Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Growing Conflict Between The Centre And States:কেন্দ্ৰ আৰু ৰাজ্যৰ বৰ্ধিত সংঘাত

    Flagging Vande Bharat Express: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ

    Earthquake In Assam :পুৱাই ভূমিকম্প ৰাজ্যত, একেলগে অনুভূত হ’ল দুটাকৈ জোকাৰণি

    Jalukbari Accident: মাজনিশা জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

    Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন

    Chirang Police Drug & Child Marriage Awareness: বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতা অনুষ্ঠান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Pack Pain:কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Vitamin E Capsule For Skin And Hair : ছাল, চুলিৰ যত্নৰ বাহিৰেও ক’ত ব্যৱহাৰ হয় ভিটামিন ই ?

    Benefits of Matka water : মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান

    Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

Circus :চাৰ্কাছ

# প্রাঞ্জলসেন ডেকা

publisher by publisher
May 1, 2023
in Uncategorized
Reading Time: 4 mins read
0
Circus :চাৰ্কাছ
2
SHARES
18
VIEWS
ShareShareShareShare

Circus :চাৰ্কাছ

# প্রাঞ্জলসেন ডেকা

দেশত এতিয়া চৌদিশে চাৰ্কাছৰ প্রদর্শনেই চলিছে। দেশ আৰু দেশবাসীক ছুই যোৱা জ্বলন্ত বিষয়সমূহ লোকচক্ষুৰ পৰা আঁতৰ কৰাৰ লক্ষ্যৰে শীৰ্ষপদত অধিকাৰীসকলৰ পৰা আৰম্ভ কৰি নিম্ন পৰ্যায়ৰ নেতৃস্থানীয়সকললে সকলোৱে চাৰ্কাছ প্ৰদৰ্শনত নামি পৰিছে ।

ADVERTISEMENT

প্রধানমন্ত্ৰীৰ ‘মন কী বাত অনুষ্ঠানক লৈ সৃষ্টি কৰা পৰিৱেশেই ইয়াৰ উপযুক্ত উদাহৰণ। এগৰাকী ব্যক্তিৰ মনৰ কথা শুনাবলৈ যিদৰে সমগ্ৰ চৰকাৰী যন্ত্ৰক ব্যৱহাৰ কৰা হ’ল, সেয়া অভাৱনীয়। কাৰোবাৰ মনৰ কথা শুনাবলৈ যে এনে ধৰণেও চাপ সৃষ্টি কৰিব পাৰি, সেয়া বোধহয় ইয়াৰ আগলৈ দেশবাসীয়ে প্ৰত্যক্ষ কৰা নাছিল৷অথচ ‘মন কী বাত’ত ৰাইজৰ মাজত চৰ্চিত হৈ থকা বিষয়সমূহৰ কোনো উল্লেখ নহ’ল।

RelatedPosts

Assam Police:অসম আৰক্ষী কোন পথে?

karnataka Assembly Election:কর্ণাটকত কিহৰ ইংগিত ?

Opinion : আভ্যন্তৰীণ সংঘাতৰ বিড়ম্বনা

তেনেদৰেই অন্যান্য বহু গুৰুত্বপূৰ্ণ বিষয়কো এৰাই চলি অহা হৈছে। আদানী কাণ্ড, পুলবামাৰ সন্ত্ৰাসবাদী আক্রমণ, মহিলা মল্লযুঁজাৰুসকলৰ যৌন আতিশয্যৰ অভিযোগ, কৃষক আন্দোলন, দুৰ্নীতিৰ ক্ষেত্ৰত দুমুখীয়া স্থিতি আদিকে ধৰি বিষয়বোৰত কোনো প্রতিক্রিয়া আজি পর্যন্ত প্রকাশ কৰা নহ’ল।

অন্যান্য ৰাজনৈতিক দলৰ নেতাসকলৰ ভূমিকাও ইয়াতকৈ বিশেষ পৃথক নহয়। কেৱল ক্ষমতা দখলৰ লক্ষ্যৰেই যে দেশৰ ৰাজনীতিত চাকাৰ্ছ চলি আছে, সেয়া দেশবাসীৰ বোধগম্য নোহোৱাকৈ থকা নাই। ভিন্ন দলৰ নেতাসকলে ট্র্যাপিজত খেল প্ৰদৰ্শন কৰি ইটো দিশৰ পৰা সিটো দিশলৈ জাঁপ মাৰিছে। কেতিয়াবা দুই-এজন সৰকি পৰিলেও তলত থকা শক্তিশালী জালত আৱদ্ধ হৈ কোনো আঘাত নোপোৱাকৈ ৰৈ গৈছে। উপায়হীন সাধাৰণ ভোটাৰ ৰাইজে দৰ্শকৰ ৰূপত হাত চাপৰি বজাই স্বস্তিৰ নিশ্বাস কাঢ়িবলৈ বাধ্য হৈছে।

কেবল যে ৰাজনৈতিক ক্ষেত্ৰতে এনে দৃশ্য পৰিলক্ষিত হৈছে সি নহয় । এতিয়াও যথেষ্ট সংখ্যক নাগৰিকৰ আস্থা আৰু ভৰসাৰ স্থলী ন্যায়পালিকাও সময়ে সময়ে এনে চাৰ্কাছৰ অংশীদাৰ হৈছে। একেদৰেই বৌদ্ধিক, সাংস্কৃতিক, সংবাদ মাধ্যম, ক্রীড়াক্ষেত্র আদিও চাৰ্কাছ প্ৰদৰ্শনত নামি পৰিছে। প্ৰতিদিনেই এনে ধৰণৰ নিত্য নতুন চাৰ্কাছৰ পয়োভৰত ইতিমধ্যে ভাৰতত প্ৰকৃত চাৰ্কাছৰ আমেজ হেৰাই গৈছে। কিন্তু যোৱা দেওবাৰে এম ভি (মূৰকোথ ভেংগাকান্দি) শংকৰনে ৯৯ বছৰত শেষ নিশ্বাস ত্যাগ কৰাৰ পাছতে এই অভিনৱ পৰিবেশ্য কলাৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে।

ট্র্যাপিজ খেলুৱৈৰ পৰা চাৰ্কাছৰ গৰাকীত পৰিণত হোৱা শংকৰন আছিল ভাৰতীয় চাৰ্কাছ উদ্যোগৰ এক কিংবদন্তি স্বৰূপ ব্যক্তিত্ব। ১৯৫১ ত এজন সহযোগীৰ স’তে সুবিখ্যাত জেমিনি চাৰ্কাছ প্রতিষ্ঠা কৰাৰ পাছৰে পৰা তেওঁ জেমিনি শংকৰন নামেৰেহে অধিক জনপ্ৰিয় হৈ পৰে।

জেমিনি শংকৰন প্ৰমুখ্যে কিছুসংখ্যক লোকৰ দুঃসাহসিক প্ৰচেষ্টাৰ ফলত ভাৰতীয় চাৰ্কাছ উদ্যোগে সাফল্যৰ শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হয় যদিও ইয়াৰ ইতিহাস কিন্তু তেনেই নতুন নহয়। পুৰণি কালতো ভাৰত ভূখণ্ডত চাৰ্কাছৰ সদৃশ কিছু ক্রীড়া কৌশল প্ৰদৰ্শনৰ প্ৰচলন আছিল যদিও ভাৰতত ১৮৮0 ৰ পাছতহে প্ৰথমবাৰলৈ চাৰ্কাছে ভুমুকি মাৰে। এই দেশত চাৰ্কাছৰ জন্মকাহিনী যথেষ্ট আমোদজনক।

সেই সময়ত বৰ্তমানৰ মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ কুৰুন্দৱাড় নামৰ ৰাজ্যখনৰ ৰজা আছিল বালাচাহেব পট্টৱৰ্ধন। ৰজাৰ আস্তাৱলৰ তত্ত্বাবধায়ক আছিল বিষ্ণুপত্ত চাত্ৰে নামৰ এজন লোক। নিজে এজন দক্ষ অশ্বাৰোহী চাত্ৰেই ৰজাৰ ঘোঁৰাবিলাকক প্ৰশিক্ষণো প্ৰদান কৰিছিল। সেই সময়তে ১৮৭৯ত জিচেপি চিত্ৰ চিঅ’ৰিনিৰ ৰয়েল ইটালীয়ান চাকাছে ভাৰতত চাৰ্কাছ প্ৰদৰ্শন কৰি আছিল।

বোম্বে (এতিয়াৰ মুম্বাই)ত চিঅ’ৰিনিৰ চাৰ্কাছ উপভোগ কৰিবলৈ কুৰুন্দৱাড়ৰ ৰজাও উপস্থিত হৈছিল। তেওঁৰ লগত আছিল চাত্রেও। চাৰ্কাছৰ প্ৰতিটো প্ৰদৰ্শনী আৰম্ভ হোৱাৰ আগতে চিঅ’ৰিনিয়ে দৰ্শকক উদ্দেশ্যি কয় যে ভাৰতত এখনো চাৰ্কাছ নাই আৰু ইয়াক গঢ়ি তুলিবলৈ বহু বছৰ অপেক্ষা কৰিব লাগিব।

তেওঁ লগতে মুকলি প্ৰত্যাহ্বান জনাই ঘোষণা কৰে যে তেওঁ প্ৰদৰ্শন কৰা দুঃসাহসিক কৌশলসমূহ যদি ছমাহৰ ভিতৰত কোনোবাই কৰি দেখুৱাব পাৰে, তেন্তে তেওঁ এহেজাৰ টকা আৰু এটা ঘোঁৰা উপহাৰ দিব। অতি সুদক্ষ অশ্বাৰোহী চিঅ’ৰিনিৰ কলা-কৌশল দেখি ৰজাৰ লগতে চাত্ৰেও মুগ্ধ হৈ পৰে; কিন্তু চিঅ’ৰিনিৰ ভাষ্যই চাত্ৰেৰ মনতো এক জেদৰ মনোভাৱ গঢ়ি তোলে।

বিদেশী চাৰ্কাছ কোম্পানীৰ গৰাকীজনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি চাত্রেই ঘোষণা কৰে যে তিনিমাহৰ ভিতৰত কুৰুন্দৱাড়ত তেওঁ একেখিনি কলা-কৌশল প্ৰদৰ্শন কৰিব। ব্যৰ্থ হ’লে তেওঁ চিঅ’ৰিনিক ১০ হেজাৰ টকাৰ লগতে ১০টা উন্নত জাতৰ ঘোঁৰা প্ৰদান কৰিব।

সেই মতে ১৮৮০ৰ ২০ মাৰ্চত চাত্রেই কুৰুন্দৱাড়ত ৰাজমহলৰ খেলপথাৰত নিজৰ চাৰ্কাছ প্ৰদৰ্শন কৰিবলৈ আহে; কিন্তু সেই সময়ত কলকাতাত নিজৰ চাৰ্কাছ প্ৰদৰ্শনৰ পাছত স্বদেশলৈ উভতিবলৈ ধন যোগাৰ কৰাটো সম্ভৱ হ’ব নে তাকে লৈ চিঅ’ৰিনিৰ গভীৰ দুশ্চিন্তাত পৰে। সেই বাবে চাত্ৰেৰ চাৰ্কাছ চাবলৈ তেওঁ উপস্থিত হ’ব নোৱাৰিলে। ইতিমধ্যে নিজৰ এটা চাৰ্কাছ কোম্পানী খুলিবলৈ চাত্রে দৃঢ়প্রতিজ্ঞ হয়।

তেওঁ বিত্তীয় সংকটত ভুগি থকা চিঅ’ৰিনিৰ পৰা ৰয়েল ইটালীয়ান চাৰ্কাছৰ অধিকাংশ প্রয়োজনীয় সামগ্রী কিনি লয়। তেওঁৰ এই অভিযানত ৰজা পট্টৱৰ্ধনেও সাহায্য আগবঢ়ায়। তাৰ এবছৰৰ ভিতৰতে চাত্রেই গ্রেট ইণ্ডিয়ান চাৰ্কাছ খুলি বিভিন্ন স্থানত চাৰ্কাছ প্ৰদৰ্শন আৰম্ভ কৰে। এই চাৰ্কাছত চাত্রেই নিজে প্রধান অশ্বাৰোহীৰূপে ক্রীড়া কৌশল প্ৰদৰ্শন কৰাৰ বিপৰীতে তেওঁৰ পত্নীয়ে ট্র্যাপিজ খেলুৱৈৰ লগতে জীৱ-জন্তুৰ প্রশিক্ষকৰ ভূমিকাতো অৱতীৰ্ণ হয়।

উত্তৰ ভাৰতৰ বিভিন্ন ঠাইত, আনকি চিঅ’ৰিনিৰ ৰয়েল ইটালীয়ান চাকাছে বোম্বেত প্ৰদৰ্শন কৰা স্থানতো চাত্রেই চাৰ্কাছ প্ৰদৰ্শন কৰে। তাৰ পাছত তেওঁ ক্ৰমশঃ দাক্ষিণাত্যৰ বিভিন্ন স্থানত চাৰ্কাছ প্ৰদৰ্শন কৰি শ্রীলংকালৈকো যায়। ১৮৮৪ৰ পৰা তেওঁ ছিংগাপুৰ, কুৱালালামপুৰ, জাকাৰ্টা, জাপান আদিতো চাৰ্কাছ প্ৰদৰ্শন কৰি আহে।

ইয়াৰ পৰৱৰ্তী অভিযানৰূপে চাত্ৰেই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাত্ৰা কৰে যদিও সেই দেশৰ চাৰ্কাছৰ বিশাল ৰূপ আৰু উন্নত কলা-কৌশল দেখি সেই যাত্ৰাৰ সিমানতে সামৰণি মাৰি স্বদেশলৈ উভতি আহে। পাছত চাত্ৰেই তেওঁৰ সম্পৰ্কীয় ভ্রাতৃৰ সাতে গ্রেট ইণ্ডিয়ান চাৰ্কাছক চামিল কৰি কালেকাৰ গ্ৰেণ্ড চাৰ্কাছ নামেৰে এটি নতুন কোম্পানী গঠন কৰে। এই চাৰ্কাছ কোম্পানী ১৯৩৫ লৈ সক্ৰিয় হৈ থাকে।

কলকাতাতো চিঅ’ৰিনিৰ চাৰ্কাছ প্ৰদৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হৈ ১৮৮৭ ত প্রিয়নাথ বসু নামৰ এজনে গ্রেট বেংগল চাৰ্কাছ নামৰ কোম্পানী খুলি ভাৰতৰ বিভিন্ন স্থানৰ লগতে দক্ষিণ-পূব এছিয়াৰ কিছু কিছু স্থানত চাৰ্কাছ প্ৰদৰ্শন কৰিবলৈ লয়। এনেদৰেই ভাৰতত চাৰ্কাছৰ জয়যাত্ৰা আৰম্ভ হয়।

অকল সেয়ে নহয়, গ্রেট ইণ্ডিয়ান চার্কাছে কেৰালাৰ খেলাছেৰীত ১৮৮৮ত প্ৰদৰ্শন কৰাৰ সময়ত চাত্রেই তাত এজন পৰম্পৰাগত সমৰকলা আৰু জিমনাষ্টিকছৰ প্ৰশিক্ষক কীলেৰি কুনহিকাননক লগ পায়। চাত্ৰেই তেওঁক নিজৰ চাৰ্কাছ কোম্পানীৰ বাবে খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদানৰ দায়িত্ব অর্পণ কৰে। কুনহিকাননে ১৯০১ত কোলাম চহৰৰ ওচৰত অল ইণ্ডিয়া চাৰ্কাছ ট্ৰেইনিং হল নামেৰে এখন চাৰ্কাছ প্ৰশিক্ষণ স্কুল প্রতিষ্ঠা কৰে।

এই স্কুলৰ পৰাই বহুকেইজন অতি দক্ষ চাৰ্কাছ খেলুৱৈয়ে জন্মলাভ কৰে। পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ নেতৃত্বত কে’বাখনো চাৰ্কাছ গঢ় লৈ উঠে। কুনহিকাননৰ কেবাজনো শিষ্যই আনকি আমেৰিকা আৰু ইউৰোপৰ চাৰ্কাছতো তাৰকা খেলুৱৈৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়। সেইবাবে কুনহিকাননক ভাৰতীয় চাৰ্কাছৰ পিতৃপুৰুষ আখ্যা দিয়া হয় । পাছত কোলা চৰকাৰেও এখন চাৰ্কাছ একাডেমী প্রতিষ্ঠা কৰে, যিখন দেশৰ প্ৰথমখন এনে প্রতিষ্ঠান।

এই কুনহিকাননৰ পৰাই প্ৰশিক্ষণ গ্রহণ কৰিছিল জেমিনি শংকৰনে। অৱশ্যে প্ৰথম অৱস্থাত তেওঁ চাৰ্কাছত যোগদান কৰা নাছিল। তাৰ পৰিৱৰ্তে গেলামালৰ দোকান খুলি জীৱিকা আৰম্ভ কৰিছিল যদিও বৃহৎ লোকচানৰ সন্মুখীন হৈ দোকানখন বন্ধ কৰিবলগীয়া হয়। পাছত ১৯৪২ত তেওঁ সেনাবাহিনীত যোগদান কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত শংকৰনে কলকাতাত সেনাবাহিনীৰ ৰেডিঅ’ অপাৰেটৰূপে কাৰ্যনিৰ্বাহ কৰে।

যুদ্ধৰ পাছত তেওঁ ঘৰলৈ উভতি আহি পুনৰ চাৰ্কাছৰ প্রশিক্ষণ লয়। দুবছৰ পাছত ১৯৪৮ ত শংকৰনে কলকাতাৰ এটি চাৰ্কাছ কোম্পানীত ট্র্যাপিজ শিল্পীৰূপে তিনিশ টকা দৰমহাত যোগদান কৰে। অৱশ্যে তেওঁ তাতকৈ ডাঙৰ কিবা এটা কৰিবলৈ অনবৰতে চেষ্টা অব্যাহত ৰাখে।

এইদৰে কিছু বছৰ পাছত মহাৰাষ্ট্ৰত বিজয়া চাৰ্কাছ ক্ৰয় কৰে ছহেজাৰ টকাত। তেওঁৰ ৰাশি আছিল জেমিনি আৰু তাকেই অনুসৰণ কৰি চাৰ্কাছখনৰো নাম জেমিনি চাৰ্কাছ ৰাখে। ১৯৫১ৰ ১৫ আগষ্টত গুজৰাটত তেওঁৰ জেমিনি চাৰ্কাছৰ প্ৰথম প্ৰদৰ্শনী অনুষ্ঠিত হয়। তেতিয়া শংকৰনৰ বয়স মাত্র ২৭ বছৰ।

দেশে স্বাধীনতা লাভ কৰাৰ লগে লগে বিভিন্ন অঞ্চলত থকা ৰাজশাসনৰ অন্ত পৰে। এনে বহু ৰাজপৰিয়ালৰ পৰা শংকৰনে হাতী, বাঘ, সিংহ আদি জন্তুসমূহ ক্ৰয় কৰে। কিছুসংখ্যক পৰিয়ালে সেইবোৰ তেওঁক দানস্বৰূপেও আগবঢ়ায়। এনেদৰেই জেমিনি চাৰ্কাছৰ পৰিসৰ বৃদ্ধি কৰি যায়। ১৯৬৪ ত তেতিয়াৰ ছোভিয়েট ৰাছিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চাৰ্কাছ মহোৎসৱত জেমিনিয়ে অংশগ্ৰহণ কৰে। এই যাত্ৰাত মস্কোকে ধৰি কেবাখনো চহৰত চাৰ্কাছ প্ৰদৰ্শন কৰে।

পৰৱৰ্তী সময়ত আন কে’বাখনো দেশত জেমিনি চাৰ্কাছৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। এই সময়ছোৱাতে ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, মোৰাৰজী দেশাই আদিৰ লগতে তেওঁ ভ্ৰমণ কৰা কে’বাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ দ্বাৰা । সম্মানিত হয়। আনকি লর্ড মাউন্টবেটেন পৰিয়াল আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আদিৰ স’তেও তেওঁৰ সম্পৰ্ক গঢ় লৈ উঠে। ১৯৭৭ত জেমিনি দেশৰ সৰ্ববৃহৎ চাৰ্কাছত পৰিণত হয়। সেই বছৰৰে গান্ধী জয়ন্তীত তেওঁ জাম্বো চাৰ্কাছ নামেৰে দ্বিতীয়টো কোম্পানী প্ৰতিষ্ঠা কৰে।

এই সময়ছোৱাত ৪০টা সিংহ, ২০টা হাতী, ১৫টা বাঘ, ৩০টা ঘোঁৰা, ছটা উট, তিনিটাকৈ ভালুক আৰু জেব্রা, দুটা সামুদ্রিক সিংহৰ উপৰি বৃহৎসংখ্যক অন্যান্য জীৱ-জন্তু আৰু চৰাই-চিৰিকটিয়ে জেমিনি শংকৰনৰ । চাৰ্কাছত বিভিন্ন খেল প্ৰদৰ্শন কৰিছিল। ইয়াৰে কে’বাবিধো জীৱ-জন্তু তেওঁ বিদেশৰ পৰাও ক্ৰয় কৰিছিল। এনেদৰেই শংকৰনে ভাৰতীয় চাৰ্কাছক সমগ্ৰ বিশ্বত পৰিচয় কৰাই দি নিজে এক জীৱন্ত কিংবদন্তিত পৰিণত হয়।

১৯ শতিকাৰ অন্তিম ভাগৰ পৰাই ভাৰতত চাকাছে যথেষ্ট জনপ্রিয়তা অর্জন কৰে। সমাজৰ সকলো বয়সৰ লোকৰ বাবে ই মনোৰঞ্জনৰ এক অতি জনপ্ৰিয় মাধ্যম হৈ পৰে। বিভিন্ন ধৰণৰ শিল্পী, খেলুৱৈ, জোকাৰ, জীৱ-জন্তু, নৃত্য বিশাৰদ, সংগীত শিল্পী আদিৰ বিশাল দল লৈ দেশৰ প্ৰতিটো প্ৰান্তত চাৰ্কাছ কোম্পানীসমূহে নিজৰ কলা-কৌশল প্ৰদৰ্শন কৰি আহিছে; কিন্তু সম্প্রতি এই অতি জনপ্ৰিয় কলাৰ মাধ্যম চাৰ্কাছ অদৃশ্য হৈ পৰাৰ উপক্ৰম হৈছে।

দেশত তিনি শতাধিক বৃহৎ আৰু মজলীয়া চাৰ্কাছ কোম্পানী সক্ৰিয় হৈ আছিল যদিও আজি তেনেই নগণ্য সংখ্যকহে কোনোমতে জীয়াই আছে। ইয়াৰ অন্যতম প্ৰধান কাৰণ হৈছে, টিভি তথা ইণ্টাৰনেটৰ বহুল প্ৰচাৰৰ দ্বাৰা যিকোনো লোকেই যিকোনো ধৰণৰ মনোৰঞ্জন লাভৰ সুযোগ পোৱাটো। আনহাতে, চাৰ্কাছ কোম্পানীসমূহ পাৰিবাৰিকভাৱে পৰিচালিত হৈ আহিছে আৰু ইয়াৰ মূল কৌশলসমূহ মাত্ৰ কেইজনমান লোকৰ কুক্ষিগত হৈ আছে।

ফলস্বৰূপে এই উদ্যোগত নতুন লোকৰ আগমন নাই বুলিলেই চলে। তদুপৰি চাৰ্কাছ কোম্পানীসমূহ পৰিচালনাত নতুন প্ৰজন্মৰ অনীহা এই ক্ষেত্ৰত এক ডাঙৰ হেঙাৰস্বৰূপ হৈ পৰে। ভাৰতীয় চাৰ্কাছৰ দুৰ্দশাৰ আন এক গুৰুত্বপূৰ্ণ কাৰণ হৈছে, অন্যান্য উদ্যোগ বাণিজ্যৰ দৰে ১৪ বছৰৰ তলৰ শিশুক ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ ।

পূৰ্বতে ১০ বছৰমানৰ পৰাই শিশুসকলক চাৰ্কাছত প্ৰশিক্ষণ আৰু প্ৰদৰ্শনত জড়িত কৰা হৈছিল; কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ২০১১ৰ পৰা ১৪ বছৰৰ তলৰ শিশুৰ অংশগ্রহণ নিষিদ্ধ হৈ পৰাত চাৰ্কাছ কোম্পানীসমূহ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ উপৰি বাণিজ্যিক মনোৰঞ্জনৰ বাবে বন্যপ্ৰাণীক আবদ্ধ কৰি ৰাখি ব্যৱহাৰ কৰা কাৰ্য চৰকাৰে নিষিদ্ধ কৰাত চাৰ্কাছ কোম্পানীসমূহে আন এক গভীৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

কিয়নো বিভিন্ন প্রশিক্ষিত জীৱ-জন্তুৰ দ্বাৰা ক্ৰীড়া প্ৰদৰ্শন চাৰ্কাছৰ অন্যতম আকর্ষণীয় উপাদান। এয়া নিষিদ্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত চাৰ্কাছসমূহে দৰ্শকৰ আগ্ৰহ হেৰুৱাই পেলায়। আন দুটি কাৰণ হৈছে, চাৰ্কাছক বিপজ্জনক ক্রীড়া বুলি গণ্য কৰা হেতুকে সাধাৰণতে কোনো পৰিয়ালে নিজৰ সন্তানক ইয়াত জড়িত কৰাবলৈ ইচ্ছুক নহয়।

তদুপৰি ইয়াত যিহেতু শাৰীৰিক সক্ষমতাৰ প্ৰশ্ন জড়িত থাকে, সেয়েহে চাৰ্কাছৰ শিল্পী-খেলুৱৈসকলে সাধাৰণতে ৪০ বছৰ বয়সতে অৱসৰ গ্ৰহণ কৰিবলগীয়া হয়। ফলস্বৰূপে পৰৱৰ্তী সময়ত তেওঁলোকে উপযুক্ত সংস্থাপন আৰু আৰ্থিক দৈন্যত ভুগিবলগীয়া হয়। এইদৰেই চাৰ্কাছ কোম্পানীসমূহে ক্রমশঃ উপযুক্ত মানৱ সম্পদৰ অভাৱত ভুগিবলগীয়া হয়। সেয়েহে এটাৰ পাছত আন এটা কাৰণত ভাৰতীয় চাৰ্কাছ সম্প্রতি এক মৃত্যুমুখী উদ্যোগত পৰিণত হৈছে।

তথাপি ইয়াক লৈ মূৰ ঘমোৱাৰ প্ৰয়োজন কোনেও অনুভৱ কৰা নাই; কিয়নো দেশত সম্প্ৰতি চাৰ্কাছৰ পেণ্ডেলৰ বাহিৰে সকলোতে চাৰ্কাছৰ মনোৰঞ্জন উপলব্ধ হৈ পৰিছে। অৱশ্যে আশাৰ বতৰা যে এইবাৰ চলিত ব’হাগৰ অনুষ্ঠানত জুবিন গাৰ্গে চাৰ্কাছ দেখুওৱা নাই। সুদীৰ্ঘ সময়ৰ পাছত জুবিনৰ অগণন গুণমুগ্ধৰ বাবে ইয়াতকৈ সুখবৰ আৰু কি হ’ব পাৰে !

ফোন:৯৪৩৫০১০৬৭৩

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: ArticlesCircuspranjal sen deka
publisher

publisher

Related Posts

Kharghuli PipeLine Blast Update:ক্ষতিগ্ৰস্ত লোকক প্ৰয়োজনীয় সকলো ব্যৱস্থা নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নির্দেশ
Assam

May 27, 2023
Pm Modi :মোদীৰ নেতৃত্বত বৃদ্ধি পাইছে দেশৰ সন্মান, এনডিটিভিৰ সমীক্ষাত মত ৬৩ শতাংশ লোকৰ
India

May 26, 2023
NFSU Guwahati Campus:ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদৰ আধাৰশিলা স্থাপন

May 25, 2023
Dibrugarh Iit Student Body :খৰগপুৰ আই আই টিৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ মানৱ অৱশেষ আজি বিমানেৰে কলকাতালৈ

May 24, 2023
Major Reshuffle In Nagaon Police:জোনমণি ৰাভাৰ মৃত্যু ৰহস্যৰ আৱৰ্তত সোমাই পৰাৰ মাজতে নগাঁও আৰক্ষীত বৃহৎ ৰদবদল

May 18, 2023
Karnataka Election Result 2023 : কৰ্ণাটকত কংগ্ৰেছৰ অপ্ৰতিৰোধ্য ,একক সংখ্যাগৰিষ্ঠতা লাভৰ দিশে কংগ্ৰেছ

May 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: