Tunnels:✒️দক্ষিণ ব্রাজিল আৰু উত্তৰ আর্জেন্টিনাৰ মাজৰ পাহাৰৰ তলত উদ্ধাৰ হৈছে এলানি বহস্যময় ভূ-গর্ভস্থ সুৰংগ। শেহতীয়াভারে একাংশ বিজ্ঞানীয়ে উদ্ধাৰ কৰা এই ভূ-গর্ভস্থ সুৰংগবোৰ মানুহে তৈয়াৰ কৰা বা প্ৰকৃতিৰ দ্বাৰা সৃষ্ট নহয়। বৰঞ্চ ভালুকজাতীয় এবিধ প্রাচীন প্রাণীয়ে এই সুৰংগবোৰ তৈয়াৰ কৰাৰ সাক্ষ্য উদ্ধাৰ হৈছে।
সংশ্লিষ্ট বিজ্ঞানীসকলে প্রকাশ কৰা অনুসৰি, এই সুৰংগসমূহৰ মাজত কেতবোৰ ৫৫০ মিটাৰৰো অধিক দৈর্ঘ্য আৰু যথেষ্ট বহল সুৰংগ আছে। আনকি এনে এটা সুৰংগৰ মাজেৰে এজন প্রাপ্তবয়স্ক ব্যক্তিয়ে অনায়াসে খোজকাঢ়ি যাব পাৰে।
ইয়াৰ সমান্তৰালভাৱে বিজ্ঞানীসকলে স্পষ্ট কৰি দিছে যে এই সুৰংগবোৰ মানুহে সজা বা সাধাৰণ ভূতাত্ত্বিক প্রক্ৰিয়াৰ জৰিয়তে সৃষ্ট নহয়। এই সুৰংগসমূহ কঠিন বালি-শিল আৰু আগ্নেয়গিৰিৰ শিলৰে তৈয়াৰী। সুৰংগবোৰৰ ভিতৰৰ দেৱালত হাতোৰাৰ চিহ্ন আৰু সুষম বক্র চিহ্নও দেখিবলৈ পোৱা গৈছে।
গতিকে একালত এই সুৰংগবোৰৰ মাজেৰে শক্তিশালী জন্তুবে অহা-যোৱা কৰাটো নিশ্চিত হৈছে। এই সুৰংগসমূহ লাখ লাখ বছৰৰ পূৰ্বে তৈয়াৰ হোৱাটো বিজ্ঞানীসকলে নিশ্চিত কৰিছে। তেতিয়া পৃথিৱীৰ বৰফৰ যুগ চলি আছিল। অৱশ্যে এই সুৰংগসমূহ প্রকাণ্ড জন্তুবে কেবল অহা-যোৱাৰ বাবেহে ব্যৱহাৰ কৰিছিল।
কাৰণ এই সুৰংগসমূহৰ মাজত মানুহ বা আন প্রাণীয়ে বাস কৰা কোনো প্রমাণ উদ্ধাৰ হোৱা নাই। বিজ্ঞানীসকলে এই কথাও প্রকাশ কৰিছে যে মানুহে বিভিন্ন অস্ত্র ব্যৱহাৰ কৰি শিলত এই সুৰংগবোৰ তৈয়াৰ কৰাৰ কোনো তথ্য উদ্ধাৰ হোৱা নাই।
একেদৰে সাধাৰণ ভূতাত্ত্বিক প্ৰক্ৰিয়াৰ জৰিয়তেও এই সুৰংগবোৰ সৃষ্টি হোৱা নাই। এই সুৰংগবোৰ আৱিষ্কাৰ কৰে ফেডাৰেল ইউনিভাৰছিটি অৱ ৰিঅ’ গ্ৰেণ্ড ডু ছুলৰ হেনৰিক ফ্ৰেডৰিকৰ নেতৃত্বত এটা ভূতত্ত্ববিদৰ দলে।
এই ভূতত্ত্ববিদসকলৰ মতে এই সুৰংগসমূহে সংশ্লিষ্ট স্থানৰ ভূগৰ্ভৰ আকাৰ নিৰ্ধাৰণ কৰিছে। এনে ১৫শৰো অধিক সুৰংগ উক্ত স্থানত উদ্ধাৰ হৈছে। আনহাতে, বিজ্ঞানীসকলে ধাৰণা কৰা অনুসৰি এই প্রকাণ্ড সুৰংগসমূহ এবিধ প্রকাণ্ড ভালুকে তৈয়াৰ কৰিছিল।
এই ভালুকবিধে সুৰংগসমূহৰ মাজেৰে অহা-যোৱা কৰিছিল বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে। অৱশ্যে কে’বা লক্ষ বছৰ পূৰ্বে অজ্ঞাত কাৰণত এই ভালুকবিধ পৃথিৱীৰ পৰা নোহোৱা হয়। বিজ্ঞানীসকলে ধাৰণা কৰা অনুসৰি এই ভালুকবিধে কোমল শিলত আঘাত কৰি এই বৃহৎ সংখ্যক সুৰংগ সৃষ্টি কৰে। এনে ভালুকৰ জীৱাশ্মও বিজ্ঞানীসকলে উক্ত স্থানৰ পৰা উদ্ধাৰ কৰিছে।






























