পুনৰ চৰিত্ৰ সলনি হৈছে ব্ৰাজিলৰ পি১ কৰ’না ভাইৰাছৰ । গৱেষণাত পোৱা গৈছে যে, সম্প্ৰতি এই ভাইৰাছ অধিক মাৰাত্মক হৈ উঠিছে । লেটিন আমেৰিকাৰ অৰ্ধেক সংখ্যক দেশত প্ৰভাৱ পেলাইছে এই ভাইৰাছে । গৱেষকসকলে দাবী জনায় যে, চৰিত্ৰ সলনি কৰাৰ ফলত কোনো এণ্টিব’ডিৰে প্ৰভাৱ পৰা নাই ভাইৰাছৰ ওপৰত ।
স্বাস্থ্য পৰিসেৱা বিষয়ৰ স’তে জড়িত সংস্থা ‘ফিউক্ৰুজ’এ এই তথ্য প্ৰকাশ কৰে । বিশেষজ্ঞসকলে পি১ ভাইৰাছৰ পৰিৱৰ্তিত চৰিত্ৰৰ বাবেই সম্প্ৰতি ব্ৰাজিলত পুনৰ সংক্ৰমণ বৃদ্ধি পোৱা বুলি মত প্ৰকাশ কৰে ।
গৱেষণাৰ স’তে জড়িত ফিলিপে নাভেকাই কয়, ‘দেখা গৈছে যে প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত তৈয়াৰ হোৱা এণ্টিব’ডিৰ পৰা হাত সাৰিবলৈ নিজৰ চৰিত্ৰ পৰিৱৰ্তন কৰিছে ভাইৰাছে । ইয়াৰ পূৰ্বেও পি১ কৰ’না ভাইৰাছে চৰিত্ৰ পৰিৱৰ্তন কৰিছিল । কিন্তু এইবাৰ ই অধিক ভয়ংকৰ হৈ উঠিছে । ভাইৰাছে সম্প্ৰতি ইয়াৰ চৰিত্ৰ পৰিৱৰ্তন কৰিয়ে আছে । সেয়ে ইয়াৰ বিৰুদ্ধে কোনো প্ৰতিষেধক কাৰ্যকৰী হয় নে নহয় তাক বুজা কঠিন হৈ পৰিছে ।’
গৱেষণাত পোৱা গৈছে যে, চৰিত্ৰ পৰিৱৰ্তন কৰাৰ পাছত এই ভাইৰাছ পূৰ্বতকৈ আঢ়ৈ গুণ বেছি সংক্ৰামক হৈ পৰিছে । ফলত দ্ৰুত হাৰত সংক্ৰমণ বৃদ্ধি পাইছে । অন্য দেশসমূহতো এই সংক্ৰমণ বিয়পি পৰাৰ আশংকা কৰা হৈছে । মংগলবাৰে ব্ৰাজিলৰ স’তে বিমান চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে ফ্ৰান্সে ।
গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি, এই নতুন ভাইৰাছত বেছিকৈ অল্পবয়সীসকল আক্ৰান্ত হৈছে । মাৰ্চৰ পৰা ব্ৰাজিলত আক্ৰান্তসকলৰ অধিক সংখ্যকেই ৪০ বছৰ বা তাৰ তলৰ ।
এই সন্দৰ্ভত বৈজ্ঞানিক এষ্টাৰ ছেবিন’ই কয়, ‘যিমানে ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাব তাৰ চৰিত্ৰও পৰিৱৰ্তন হ’ব । ব্ৰাজিলত সেইটোৱে হৈছে । ইয়াৰ ফলতেই পি১ ভাইৰাছ অধিক শক্তিশালী হৈ উঠিছে ।’





























