TragicIncident : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : হৃদয় বিদাৰক। ভূ-মাফিয়াই চৰকাৰী মাটিত অবৈধভাবে খন্দা এটা প্রকাণ্ড পুখুৰীত একেলগে এটা পৰিয়ালৰ দুগৰাকীসহ চাৰিগৰাকী নাবালিকাৰ সলিল সমাধি ঘটা ঘটনাই শুকুৰবাৰে চিৰাঙৰ পাণবাৰীত শোকৰ ছাঁ পেলায় ।
সূত্রই জনোৱা মতে, দুপৰীয়া নাবালিকা কেইগৰাকীয়ে উৎকট গৰম সহ্য কৰিব নোৱাৰি ঘৰৰ ওচৰৰে দামুগাঁৱত চৰকাৰী মাটিত থকা এটা ডাঙৰ পুখুৰীত গা ধুবলৈ নামে। দুর্ভাগ্যবশতঃ গা ধুই থকা অৱস্থাত তেওঁলোক গভীৰ পানীলৈ গুচি যায়। আনহাতে, নাবালিকাকেইগৰাকী বহু দেৰিলৈ ঘৰলৈ ঘুৰি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ আৰম্ভকৰে।
তেনে অৱস্থাতে স্থানীয় একাংশ লোকে চাৰিওকেইগৰাকীকে পুখুৰীটোৰ পানীত ওপডি থকা প্রত্যক্ষ কৰে। পৰিয়াল তথা স্থানীয় লোকে চাৰিওকে পুখুৰীৰ পানীৰ পৰা উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে।
মৃতাকেইগৰাকীক দামুগাঁৱৰ নিৱাসী আব্দুল মোতালেবৰ দুই কন্যা মাচুমা খাতুন (আঠ) আৰু ৰাকিবা খাতুন (ন), টেকাইমাৰীৰ ছহিদুৰ ৰহমানৰ কন্যা চঞ্জুমা খাতুন (আঠ) আৰু ছমেছ আলীৰ কন্যা চুহানা পাৰবীন (১০) বুলি চিনাক্ত কৰা হৈছে। দুৰ্ভগীয়া নাবালিকাকেইগৰাকীৰ অন্যতম মাচুমা পঞ্চম শ্ৰেণীৰ ছাত্ৰী আছিল।
আনকেইগৰাকী ক্রমে ৰাকিবা চতুৰ্থ শ্ৰেণীৰ, চঞ্জুমা তৃতীয় শ্ৰেণীৰ আৰু ছুহানা তৃতীয় শ্ৰেণীৰ ছাত্ৰী আছিল। আটাইকেইগৰাকী দৰিদ্ৰ পৰিয়ালৰ সন্তান আছিল। ইতিমধ্যে চাৰিওৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই মর্মান্তিক ঘটনাৰ খবৰ পাই ঘটনাস্থলীত চিৰাঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাও উপস্থিত হয়।
ভূ-মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী এবিএমছুৰ
শুকুৰবাৰে পাণবাৰীৰ দামুগাঁৱত যিটো পুখুৰীত নামি চাৰি নাবালিকাই প্রাণ হেৰুৱালে সেই পুখুৰীটো উন্মুক্ত অৱস্থাত আছে। একাংশ ভূ-মাফিয়াই অবৈধভাৱে চৰকাৰী মাটিৰ পৰা শিল, বালি খনন কৰি পুখুৰীটো খন্দাৰ ফলত এই শোকাবহ ঘটনা সংঘটিত হ’ল বুলি এবিএমছুৰ বিজনী জিলা সমিতিয়ে অভিযোগ উত্থাপন কৰিছে।
যমদূত সদৃশ এই পুখুৰী খন্দা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে এবিএমছুৰ জিলা সভাপতি মুক্তাকিন ৰহমান আৰু সহকাৰী সাধাৰণ সম্পাদক মেহদি আলমে।
ইপিনে, স্থানীয় একাংশ লোকৰ মতে অঞ্চলটোত এনে আৰু পুখুৰী আছে। এই সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰাই কয়, ‘সদ্যহতে আমি এই ঘটনাক লৈ ল’বলগীয়া পদক্ষেপ গ্রহণ কৰিছো। এনে পুখুৰী সন্দৰ্ভত আমি অনুসন্ধান কৰিম।’
ইপিনে, ঘটনাটোৰ পাছত গাঁওখনত শোকাৱহ পৰিৱেশৰ সৃষ্টি হয়। ঘটনাস্থলীত বহু লোকে ভিৰ কৰে। দুৰ্ভগীয়া নাবালিকাকেইগৰাকীৰ পৰিয়ালে জনোৱা মতে আজি দুপৰীয়া স্কুলৰ পৰা আহি তেওঁলোকে ঘৰৰ ওচৰৰ পুখুৰীটোত গা ধুবলৈ গৈ মৃত্যুক সাবটি ল’লে।































