AssamEducation : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অসমৰ শিক্ষা খণ্ডত ছাত্র-ছাত্রীয়ে আধাতে বিদ্যালয় ত্যাগ কৰা সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগে অসম শিক্ষা খণ্ডটোক নতুন নতুন সম্পৰীক্ষাৰে একপ্ৰকাৰ গিনিপিগ সজাইছে। একে সময়তে তথাকথিত চমকৰ দৌৰতো অবতীর্ণ হৈছে। কার্যক্ষেত্রত কিবা হওক বা নহওক তাক গৌণ কৰি কেৱল চমক সৃষ্টিত ৰাজ্যৰ শিক্ষা বিভাগটোৱে যোৱা কেইটামান বছৰত মুঠেই আপোচ কৰা নাই। নতুন শিক্ষানীতিকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সিদ্ধান্তক দেশৰ ৰাজ্যবোৰৰ ভিতৰত আগতেই কাৰ্যকৰী কৰাকে ধৰি ইটোৰ পাছত সিটো চমক দিয়াৰ দৌৰত অৱতীৰ্ণ হোৱাৰ বিপৰীতে কার্যক্ষেত্ৰত প্রকৃততে কি হৈছে তাত গুৰুত্ব নাই। ইয়াৰে পৰিণাম ভুগিছে শিক্ষাখণ্ডটোৱে।
যি সময়ত সকলোৰে বাবে শিক্ষা আঁচনি গ্রহণ কৰা হৈছে সেই সময়তে অসমৰ লাখ লাখ ছাত্র-ছাত্রীয়ে নিম্ন পর্যায়তে ত্যাগ কৰিছে শিক্ষা জীৱন। এই কথাক বিগত দিনবোৰত বিভাগটোৰ মুৰব্বীসকলে পার্যমানে নাকচ অথবা উপেক্ষা কৰাৰ চেষ্টা কৰিলেও অৱশেষত সেয়াই মানি ল’বলৈ বাধ্য হৈছে। কাৰণ বিভাগৰ তথ্যতে সেই সঁচা কথাবোৰ স্পষ্ট হৈছে। আজি শিক্ষা বিভাগে সমগ্র শিক্ষা অসমৰ অধীনত ‘শিক্ষা যাত্রা-প্রত্যাহ্বানৰ পৰা প্রত্যাখ্যানলৈ’ শীর্ষক এক অভিযানৰ প্ৰাথমিক প্ৰক্ৰিয়াৰ সূচনা কৰে।
ইয়াৰ বাবে আয়োজিত এখন সভাত সমগ্র শিক্ষা অসমৰ পৰা দাখিল কৰা প্ৰতিবেদনত আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ বৃহৎ সংখ্যাৰ উল্লেখ কৰা হয়। সভাত উপস্থিত থকা শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱেও এই কথা মানি ল’বলৈ বাধ্য হয়।
সভাত দাখিল কৰা তথ্য অনুসৰি ২০২৫ত চলোৱা এক জৰীপত অসমৰ ৪,৫২,৩২১ শিক্ষার্থীয়ে আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰে। এইসকলৰ বয়স ১৪ৰ পৰা ১৮ বছৰৰ ভিতৰত। এই জৰীপত আন এক উদ্বেগজনক তথ্যও পোহৰলৈ আহে। সেই অনুসৰি পঞ্চম, অষ্টম আৰু দশম শ্ৰেণীৰ কে’বা হেজাৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষানুষ্ঠান ত্যাগ কৰে।
এই সংখ্যা হ’ল ৬৮,৪১০ গৰাকী। তদুপৰি এক বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰীৰ শিক্ষানুষ্ঠানত উপস্থিতি একেবাৰে সীমিত। ইয়াৰ এক উদাহৰণ হিচাপে বৈঠকত তথ্য দাখিল কৰা হয় যে একেৰাহে ৪৫তকৈ অধিক দিন শিক্ষানুষ্ঠানত উপস্থিত নথকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ’ল ৪,৪৩,৯৫৪ গৰাকী।
ইপিনে, চৰকাৰী বিদ্যালয়ত প্রথম শ্রেণীত বৃহৎ সংখ্যাত অৱনমিত হৈছে নামভৰ্তিৰ সংখ্যা। অংগনৱাড়ী কেন্দ্রত যিমান সংখ্যক শিশুৰ নামভৰ্তি হয় তাৰ বিপৰীতে প্ৰথম শ্ৰেণীত নামভৰ্তিৰ সংখ্যা যথেষ্ট কম হৈছে। যোৱা এবছৰত চৰকাৰী বিদ্যালয়ত প্ৰথম শ্ৰেণীত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ সংখ্যা ২৫ হেজাৰ হ্রাস হয়।
এই প্রসংগতে সভাত শিক্ষামন্ত্রী ডাঃ পেগুৱে উল্লেখ কৰে যে প্রাথমিক পর্যায়ত অসমত আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ ৩.৮ শতাংশ আৰু মাধ্যমিক পর্যায়ত এই হাৰ হ’ল ১৭.৫ শতাংশ। এই প্রসংগতে উল্লেখ্য যে প্রাথমিক পর্যায়ত আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ ৰাষ্ট্ৰীয় হাৰ হ’ল ২.৩ শতাংশ।
একেদৰে মাধ্যমিক পৰ্যায়ত ৰাষ্ট্ৰীয় হাৰ হ’ল ৮.২ শতাংশ। শিক্ষামন্ত্রীয়ে এই তথ্যও উল্লেখ কৰে যে অসমত প্রায় পাঁচ লাখ শিক্ষার্থীয়ে আধাতে শিক্ষা জীৱন ত্যাগ কৰে। ইয়াৰে প্ৰায় ৩০ শতাংশ ছাত্র-ছাত্রীয়ে পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাবে শিক্ষা জীৱন আধাতে এৰিবলৈ বাধ্য হয়।
এনেদৰে আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰা আৰু নামভৰ্তিৰ সংখ্যা কে’বা হেজাৰলৈ হ্রাস হোৱাৰ কাৰণ শিক্ষা বিভাগে সংশ্লিষ্ট পৰিয়ালবোৰৰ ঘৰে ঘৰে গৈ সংগ্ৰহ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে অহা ২৩ ছেপ্টেম্বৰলৈ চলিব শিক্ষা যাত্রা শীর্ষক অভিযান।































