীত নতুন ধৰণৰ মেৰুদণ্ডী প্রাণীবোৰ বিবর্তিত হৈছিল, তেতিয়াও এই প্ৰজাতিটোৱে সিহঁতৰ লাখ লাখ বছৰৰ পুৰণি আদিম বৈশিষ্ট্যক লৈ বর্তি আছিল, যিটো বিবৰ্তনৰ ইতিহাসত এক বিৰল ঘটনা।






























