উত্তৰ প্ৰদেশৰ শামলিত ক’ভিড প্ৰতিষেধকৰ পৰিৱৰ্তে জলাতংকৰ প্ৰতিষেধক প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে । বৃহস্পতিবাৰে শামলিৰ এখন স্বাস্থ্যকেন্দ্ৰত টিকাকৰণ কাৰ্যসূচী আছিল । সেই কাৰ্যসূচীত সৰোজ নামে এজন সত্তৰ বছৰীয়া লোকে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ গৈছিল ।
প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতে তেওঁৰ নিদ্ৰাভাৱ আহে । শাৰীৰিক অৱস্থা বেয়া হ’বলৈ লোৱাত পৰিয়ালৰ লোকে তেওঁক হাস্পতালত ভৰ্তি কৰে । তেওঁৰ শাৰীৰিক পৰীক্ষণ কৰাৰ পাছত স্বাস্থ্য কেন্দ্ৰৰ পৰা দিয়া প্ৰেছক্ৰিপছন প্ৰৰ্যৱেক্ষণ কৰি চিকিৎসকলে তেওঁক ক’ভিড প্ৰতিষেধকৰ পৰিৱৰ্তে জলাতংকৰ প্ৰতিষেধক দিয়া বুলি দাবী কৰে ।
ইয়াৰ পাছত আন দুগৰাকী বৃদ্ধা অনাৰকলি আৰু সত্যবতীৰ প্ৰেছক্ৰিপছনটো একেই কথা লিখা ধৰা পৰে । বিষয়টো প্ৰকাশ্যত অহাৰ লগে লগে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । স্বাস্থ্য কেন্দ্ৰটোৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন কৰে বৃদ্ধসকলৰ পৰিয়ালবৰ্গই ।
ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্য স্বাস্থ্য বিষয়া (চিএমঅ’) সঞ্জয় অগৰৱালে জনায় যে, স্বাস্থ্য কেন্দ্ৰটোৰ ওপৰ আৰু তল দুয়োটা মহলতে টিকাকৰণ কাৰ্যসূচী চলি আছিল । ইয়াৰে এটা মহলত ক’ভিডৰ টিকাকৰণ চলি আছিল আৰু আনটোত জলাতংকৰ । কেনেকৈ এই ঘটনা সংঘটিত হ’বলৈ পালে তাৰ তদন্ত অব্যাহত আছে । ঘটনাটোত কাৰোবাৰ গাফিলতি আছিল নে নাই তাৰো তদন্ত চলি আছে বুলি জনায় চিএমঅ’ই ।
জিলা প্ৰশাসক জছজিৎ কৌৰে কয়, ‘সমগ্ৰ ঘটনাটোৰ তদন্ত কৰা হ’ব । কোনো বিষয়াৰ গাফিলতি প্ৰমাণিত হয় তেওঁৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব ।’





























