Brazil:✒️ব্রাজিলৰ তৰুণ মডেল আৰ্থাৰ অ’ উৰছো পুনৰ আন্তর্জাতিক সংবাদ মাধ্যমৰ আলোচনাত উঠি আহিছে। ‘ফ্রী লাভ’ বা ‘মুক্ত প্ৰেমৰ ধাৰণা প্ৰচাৰ আৰু একগামিতাৰ বিৰোধিতা কৰাৰ উদ্দেশ্যৰে তেওঁ একেলগে ন গৰাকী যুৱতীক বিয়া কৰাই চর্চা লাভকৰিছিল। ছাও পাওলোৰ এটা কেথলিক গির্জাত তেওঁৰ প্ৰথম পত্নী লুয়ানা কাজাকিৰ স’তে আৰু আঠ গৰাকী যুৱতীক প্রতীকীভাবে বিবাহ বান্ধোনত বান্ধ খুৱাইছিল।
অৱশ্যে ব্রাজিলক পলিগেমী বা বহুবিবাহ আইন অনুসৰি নিষিদ্ধ হোৱাত এই বিবাহসমূহৰ কোনো আইনী স্বীকৃতি নাই।প্রথমে বিষয়টো ৰঙীন আৰু আলোচনাৰ উপযোগী বুলি ধাৰণা হ’লেও সময়ৰ লগে লগে আৰ্থাৰৰ এই বহুগামী সংসাৰত ফাট মেলিবলৈ আৰম্ভ কৰিছে।
ন গৰাকী পত্নীক সমানভাৱে সময় আৰু স্নেহ দিব নোৱাৰি আৰ্থাৰে আৰম্ভ কৰিছিল এক প্ৰকাৰৰ ‘ছেক্স ৰোটা’, অর্থাৎ যৌন সম্পৰ্কৰ সময়সূচী। কোন দিনা কোনগৰাকী পত্নীক সময় দিয়া হ’ব, সেই অনুসৰি প্ৰস্তুত কৰা হৈছিল সূচী। আৰ্থাৰে ধাৰণা কৰিছিল যে ইয়াৰ দ্বাৰা প্ৰতি গৰাকীৰে যৌন চাহিদা পূৰণ হ’ব; কিন্তু পৰিস্থিতি ওলোটাহে হৈছে।
তৰুণ মডেলজনে স্বীকাৰ কৰিছে যে নির্দিষ্ট সময়সূচী অনুসৰণ কৰিবলৈ গৈ কেতিয়াবা তেওঁ বাধ্য হৈ কোনো এগৰাকীৰ স’তে ঘনিষ্ঠ হ’বলগীয়া হৈছিল, য’ত স্বাভাৱিক আনন্দ বা স্বতঃস্ফূর্ততা একেবাৰে নাছিল। কেতিয়াবা আকৌ এগৰাকী পত্নীৰ স’তে ঘনিষ্ঠ মুহূর্ত অতিবাহিত কৰাৰ সময়তো তেওঁ আন এগৰাকীৰ কথা চিন্তা কৰিছিল, যিটোৱে সম্পৰ্কবোৰ অধিক জটিল কৰি তুলিছিল।
আর্থাৰে কয় যে সময় বান্ধি দিয়াৰ পাছত যৌনতা যেন তেওঁৰ বাবে কৰ্তব্যৰ দৰে হৈ পৰিছিল, আনন্দ উপভোগৰ দৰে নহয়। সেইবাবেই এটা সময়ত এই সময়সূচী বাতিল কৰা হয় আৰু এতিয়া সকলোবোৰ স্বাভাৱিক গতিত চলিবলৈ দিয়া হৈছে।
আৰ্থাৰে কয় যে ইমানবোৰ সংগী থাকিলে স্নেহ আৰু মনোযোগৰ অভাৱ নহয়, সেয়ে নির্দিষ্ট নিয়ম মনাৰ প্রয়োজনো নপৰে। অৱশ্যে সমস্যা একেবাৰে শেষ নহ’ল। পত্নীসকলৰ মাজত মাজে-মধ্যে ঈর্ষা জাগে, বিশেষকৈ যেতিয়া তেওঁ দামী উপহাৰ দিয়ে আৰু আন কোনোবাই তুলনামূলকভাৱে কম মূল্যৰ কিবা পায়।
আৰ্থাৰে কয় যে প্রতিদিনেই তেওঁলোক সকলোৰে মনোযোগ, স্নেহ আৰু ঘনিষ্ঠতাৰ দাবী থাকে আৰু কোনো দুই-এগৰাকীৰ ক্ষেত্ৰত বেছি বা কম হ’লেই মনোমালিন্য আৰম্ভ হয়। আৰ্থাৰে নিজেও স্বীকাৰ কৰিছে যে সম্পৰ্কৰ এই নতুন গাঁথনি এতিয়াও তেওঁৰ বাবে শিকাৰ পৰ্যায়তে আছে।
এই জটিল সাংসাৰিক জীৱনত ডাঙৰ আঘাত লাগে তেতিয়া, তেওঁৰ আগাথা নামৰ পত্নীগৰাকীয়ে বিচ্ছেদৰ সিদ্ধান্ত লয়। আগাথাই জনাইছে যে তেওঁ আকৌ একগামী সম্পৰ্কৰ ফালে উভতি যাব বিচাৰে আৰু আৰ্থাৰক অকলে নিজৰ বাবে বিচাৰে। আনহাতে, আর্থাৰে জনায় যে আগাথাৰ এই সিদ্ধান্তই তেওঁক ব্যথিত কৰিছে।
অৱশ্যে এতিয়াই আন কাৰোবাক তেওঁৰ পত্নীৰ দলত অন্তর্ভুক্ত কৰাৰ পৰিকল্পনা কৰা নাই।আন পত্নীসকলৰ মতে, আগাথাই প্রকৃত অনুভূতিতকৈ বেছি ৰোমান্সৰ কাৰণেই এই সম্পৰ্কৰ অংশ হৈছিল। সম্প্রতি আৰ্থাৰে তেওঁৰ বাকী আঠ পত্নীৰ স’তে ‘অনলিফেনছ’ত কন্টেন্ট প্রস্তুত কৰিলেও স্বীকাৰ কৰিছে যে বহুগামী সংসাৰ পৰিচালনা কৰাটো একেবাৰেই সহজ নহয়।
তথাপি মডেলজনে দাবী কৰে যে সম্পর্কক স্বাভাৱিক গতিত চলিবলৈ দিলে তথা সকলোকে সমানভাৱে মর্যাদা দিলে এই বহুবিবাহৰ পৰীক্ষাটো সফল কৰাটো সম্ভৱ।






























