Maharashtra : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মাথোঁ এটা ম’বাইল ফোন! সাধাৰণ ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল। শুকুৰবাৰে এই কৰুণ ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ ছন্তাজিনগৰ জিলাত। জিলাখনৰ জাল্টা ফাটাৰ নিবাসী মুৰলীধৰ চান্দগুড়ে (৪৮)ব ১৯ বছৰীয়া পুত্র কুনালে বিগত কিছুদিন ধৰি পিতৃক এটা নতুন ম’বাইল ফোন ক্ৰয় কৰি দিবলৈ আবদাৰ কৰি আছিল। অজ্ঞাত কাৰণত পিতৃয়ে পুত্ৰৰ এই আবদাৰ পূৰণ কৰা নাছিল। ইয়াকে লৈ ক্ষুব্ধ কুনালে কালি পুৱা ১০ বজাত ঘৰৰ ওচৰৰ খাভড়া পাহাৰৰ টিলাত উঠি ওপৰৰ পৰা জঁপিয়াই আত্মহত্যাৰ ভাবুকি দিয়ে পিতৃ-মাতৃক।
পুত্ৰৰ এই কাণ্ড দেখি চান্দগুড়ে আৰু তেওঁৰ পত্নী সংগীতা চান্দুগুড়েই ঘটনাস্থলীলৈ দৌৰ দিয়ে। পুত্ৰক পাহাৰৰ তললৈ নমাই অনাৰ চেষ্টা আৰম্ভ কৰে পিতৃ-মাতৃয়ে। কিন্তু পিতৃ-মাতৃৰ অনেক কাকুতি-মিনতি সত্ত্বেও কুনালে পাহাৰৰ তললৈ নামি আহিবলৈ অস্বীকাৰ কৰে। তাৰ পৰিৱৰ্তে তেওঁ পাহাৰৰ চূড়ালৈহে উঠে।
আনহাতে, এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত স্থানীয় বহু লোকৰ লগতে দুর্যোগ উপশম বাহিনী, আৰক্ষী, অগ্নিনির্বাপক বাহিনী আদি উপস্থিত হৈ যুৱকজনক তললৈ নমাই অনাৰ চেষ্টা কৰে। তলত অগ্নিনির্বাপক বাহিনীয়ে জালো পাতে। তেতিয়া কুনালে তললৈ জাঁপ দিয়াৰ স্থান সলনি কৰে। এনেদৰে কে’বা ঘণ্টা পাৰ হয়।
অৱশেষত দিনৰ তিনি বজাত পাহাৰৰ চূড়াত অৱস্থান কৰি থকা কুনালৰ ওচৰত পিতৃ উপস্থিত হয়। সেই মুহূর্ততে কুনালে তললৈ মৰণজাঁপ দিয়ে। তেতিয়া পুত্রক বচাবলৈ যাওতে পিতৃও তললৈ নিজৰ অজানিতে সৰি পৰে। ফলত দুয়োৰে মৃত্যু হয়।
এনেদৰে স্বামী-পুত্ৰৰ নিশ্চিত মৃত্যু দেখি কুনালৰ মাতৃয়েও পাহাৰৰ তললৈ জাঁপি দি মৃত্যুক আঁকোৱালি লয়। ইতিমধ্যে আৰক্ষীয়ে তিনিওৰে মৃতদেহ উদ্ধাৰ কৰিছে। স্বাভাৱিকতে এই মর্মান্তিক ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে। বিভিন্নজনে বিভিন্ন ধৰণে ঘটনাটো ব্যাখ্যা কৰিছে। একাংশই ঘটনাটোক যুৱ উচ্ছৃংখলাৰ ফল বুলি ব্যাখ্যা কৰিছে। আন একাংশই আকৌ ম’বাইল ফোনৰ আসক্তিক জগৰীয়া কৰিছে।































