গুজৰাটত কৰ’না প্ৰতিষেধক গ্ৰহণ কৰিলেই প্ৰদান কৰা হ’ব সোণ । এই প্ৰস্তাৱ ইতিমধ্যে ৰাজকোটতৰ সংবাদ মাধ্যমৰ শিৰোনাম হৈ পৰিছে । সূত্ৰ অনুসৰি, ৰাজ্যবাসিক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিবৰ বাবে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে । এই পন্থাৰ সূচনা হৈছে ৰাজস্থানতে । চহৰৰ সোণ ব্যৱসায়ীসকলৰ স’তে যোগ হৈ এই প্ৰস্তাৱ গ্ৰহণ কৰে চৰকাৰে ।
প্ৰস্তাৱনা অনুসৰি, যিসকলে টিকাকৰণ শিবিৰত গৈ প্ৰতিষেধক গ্ৰহণ কৰিব তেওঁলোকক সোণ প্ৰদান কৰা হ’ব । মহিলাসকলক নাকফুলি আৰু পুৰুষসকলক ‘হেণ্ড ব্লেণ্ডাৰ’ প্ৰদান কৰা হ’ব ।
দেশত দ্ৰুতগতিত চলিছে টিকাকৰণ কাৰ্যসূচী । প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মী আৰু প্ৰথম শাৰীৰ যুদ্ধাসকলক প্ৰতিষেধক প্ৰদান কৰা হয় । দ্বিতীয় পৰ্যায়ত সত্তোৰ্ধ্ব আৰু জটিল ৰোগত আক্ৰান্ত ৪৫ বৰ্ষৰ ঊৰ্ধ্বৰ লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হয় । সম্প্ৰতি তৃতীয় পৰ্যায়ত এক এপ্ৰিলৰ পৰা ৪৫ বৰ্ষৰ ঊৰ্ধ্বৰ সকলোকে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হয় ।





























