Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Circus :চাৰ্কাছ

# প্রাঞ্জলসেন ডেকা

publisher by publisher
May 1, 2023
in Uncategorized
Reading Time: 4 mins read
0
Circus :চাৰ্কাছ
3
SHARES
25
VIEWS
ShareShareShareShare

Circus :চাৰ্কাছ

# প্রাঞ্জলসেন ডেকা

দেশত এতিয়া চৌদিশে চাৰ্কাছৰ প্রদর্শনেই চলিছে। দেশ আৰু দেশবাসীক ছুই যোৱা জ্বলন্ত বিষয়সমূহ লোকচক্ষুৰ পৰা আঁতৰ কৰাৰ লক্ষ্যৰে শীৰ্ষপদত অধিকাৰীসকলৰ পৰা আৰম্ভ কৰি নিম্ন পৰ্যায়ৰ নেতৃস্থানীয়সকললে সকলোৱে চাৰ্কাছ প্ৰদৰ্শনত নামি পৰিছে ।

ADVERTISEMENT

প্রধানমন্ত্ৰীৰ ‘মন কী বাত অনুষ্ঠানক লৈ সৃষ্টি কৰা পৰিৱেশেই ইয়াৰ উপযুক্ত উদাহৰণ। এগৰাকী ব্যক্তিৰ মনৰ কথা শুনাবলৈ যিদৰে সমগ্ৰ চৰকাৰী যন্ত্ৰক ব্যৱহাৰ কৰা হ’ল, সেয়া অভাৱনীয়। কাৰোবাৰ মনৰ কথা শুনাবলৈ যে এনে ধৰণেও চাপ সৃষ্টি কৰিব পাৰি, সেয়া বোধহয় ইয়াৰ আগলৈ দেশবাসীয়ে প্ৰত্যক্ষ কৰা নাছিল৷অথচ ‘মন কী বাত’ত ৰাইজৰ মাজত চৰ্চিত হৈ থকা বিষয়সমূহৰ কোনো উল্লেখ নহ’ল।

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

দৃষ্টিপাত: কনকসেন ডেকা

তেনেদৰেই অন্যান্য বহু গুৰুত্বপূৰ্ণ বিষয়কো এৰাই চলি অহা হৈছে। আদানী কাণ্ড, পুলবামাৰ সন্ত্ৰাসবাদী আক্রমণ, মহিলা মল্লযুঁজাৰুসকলৰ যৌন আতিশয্যৰ অভিযোগ, কৃষক আন্দোলন, দুৰ্নীতিৰ ক্ষেত্ৰত দুমুখীয়া স্থিতি আদিকে ধৰি বিষয়বোৰত কোনো প্রতিক্রিয়া আজি পর্যন্ত প্রকাশ কৰা নহ’ল।

অন্যান্য ৰাজনৈতিক দলৰ নেতাসকলৰ ভূমিকাও ইয়াতকৈ বিশেষ পৃথক নহয়। কেৱল ক্ষমতা দখলৰ লক্ষ্যৰেই যে দেশৰ ৰাজনীতিত চাকাৰ্ছ চলি আছে, সেয়া দেশবাসীৰ বোধগম্য নোহোৱাকৈ থকা নাই। ভিন্ন দলৰ নেতাসকলে ট্র্যাপিজত খেল প্ৰদৰ্শন কৰি ইটো দিশৰ পৰা সিটো দিশলৈ জাঁপ মাৰিছে। কেতিয়াবা দুই-এজন সৰকি পৰিলেও তলত থকা শক্তিশালী জালত আৱদ্ধ হৈ কোনো আঘাত নোপোৱাকৈ ৰৈ গৈছে। উপায়হীন সাধাৰণ ভোটাৰ ৰাইজে দৰ্শকৰ ৰূপত হাত চাপৰি বজাই স্বস্তিৰ নিশ্বাস কাঢ়িবলৈ বাধ্য হৈছে।

কেবল যে ৰাজনৈতিক ক্ষেত্ৰতে এনে দৃশ্য পৰিলক্ষিত হৈছে সি নহয় । এতিয়াও যথেষ্ট সংখ্যক নাগৰিকৰ আস্থা আৰু ভৰসাৰ স্থলী ন্যায়পালিকাও সময়ে সময়ে এনে চাৰ্কাছৰ অংশীদাৰ হৈছে। একেদৰেই বৌদ্ধিক, সাংস্কৃতিক, সংবাদ মাধ্যম, ক্রীড়াক্ষেত্র আদিও চাৰ্কাছ প্ৰদৰ্শনত নামি পৰিছে। প্ৰতিদিনেই এনে ধৰণৰ নিত্য নতুন চাৰ্কাছৰ পয়োভৰত ইতিমধ্যে ভাৰতত প্ৰকৃত চাৰ্কাছৰ আমেজ হেৰাই গৈছে। কিন্তু যোৱা দেওবাৰে এম ভি (মূৰকোথ ভেংগাকান্দি) শংকৰনে ৯৯ বছৰত শেষ নিশ্বাস ত্যাগ কৰাৰ পাছতে এই অভিনৱ পৰিবেশ্য কলাৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে।

ট্র্যাপিজ খেলুৱৈৰ পৰা চাৰ্কাছৰ গৰাকীত পৰিণত হোৱা শংকৰন আছিল ভাৰতীয় চাৰ্কাছ উদ্যোগৰ এক কিংবদন্তি স্বৰূপ ব্যক্তিত্ব। ১৯৫১ ত এজন সহযোগীৰ স’তে সুবিখ্যাত জেমিনি চাৰ্কাছ প্রতিষ্ঠা কৰাৰ পাছৰে পৰা তেওঁ জেমিনি শংকৰন নামেৰেহে অধিক জনপ্ৰিয় হৈ পৰে।

জেমিনি শংকৰন প্ৰমুখ্যে কিছুসংখ্যক লোকৰ দুঃসাহসিক প্ৰচেষ্টাৰ ফলত ভাৰতীয় চাৰ্কাছ উদ্যোগে সাফল্যৰ শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হয় যদিও ইয়াৰ ইতিহাস কিন্তু তেনেই নতুন নহয়। পুৰণি কালতো ভাৰত ভূখণ্ডত চাৰ্কাছৰ সদৃশ কিছু ক্রীড়া কৌশল প্ৰদৰ্শনৰ প্ৰচলন আছিল যদিও ভাৰতত ১৮৮0 ৰ পাছতহে প্ৰথমবাৰলৈ চাৰ্কাছে ভুমুকি মাৰে। এই দেশত চাৰ্কাছৰ জন্মকাহিনী যথেষ্ট আমোদজনক।

সেই সময়ত বৰ্তমানৰ মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ কুৰুন্দৱাড় নামৰ ৰাজ্যখনৰ ৰজা আছিল বালাচাহেব পট্টৱৰ্ধন। ৰজাৰ আস্তাৱলৰ তত্ত্বাবধায়ক আছিল বিষ্ণুপত্ত চাত্ৰে নামৰ এজন লোক। নিজে এজন দক্ষ অশ্বাৰোহী চাত্ৰেই ৰজাৰ ঘোঁৰাবিলাকক প্ৰশিক্ষণো প্ৰদান কৰিছিল। সেই সময়তে ১৮৭৯ত জিচেপি চিত্ৰ চিঅ’ৰিনিৰ ৰয়েল ইটালীয়ান চাকাছে ভাৰতত চাৰ্কাছ প্ৰদৰ্শন কৰি আছিল।

বোম্বে (এতিয়াৰ মুম্বাই)ত চিঅ’ৰিনিৰ চাৰ্কাছ উপভোগ কৰিবলৈ কুৰুন্দৱাড়ৰ ৰজাও উপস্থিত হৈছিল। তেওঁৰ লগত আছিল চাত্রেও। চাৰ্কাছৰ প্ৰতিটো প্ৰদৰ্শনী আৰম্ভ হোৱাৰ আগতে চিঅ’ৰিনিয়ে দৰ্শকক উদ্দেশ্যি কয় যে ভাৰতত এখনো চাৰ্কাছ নাই আৰু ইয়াক গঢ়ি তুলিবলৈ বহু বছৰ অপেক্ষা কৰিব লাগিব।

তেওঁ লগতে মুকলি প্ৰত্যাহ্বান জনাই ঘোষণা কৰে যে তেওঁ প্ৰদৰ্শন কৰা দুঃসাহসিক কৌশলসমূহ যদি ছমাহৰ ভিতৰত কোনোবাই কৰি দেখুৱাব পাৰে, তেন্তে তেওঁ এহেজাৰ টকা আৰু এটা ঘোঁৰা উপহাৰ দিব। অতি সুদক্ষ অশ্বাৰোহী চিঅ’ৰিনিৰ কলা-কৌশল দেখি ৰজাৰ লগতে চাত্ৰেও মুগ্ধ হৈ পৰে; কিন্তু চিঅ’ৰিনিৰ ভাষ্যই চাত্ৰেৰ মনতো এক জেদৰ মনোভাৱ গঢ়ি তোলে।

বিদেশী চাৰ্কাছ কোম্পানীৰ গৰাকীজনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি চাত্রেই ঘোষণা কৰে যে তিনিমাহৰ ভিতৰত কুৰুন্দৱাড়ত তেওঁ একেখিনি কলা-কৌশল প্ৰদৰ্শন কৰিব। ব্যৰ্থ হ’লে তেওঁ চিঅ’ৰিনিক ১০ হেজাৰ টকাৰ লগতে ১০টা উন্নত জাতৰ ঘোঁৰা প্ৰদান কৰিব।

সেই মতে ১৮৮০ৰ ২০ মাৰ্চত চাত্রেই কুৰুন্দৱাড়ত ৰাজমহলৰ খেলপথাৰত নিজৰ চাৰ্কাছ প্ৰদৰ্শন কৰিবলৈ আহে; কিন্তু সেই সময়ত কলকাতাত নিজৰ চাৰ্কাছ প্ৰদৰ্শনৰ পাছত স্বদেশলৈ উভতিবলৈ ধন যোগাৰ কৰাটো সম্ভৱ হ’ব নে তাকে লৈ চিঅ’ৰিনিৰ গভীৰ দুশ্চিন্তাত পৰে। সেই বাবে চাত্ৰেৰ চাৰ্কাছ চাবলৈ তেওঁ উপস্থিত হ’ব নোৱাৰিলে। ইতিমধ্যে নিজৰ এটা চাৰ্কাছ কোম্পানী খুলিবলৈ চাত্রে দৃঢ়প্রতিজ্ঞ হয়।

তেওঁ বিত্তীয় সংকটত ভুগি থকা চিঅ’ৰিনিৰ পৰা ৰয়েল ইটালীয়ান চাৰ্কাছৰ অধিকাংশ প্রয়োজনীয় সামগ্রী কিনি লয়। তেওঁৰ এই অভিযানত ৰজা পট্টৱৰ্ধনেও সাহায্য আগবঢ়ায়। তাৰ এবছৰৰ ভিতৰতে চাত্রেই গ্রেট ইণ্ডিয়ান চাৰ্কাছ খুলি বিভিন্ন স্থানত চাৰ্কাছ প্ৰদৰ্শন আৰম্ভ কৰে। এই চাৰ্কাছত চাত্রেই নিজে প্রধান অশ্বাৰোহীৰূপে ক্রীড়া কৌশল প্ৰদৰ্শন কৰাৰ বিপৰীতে তেওঁৰ পত্নীয়ে ট্র্যাপিজ খেলুৱৈৰ লগতে জীৱ-জন্তুৰ প্রশিক্ষকৰ ভূমিকাতো অৱতীৰ্ণ হয়।

উত্তৰ ভাৰতৰ বিভিন্ন ঠাইত, আনকি চিঅ’ৰিনিৰ ৰয়েল ইটালীয়ান চাকাছে বোম্বেত প্ৰদৰ্শন কৰা স্থানতো চাত্রেই চাৰ্কাছ প্ৰদৰ্শন কৰে। তাৰ পাছত তেওঁ ক্ৰমশঃ দাক্ষিণাত্যৰ বিভিন্ন স্থানত চাৰ্কাছ প্ৰদৰ্শন কৰি শ্রীলংকালৈকো যায়। ১৮৮৪ৰ পৰা তেওঁ ছিংগাপুৰ, কুৱালালামপুৰ, জাকাৰ্টা, জাপান আদিতো চাৰ্কাছ প্ৰদৰ্শন কৰি আহে।

ইয়াৰ পৰৱৰ্তী অভিযানৰূপে চাত্ৰেই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাত্ৰা কৰে যদিও সেই দেশৰ চাৰ্কাছৰ বিশাল ৰূপ আৰু উন্নত কলা-কৌশল দেখি সেই যাত্ৰাৰ সিমানতে সামৰণি মাৰি স্বদেশলৈ উভতি আহে। পাছত চাত্ৰেই তেওঁৰ সম্পৰ্কীয় ভ্রাতৃৰ সাতে গ্রেট ইণ্ডিয়ান চাৰ্কাছক চামিল কৰি কালেকাৰ গ্ৰেণ্ড চাৰ্কাছ নামেৰে এটি নতুন কোম্পানী গঠন কৰে। এই চাৰ্কাছ কোম্পানী ১৯৩৫ লৈ সক্ৰিয় হৈ থাকে।

কলকাতাতো চিঅ’ৰিনিৰ চাৰ্কাছ প্ৰদৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হৈ ১৮৮৭ ত প্রিয়নাথ বসু নামৰ এজনে গ্রেট বেংগল চাৰ্কাছ নামৰ কোম্পানী খুলি ভাৰতৰ বিভিন্ন স্থানৰ লগতে দক্ষিণ-পূব এছিয়াৰ কিছু কিছু স্থানত চাৰ্কাছ প্ৰদৰ্শন কৰিবলৈ লয়। এনেদৰেই ভাৰতত চাৰ্কাছৰ জয়যাত্ৰা আৰম্ভ হয়।

অকল সেয়ে নহয়, গ্রেট ইণ্ডিয়ান চার্কাছে কেৰালাৰ খেলাছেৰীত ১৮৮৮ত প্ৰদৰ্শন কৰাৰ সময়ত চাত্রেই তাত এজন পৰম্পৰাগত সমৰকলা আৰু জিমনাষ্টিকছৰ প্ৰশিক্ষক কীলেৰি কুনহিকাননক লগ পায়। চাত্ৰেই তেওঁক নিজৰ চাৰ্কাছ কোম্পানীৰ বাবে খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদানৰ দায়িত্ব অর্পণ কৰে। কুনহিকাননে ১৯০১ত কোলাম চহৰৰ ওচৰত অল ইণ্ডিয়া চাৰ্কাছ ট্ৰেইনিং হল নামেৰে এখন চাৰ্কাছ প্ৰশিক্ষণ স্কুল প্রতিষ্ঠা কৰে।

এই স্কুলৰ পৰাই বহুকেইজন অতি দক্ষ চাৰ্কাছ খেলুৱৈয়ে জন্মলাভ কৰে। পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ নেতৃত্বত কে’বাখনো চাৰ্কাছ গঢ় লৈ উঠে। কুনহিকাননৰ কেবাজনো শিষ্যই আনকি আমেৰিকা আৰু ইউৰোপৰ চাৰ্কাছতো তাৰকা খেলুৱৈৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়। সেইবাবে কুনহিকাননক ভাৰতীয় চাৰ্কাছৰ পিতৃপুৰুষ আখ্যা দিয়া হয় । পাছত কোলা চৰকাৰেও এখন চাৰ্কাছ একাডেমী প্রতিষ্ঠা কৰে, যিখন দেশৰ প্ৰথমখন এনে প্রতিষ্ঠান।

এই কুনহিকাননৰ পৰাই প্ৰশিক্ষণ গ্রহণ কৰিছিল জেমিনি শংকৰনে। অৱশ্যে প্ৰথম অৱস্থাত তেওঁ চাৰ্কাছত যোগদান কৰা নাছিল। তাৰ পৰিৱৰ্তে গেলামালৰ দোকান খুলি জীৱিকা আৰম্ভ কৰিছিল যদিও বৃহৎ লোকচানৰ সন্মুখীন হৈ দোকানখন বন্ধ কৰিবলগীয়া হয়। পাছত ১৯৪২ত তেওঁ সেনাবাহিনীত যোগদান কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত শংকৰনে কলকাতাত সেনাবাহিনীৰ ৰেডিঅ’ অপাৰেটৰূপে কাৰ্যনিৰ্বাহ কৰে।

যুদ্ধৰ পাছত তেওঁ ঘৰলৈ উভতি আহি পুনৰ চাৰ্কাছৰ প্রশিক্ষণ লয়। দুবছৰ পাছত ১৯৪৮ ত শংকৰনে কলকাতাৰ এটি চাৰ্কাছ কোম্পানীত ট্র্যাপিজ শিল্পীৰূপে তিনিশ টকা দৰমহাত যোগদান কৰে। অৱশ্যে তেওঁ তাতকৈ ডাঙৰ কিবা এটা কৰিবলৈ অনবৰতে চেষ্টা অব্যাহত ৰাখে।

এইদৰে কিছু বছৰ পাছত মহাৰাষ্ট্ৰত বিজয়া চাৰ্কাছ ক্ৰয় কৰে ছহেজাৰ টকাত। তেওঁৰ ৰাশি আছিল জেমিনি আৰু তাকেই অনুসৰণ কৰি চাৰ্কাছখনৰো নাম জেমিনি চাৰ্কাছ ৰাখে। ১৯৫১ৰ ১৫ আগষ্টত গুজৰাটত তেওঁৰ জেমিনি চাৰ্কাছৰ প্ৰথম প্ৰদৰ্শনী অনুষ্ঠিত হয়। তেতিয়া শংকৰনৰ বয়স মাত্র ২৭ বছৰ।

দেশে স্বাধীনতা লাভ কৰাৰ লগে লগে বিভিন্ন অঞ্চলত থকা ৰাজশাসনৰ অন্ত পৰে। এনে বহু ৰাজপৰিয়ালৰ পৰা শংকৰনে হাতী, বাঘ, সিংহ আদি জন্তুসমূহ ক্ৰয় কৰে। কিছুসংখ্যক পৰিয়ালে সেইবোৰ তেওঁক দানস্বৰূপেও আগবঢ়ায়। এনেদৰেই জেমিনি চাৰ্কাছৰ পৰিসৰ বৃদ্ধি কৰি যায়। ১৯৬৪ ত তেতিয়াৰ ছোভিয়েট ৰাছিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চাৰ্কাছ মহোৎসৱত জেমিনিয়ে অংশগ্ৰহণ কৰে। এই যাত্ৰাত মস্কোকে ধৰি কেবাখনো চহৰত চাৰ্কাছ প্ৰদৰ্শন কৰে।

পৰৱৰ্তী সময়ত আন কে’বাখনো দেশত জেমিনি চাৰ্কাছৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। এই সময়ছোৱাতে ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, মোৰাৰজী দেশাই আদিৰ লগতে তেওঁ ভ্ৰমণ কৰা কে’বাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ দ্বাৰা । সম্মানিত হয়। আনকি লর্ড মাউন্টবেটেন পৰিয়াল আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আদিৰ স’তেও তেওঁৰ সম্পৰ্ক গঢ় লৈ উঠে। ১৯৭৭ত জেমিনি দেশৰ সৰ্ববৃহৎ চাৰ্কাছত পৰিণত হয়। সেই বছৰৰে গান্ধী জয়ন্তীত তেওঁ জাম্বো চাৰ্কাছ নামেৰে দ্বিতীয়টো কোম্পানী প্ৰতিষ্ঠা কৰে।

এই সময়ছোৱাত ৪০টা সিংহ, ২০টা হাতী, ১৫টা বাঘ, ৩০টা ঘোঁৰা, ছটা উট, তিনিটাকৈ ভালুক আৰু জেব্রা, দুটা সামুদ্রিক সিংহৰ উপৰি বৃহৎসংখ্যক অন্যান্য জীৱ-জন্তু আৰু চৰাই-চিৰিকটিয়ে জেমিনি শংকৰনৰ । চাৰ্কাছত বিভিন্ন খেল প্ৰদৰ্শন কৰিছিল। ইয়াৰে কে’বাবিধো জীৱ-জন্তু তেওঁ বিদেশৰ পৰাও ক্ৰয় কৰিছিল। এনেদৰেই শংকৰনে ভাৰতীয় চাৰ্কাছক সমগ্ৰ বিশ্বত পৰিচয় কৰাই দি নিজে এক জীৱন্ত কিংবদন্তিত পৰিণত হয়।

১৯ শতিকাৰ অন্তিম ভাগৰ পৰাই ভাৰতত চাকাছে যথেষ্ট জনপ্রিয়তা অর্জন কৰে। সমাজৰ সকলো বয়সৰ লোকৰ বাবে ই মনোৰঞ্জনৰ এক অতি জনপ্ৰিয় মাধ্যম হৈ পৰে। বিভিন্ন ধৰণৰ শিল্পী, খেলুৱৈ, জোকাৰ, জীৱ-জন্তু, নৃত্য বিশাৰদ, সংগীত শিল্পী আদিৰ বিশাল দল লৈ দেশৰ প্ৰতিটো প্ৰান্তত চাৰ্কাছ কোম্পানীসমূহে নিজৰ কলা-কৌশল প্ৰদৰ্শন কৰি আহিছে; কিন্তু সম্প্রতি এই অতি জনপ্ৰিয় কলাৰ মাধ্যম চাৰ্কাছ অদৃশ্য হৈ পৰাৰ উপক্ৰম হৈছে।

দেশত তিনি শতাধিক বৃহৎ আৰু মজলীয়া চাৰ্কাছ কোম্পানী সক্ৰিয় হৈ আছিল যদিও আজি তেনেই নগণ্য সংখ্যকহে কোনোমতে জীয়াই আছে। ইয়াৰ অন্যতম প্ৰধান কাৰণ হৈছে, টিভি তথা ইণ্টাৰনেটৰ বহুল প্ৰচাৰৰ দ্বাৰা যিকোনো লোকেই যিকোনো ধৰণৰ মনোৰঞ্জন লাভৰ সুযোগ পোৱাটো। আনহাতে, চাৰ্কাছ কোম্পানীসমূহ পাৰিবাৰিকভাৱে পৰিচালিত হৈ আহিছে আৰু ইয়াৰ মূল কৌশলসমূহ মাত্ৰ কেইজনমান লোকৰ কুক্ষিগত হৈ আছে।

ফলস্বৰূপে এই উদ্যোগত নতুন লোকৰ আগমন নাই বুলিলেই চলে। তদুপৰি চাৰ্কাছ কোম্পানীসমূহ পৰিচালনাত নতুন প্ৰজন্মৰ অনীহা এই ক্ষেত্ৰত এক ডাঙৰ হেঙাৰস্বৰূপ হৈ পৰে। ভাৰতীয় চাৰ্কাছৰ দুৰ্দশাৰ আন এক গুৰুত্বপূৰ্ণ কাৰণ হৈছে, অন্যান্য উদ্যোগ বাণিজ্যৰ দৰে ১৪ বছৰৰ তলৰ শিশুক ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ ।

পূৰ্বতে ১০ বছৰমানৰ পৰাই শিশুসকলক চাৰ্কাছত প্ৰশিক্ষণ আৰু প্ৰদৰ্শনত জড়িত কৰা হৈছিল; কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ২০১১ৰ পৰা ১৪ বছৰৰ তলৰ শিশুৰ অংশগ্রহণ নিষিদ্ধ হৈ পৰাত চাৰ্কাছ কোম্পানীসমূহ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ উপৰি বাণিজ্যিক মনোৰঞ্জনৰ বাবে বন্যপ্ৰাণীক আবদ্ধ কৰি ৰাখি ব্যৱহাৰ কৰা কাৰ্য চৰকাৰে নিষিদ্ধ কৰাত চাৰ্কাছ কোম্পানীসমূহে আন এক গভীৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

কিয়নো বিভিন্ন প্রশিক্ষিত জীৱ-জন্তুৰ দ্বাৰা ক্ৰীড়া প্ৰদৰ্শন চাৰ্কাছৰ অন্যতম আকর্ষণীয় উপাদান। এয়া নিষিদ্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত চাৰ্কাছসমূহে দৰ্শকৰ আগ্ৰহ হেৰুৱাই পেলায়। আন দুটি কাৰণ হৈছে, চাৰ্কাছক বিপজ্জনক ক্রীড়া বুলি গণ্য কৰা হেতুকে সাধাৰণতে কোনো পৰিয়ালে নিজৰ সন্তানক ইয়াত জড়িত কৰাবলৈ ইচ্ছুক নহয়।

তদুপৰি ইয়াত যিহেতু শাৰীৰিক সক্ষমতাৰ প্ৰশ্ন জড়িত থাকে, সেয়েহে চাৰ্কাছৰ শিল্পী-খেলুৱৈসকলে সাধাৰণতে ৪০ বছৰ বয়সতে অৱসৰ গ্ৰহণ কৰিবলগীয়া হয়। ফলস্বৰূপে পৰৱৰ্তী সময়ত তেওঁলোকে উপযুক্ত সংস্থাপন আৰু আৰ্থিক দৈন্যত ভুগিবলগীয়া হয়। এইদৰেই চাৰ্কাছ কোম্পানীসমূহে ক্রমশঃ উপযুক্ত মানৱ সম্পদৰ অভাৱত ভুগিবলগীয়া হয়। সেয়েহে এটাৰ পাছত আন এটা কাৰণত ভাৰতীয় চাৰ্কাছ সম্প্রতি এক মৃত্যুমুখী উদ্যোগত পৰিণত হৈছে।

তথাপি ইয়াক লৈ মূৰ ঘমোৱাৰ প্ৰয়োজন কোনেও অনুভৱ কৰা নাই; কিয়নো দেশত সম্প্ৰতি চাৰ্কাছৰ পেণ্ডেলৰ বাহিৰে সকলোতে চাৰ্কাছৰ মনোৰঞ্জন উপলব্ধ হৈ পৰিছে। অৱশ্যে আশাৰ বতৰা যে এইবাৰ চলিত ব’হাগৰ অনুষ্ঠানত জুবিন গাৰ্গে চাৰ্কাছ দেখুওৱা নাই। সুদীৰ্ঘ সময়ৰ পাছত জুবিনৰ অগণন গুণমুগ্ধৰ বাবে ইয়াতকৈ সুখবৰ আৰু কি হ’ব পাৰে !

ফোন:৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArticlesCircuspranjal sen deka
publisher

publisher

Related Posts

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d