দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : যোৱা ১৯ আগষ্টৰ নিশা শ্বিলং কাণ্ডই সৃষ্টি কৰা জটিল পৰিস্থিতিৰ সমাধান সূত্র আজিও নোলোৱাত প্রচণ্ড ক্ষতিৰ সম্মুখীন হৈছে মেঘালয়ৰ আতিথ্য আৰু পর্যটন খণ্ড। চলিত মাহত পৰ্যটকৰ আগমন হ্রাস হোৱাৰ পৰিপ্ৰেক্ষিতত সাধাৰণতে শ্বিলং-চেৰাপুঞ্জীৰ হোটেলসমূহৰ বুকিং প্রায় ২০ শতাংশহে হয়।
এনে অৱস্থাতে শ্বিলং কাণ্ড সংঘটিত হোৱাত বিগত তিনিদিনত এই হোটেলসমূহৰ বুকিং ৮০-৯০ শতাংশ পর্যন্ত হ্রাস পাইছে। কাজেই ইয়ে পাহাৰীয়া ৰাজ্যখনৰ পৰ্যটন আৰু আতিথ্য খণ্ডত প্রচণ্ড আঘাত হানিছে।
অপ্রত্যাশিতভাবে হোটেলসমূহৰ বুকিং বৃহৎ হাৰত বাতিল হোৱা সম্পৰ্কত ফেডাৰেছন অৱ শ্বিলং হোটেলছ শীৰ্ষক সংস্থাৰ সভাপতি পৰমবীৰ সিং সহদেবাই কয়, ‘আগষ্ট মাহ শ্বিলং-চেৰাপুঞ্জীৰ পর্যটন ঋতু নহয়। গতিকে বছৰৰ এই সময়ছোৱাত হোটলসমূহৰ ২০ শতাংশহে বুকিং হয়। এতিয়া ইয়াৰো ৮০-৯০ শতাংশ বুকিঙেই বাতিল হৈছে।
‘সহদেৱাই লগতে জনোৱা মতে, গড় হিচাপত শ্বিলং-চেৰাপুঞ্জীৰ লং-চেৰাপুঞ্জীৰ হোটেলসমূহত ১০ টাকৈ কোঠা থাকে। এনেদৰে সকলো হোটেলৰ কোঠাৰ সংখ্যা প্রায় ১৫ হেজাৰ হয়। শ্বিলং-চেৰাপুঞ্জীত পর্যটনৰ আগমন দুর্গা পূজা সময়ৰ পৰা বৃদ্ধি পায়। বৰদিন আৰু ইংৰাজী নৱবৰ্ষৰ সময়ছোৱাত হোটেলসমূহ অতিথিৰে ভৰপূৰ হৈ পৰে।
সম্প্ৰতি সৃষ্ট সংকটে শ্বিলং আৰু চেৰাপুঞ্জীৰ উপৰি ডাউকিতো নেতিবাচক প্রভাব পেলাইছে। এই সম্পৰ্কত ডাউকিৰ এটা হোম ষ্টেৰ স্বত্বাধিকাৰীয়ে কয়, ‘পৰ্যটকৰ কোঠা বুকিং বাতিল অব্যাহত আছে। বছৰৰ এই সময়ছোৱাত মেঘালয় ভ্ৰমণ কৰা অধিকাংশ পর্যটকেই হৈছে অসমৰ। গতিকে বৃহৎ হাৰত পৰ্যটকে হোটেল- হোম ষ্টেৰ বুকিং বাতিল কৰিছে।’
আকস্মিকভাৱে ৰাজ্যখনৰ পৰ্যটন আৰু আতিথ্য খণ্ডৰ ক্ষেত্ৰত সৃষ্ট এই সংকটক লৈ পর্যটক পৰিচালনাকাৰীসকলো শংকিত হৈছে। অৱশ্যে অচিৰে শান্তি পুনৰ ঘূৰি আহিব বুলি আশা প্রকাশ কৰিছে টুৰিষ্ট অপাৰেটৰ্ছ এছ’চিয়েছন অৱ মেঘালয়ে।
সংস্থাটোৰ সাধাৰণ সম্পাদক কীৰ্মেনলাং চাবঙে কয়, ‘মেঘালয় আৰু অসম দুয়োখন ৰাজ্যৰ চৰকাৰে সমস্যাটো অন্ত পেলোৱাৰ চেষ্টা কৰি আছে। আমি আশা কৰো যে শীঘ্রে সমস্যা সমাধান হ’ব।’ তৎসত্ত্বেও তেওঁ অহা সোমবাৰৰ পূর্বে মেঘালয় ভ্রমণ নকৰিবলৈ পৰ্যটকসকলৰ প্ৰতি আহ্বান জনাইছে।
উল্লেখ্য যে শ্বিলং বা চেৰাপুঞ্জী ভ্ৰমণ কৰা অধিকাংশ পর্যটকেই অসম বা অসম হৈ মেঘালয়লৈ যাত্ৰা কৰে। গতিকে মেঘালয়ৰ পৰ্যটন আৰু আতিথ্য খণ্ড সম্প্ৰসাৰণৰ ক্ষেত্ৰত অসমৰো বৃহৎ অৱদান আছে। শেহতীয়াভাৱে সৃষ্ট পৰিস্থিতিয়ে মেঘালয়ৰ পৰ্যটন খণ্ডৰ ওপৰত পেলোৱা ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কত অল আছাম টুৰিষ্ট টেক্সী ড্ৰাইভাৰ্ছ ইউনিয়নৰ সদস্য ৰিকু হকে কয়, ‘বিগত তিনি দিনত শ্বিলং-চেৰাপুঞ্জী আদিৰ হোটেলসমূহৰ ৯০ শতাংশ বুকিঙেই বাতিল হৈছে।’
হকে জনোৱা মতে, অসমত পঞ্জীয়নকৃত এহেজাৰ বাহনে প্রতিদিনে গড় হিচাপত মেঘালয়ত প্ৰৱেশ কৰে। আনকি পর্যটন ঋতু নোহোৱা সময়ছোৱাতো অসমত পঞ্জীয়নকৃত সহস্রাধিক বাহনে মেঘালয়লৈ পর্যটক কঢ়িয়াই নিয়ে।































