ৰাজস্থানৰ যোধপুৰ আইআইটি কেম্পাছত ছাত্ৰ-ছাত্ৰীসহ ষ্টাফ সদস্য প্ৰায় ৭০ জন লোক ক’ভিড-১৯ত আক্ৰান্ত । আইআইটি কৰ্তৃপক্ষই জনায় যে, ক’ভিডত আক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাংশই গুজৰাট আৰু ওড়িশাৰ । বহুদিনৰ পৰা অনলাইন ক্লাছ কৰি আছিল তেওঁলোকে, কিন্তু গৱেষণাগাৰৰ বাধ্যতামূলক কামৰ বাবে আহি কৰ’নাত আক্ৰান্ত হয় ।
এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ উপায়ুক্ত পি সিঙে জনায়, ‘১১ মাৰ্চত কিছুসংখ্যক ছাত্ৰ কৰ’নাত আক্ৰান্ত হৈ আহিছিল । তেওঁলোক চণ্ডীগড়ৰ আদিবাসী অধ্যুষিত গাঁও, গুজৰাট আৰু জয়পুৰৰ পৰা আহিছিল । ইয়াৰ পাছতেই কৰ’না সংক্ৰমণৰ সংখ্যা ক্ৰমাগত বৃদ্ধি হ’বলৈ লয় । এই পৰ্যন্ত আইআইটি যোধপুৰত ৬৫-৭০ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে । তেওঁলোকৰ ভিতৰত ৫০-৬০ জন সক্ৰিয় ক’ভিড ৰোগী আছে । সেয়ে আইআইটি কেম্পাছৰ জি৩ ব্লকক মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে ।’
যোধপুৰ আইআইটি মুখপাত্ৰই জনায়, কৰ’না আক্ৰান্ত ছাত্ৰসকলক এখন হোষ্টেলত পৃথককৈ ৰখা হৈছে ।
বিগত কিছু সপ্তাহ ধৰি মহাৰাষ্ট্ৰ, কৰ্ণাটক, চট্টিছগড়, দিল্লী, পঞ্জাৱ এই ৰাজ্যসমূহৰ দৰে ৰাজস্থানৰ কৰ’না পৰিস্থিতিৰো ক্ৰমান্বয়ে অৱনতি ঘটিছে । বিগত ২৪ ঘণ্টাত ৰাজস্থানত এহেজাৰ ৭২৯ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে । ইয়াৰ লগতে ৰাজস্থানৰ মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে তিনি লাখ ৩৯ হেজাৰ ৩২৫ জন । ইতিমধ্যে ৰাজ্যখনত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ১২ হেজাৰ ৮৭৮ জন ।



































