Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Consequences of Deteriorating India-Canada Relations:ভাৰত-কানাডা সম্পৰ্কৰ অৱনতিৰ পৰিণতি কি?

    Golaghat Incident:গোলাঘাটৰ খুমটাইত ভয়ংকৰ ঘটনা

    Three Rohingya Girls Arrested in Tripura:ত্ৰিপুৰাত আটক তিনি ৰোহিংগীয়া কিশোৰী

    Nagalend Deadbody Recovered In Sonari Youth:নাগালেণ্ডত নৃশংস হত্যা অসমৰ যুৱকক

    Road Accident In Ganeshguri:গুৱাহাটীৰ গণেশগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

    Maligaon Accident:মালিগাঁৱৰ নীলাচল উৰণীয়া সেঁতুত ভয়ংকৰ পথ দুৰ্ঘটনা

    Karbianglong:বাঁহত কাপোৰ বান্ধি অসুস্থ মহিলাক লৈ চিকিৎসালয়লৈ যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    Mangaldoi  Bajrang Dal  Leader Arrested :মঙলদৈত অস্ত্ৰ প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত কৰা বজৰংৰ দুই নেতাক আটক

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope: দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

Where is the end of this disturbed situation:এই অস্থিৰতাৰ অন্ত ক’ত?

#প্রাঞ্জলসেন ডেকা

publisher by publisher
August 7, 2023
in India, Assam, News
Reading Time: 4 mins read
0
instability
1
SHARES
9
VIEWS
ShareShareShareShare

Where is the end of this disturbed situation:এই অস্থিৰতাৰ অন্ত ক’ত?

ADVERTISEMENT

#প্রাঞ্জলসেন ডেকা

RelatedPosts

G-20 Event:জি-২০ আয়োজনৰ হিচাপ-নিকাচ

And Waiting For a Surprise to be Created:আৰু এক চমক সৃষ্টিৰ অপেক্ষাত !

Time is Running out of Hand : হাতৰ পৰা সময় ওলাই গৈ আছে !

সম্প্ৰতি এক গভীৰ অস্থিৰ পৰিৱেশৰ মাজেদি গতি কৰিছে | দেশে। অনিশ্চয়তা, আস্থাহীনতা আৰু শংকাৰ পৰিৱেশৰ মাজত দিন কটাবলৈ বাধ্য হৈছে দেশবাসীয়ে। এনে পৰিবেশত আৰু মোচাহেবসকলৰ বাহিৰে | আন সাধাৰণ নাগৰিকৰ শান্তি হৰণ হৈছে। এনে অস্থিৰতা সৃষ্টিৰ | আঁৰত যে ন্যস্তস্বার্থ পূৰণৰ | উদ্দেশ্য নিহিত হৈ আছে সেই কথা আৰু লুকাই থকা নাই ।

ঘাইকৈ ধৰ্মৰ নামত বিভিন্ন ক্ষমতাসীন নেতা, তেওঁলোকৰ অতি ঘনিষ্ঠ মুষ্টিমেয় পুঁজিপতি গোটৰ মাজত বিষাক্ত বিভাজনৰ বীজ সিঁচি দিয়া হৈছে। এটা গোটৰ দ্বাৰা আনটো গোট ভাবুকিৰ সম্মুখীন হোৱা বুলি ভীতিগ্ৰস্ত কৰি তোলা হৈছে আৰু তাৰ জৰিয়তে পৰস্পৰৰ প্ৰতি ঘৃণা-বিদ্বেষৰ জন্ম দিয়া হৈছে। সহ নাগৰিকৰ প্ৰতি জন্মা সেই ঘৃণাই উন্মাদনাৰ ৰূপ লৈছে আৰু ঠায়ে ঠায়ে সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে। কোনেও কাৰো অস্তিত্ব সহ্য কৰিব নোৱাৰা হৈছে আৰু সেয়ে আনটো পক্ষক নিঃশেষ কৰি পেলাবলৈকে যেন উদ্যত হৈছে!

এনেদৰেই পৰিকল্পিতভাৱে দেশজুৰি এক অস্থিৰতাৰ সৃষ্টি কৰা হৈছে; কিয়নো ঘৃণা আৰু উন্মাদনাত ভুগি থকা সমাজ এখন কেতিয়াও সুস্থিৰ তথা সৃষ্টিশীল হ’ব নোৱাৰে।বৈচিত্র্যতাৰে শক্তিশালী ভাৰত আজি এনে অৱস্থাত উপনীত হোৱাৰ আঁৰত কাৰ ভূমিকা আছে, সেই কথা সচেতন নাগৰিক চামে নুবুজাকৈ থকা নাই। সবাতোকৈ বিপজ্জনক কথাটো হৈছে, ঘৃণা এনেদৰে বিয়পাই দিয়া হৈছে যে সমাজৰ এক শ্ৰেণীৰ মানুহে আনটোৰ অস্তিত্ব তেওঁলোকৰ বাবে ভাবুকি বুলি পতিয়ন গৈছে।

তেওঁলোকৰ ধৰ্ম-সমাজ-সংস্কৃতিলৈ সংকট আহি পৰিছে বুলি ভাবিবলৈ লৈছে। গতিকে সমাজত ঘৃণা-বিদ্বেষ বৃদ্ধি পাইছে। এই কথা দোহৰাৰ প্ৰয়োজন নাই যে ঘৃণাই বন্ধুৰ পৰিবৰ্তে শত্ৰু বিচাৰিবলৈহে বাধ্য কৰে। অসত্য অথবা অর্ধ-সত্য কথাবোৰো বিশ্বাস কৰিবলৈ বাধ্য কৰায়।

এবাৰ এখন সমাজত ঘৃণা বিয়পাই দিব পাৰিলে ষড়যন্ত্রকাৰীসকলৰ বহু কাম উজু হৈ পৰে; কিয়নো ঘৃণাই মানুহক বৰ্বৰ কৰি তোলাতে ক্ষান্ত নাথাকি যুক্তি-বুদ্ধিও নাশ কৰে। মানুহৰ চিন্তা আৰু বোধশক্তি লোপ কৰে আৰু নিজে ক’ব নোৱাৰাকৈয়ে আনক ঘৃণা কৰা পুতলাত পৰিণত হয়। কেতিয়াবা আন ধৰ্মাৱলম্বীক আৰু কেতিয়াবা আন জাতি-বৰ্ণৰ লোকক ঘৃণাৰ চকুৰে চাবলৈ লয়। এনেদৰেই সমাজৰ পৰা মানৱীয় গুণবোৰ লোপ পাবলৈ ধৰে।

তিনিমাহৰো অধিক কাল ধৰি মণিপুৰত অবিৰতভাৱে গোষ্ঠী সংঘৰ্ষৰ জুই জ্বলি থকাৰ সময়তে যোৱা সপ্তাহৰ আৰম্ভণিতে হাৰিয়ানাত সংঘটিত সাম্প্রদায়িক সংঘৰ্ষৰ ঘটনাই কেতবোৰ প্রশ্ন পুনৰ জাগ্ৰত কৰিছে। হাৰিয়ানাৰ মুছলিম সংখ্যাগৰিষ্ঠ নুহ জিলাত কেতবোৰ হিন্দুত্ববাদী সংগঠনে মুছলিম অধ্যুষিত অঞ্চলেদি ধর্মীয় শোভাযাত্ৰা উলিওৱাৰ সময়তে এনে সংঘৰ্ষৰ সূত্রপাত ঘটে।

এই শোভাযাত্রা উলিওৱাৰ সময়ত অঞ্চলটোত যি পৰিস্থিতি বিৰাজ কৰিছিল, তাৰ পৰা সেই ধর্মীয় শোভাযাত্রাই সাম্প্রদায়িক উত্তেজনাৰ সৃষ্টি কৰিব বুলি অনুমান কৰাটো কঠিন নাছিল। শোভাযাত্ৰাৰ পূৰ্বে দুদিন ধৰি গো-ৰ ক্ষকৰ নাম লৈ হত্যাত অভিযুক্ত একাংশ লোকে কেতবোৰ সাম্প্রদায়িক উত্তেজনাপূর্ণ ভিডিঅ’ প্ৰচাৰ কৰে।

ইয়াক লৈ সাম্প্রদায়িক উত্তেজনা সৃষ্টি হোৱাৰ সময়তে শোভাযাত্ৰাকাৰীসকলৰ স’তে স্থানীয় মুছলমানৰ সংঘৰ্ষৰ সূত্রপাত ঘটে। এই সংঘৰ্ষত কমেও ছজন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি সা-সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হয়। ইয়াৰ লগে লগে নুহৰ উপৰি চুবুৰীয়া জিলাকেইখনলৈ উত্তেজনা বিয়পি পৰে আৰু হিংসাৰ সূত্ৰপাত ঘটে। এনে জিলাসমূহৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ অন্তৰ্ভুক্ত গুৰু গ্ৰামো আছে।

উল্লেখ্য যে দেশৰ সৰ্বাধিক কৰ আদায় দিয়া প্ৰথম ১০খন চহৰৰ অন্যতম হৈছে এই গুৰুগ্রাম। (পূৰ্বৰ গুৰগাঁও)। ইয়াত ভালেমান বহুজাতিক কোম্পানীৰ কাৰ্যালয় অৱস্থিত হোৱাৰ উপৰি অত্যাধুনিক সা- সুবিধাযুক্ত সম্পন্ন হোৱা হেতুকে গুৰুগ্রাম দেশৰে এখন আগশাৰীৰ চহৰৰূপে পৰিচিত হৈ আহিছে। এই সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত সুৰক্ষাজনিত কাৰণত দেশী-বিদেশী কোম্পানীসমূহে তেওঁলোকৰ কৰ্মীসকলক ঘৰৰ পৰাই কাম কৰিবলৈ নির্দেশ দিবলৈ বাধ্য হয়।

তাৰ লগে লগে চহৰখনৰ ব্যৱসায়িক কাৰ্যকলাপৰ সুচলতাক লৈও প্ৰশ্ন উত্থাপিত হয়। আনহাতে, প্ৰথমবাৰলৈ ভাৰতে আয়োজনৰ সুযোগ লাভ কৰা আৰু বিশ্বৰ কে’বাখনো গুৰুত্বপূৰ্ণ তথা প্ৰভাৱশালী দেশৰ মুৰব্বীসকলে অংশগ্রহণ নিশ্চিত কৰা এই জি-২০ শীর্ষ সন্মিলনৰ প্ৰাকক্ষণত সংঘটিত এই সাম্প্রদায়িক সংঘৰ্ষক লৈ আন্তর্জাতিক মহলতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অহা ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ অতিথিসকলৰ বহুসংখ্যকক এই গুৰুগ্ৰামতে আতিথ্য প্ৰদান কৰিবলৈ ব্যৱস্থা কৰা হৈছে। এই প্ৰসংগতে দেশত সাম্প্রদায়িক সংঘৰ্ষৰ স্বৰূপ, আৰক্ষী আৰু সংঘৰ্ষত লিপ্তসকলৰ মাজৰ সম্পৰ্ক আদি বিষয়ক লৈ অধ্যয়ন কৰি উত্তৰ প্ৰদেশৰ আইপিএছ বিষয়া বিস্তৃতি ৰায়ে বহু বছৰ পূৰ্বেই প্ৰদান কৰা ভাষ্য প্রণিধানযোগ্য। তেওঁ কৈছিল যে ৰাষ্ট্ৰৰ সন্মতি অবিহনে ভাৰতত কোনো সাম্প্রদায়িক সংঘর্ষ ২৪ ঘণ্টাতকৈ অধিক সময় চলিব নোৱাৰে।

চৰকাৰ, স্থানীয় প্রশাসন অথবা আৰক্ষী বাহিনীয়ে বিচাৰিলে ২৪ ঘণ্টাৰ ভিতৰতে তেনে হিংসাক নিয়ন্ত্রণলৈ অনাটো সম্পূৰ্ণৰূপে সম্ভৱ বুলি তেওঁ স্পষ্টভাৱে উল্লেখ কৰি গৈছে। লক্ষ্যণীয়ভাৱে তেওঁ অধ্যয়ন কালত এই কথাও জানিব পাৰে যে এনে সংঘৰ্ষত লিপ্ত হিন্দুসকলৰ আৰক্ষীৰ স’তে আস্থাপূর্ণ সম্পর্ক থকাৰ বিপৰীতে মুছলমান আৰু শিখসকলে আৰক্ষীক শত্ৰুৰূপে জ্ঞান কৰিছিল।

ভাৰতত সাম্প্রদায়িক হিংসাক নির্বাচনী লাভালাভৰ উদ্দেশ্যে ব্যৱহাৰ কৰাটো নতুন কথা নহয়। স্বাধীনতা লাভৰ সময়ৰে পৰা দেশত সাম্প্রদায়িক সংঘৰ্ষৰ ইতিহাস আছে; কিন্তু সম্প্ৰতি ই ৰাজনৈতিক ক্ষেত্ৰৰ এক বৈশিষ্ট্যত পৰিণত হৈছে। পৰিতাপৰ বিষয় এয়ে যে যি সময়ত ভাৰত আন্তর্জাতিক ‘ছুপাৰ পাৱাৰ’ হোৱাৰ দিশত দ্রুত অগ্ৰসৰ হৈছে বুলি ক্ষমতাসীনসকলে অহৰহ দাবী কৰি আহিছে, সেই সময়তে ধৰ্মৰ নামত দেশবাসীৰ মাজত তিক্ততাৰ সৃষ্টি কৰা হৈছে। এই লৈ মাৰ্কিন যুক্তৰাষ্ট্ৰকে ধৰি কেবাখনো পশ্চিমীয়া দেশে প্রতিক্রিয়া প্রকাশ কৰিছে।

শেহতীয়াভাৱে আন এটা ঘটনায়ো দেশবাসীক জোঁকাৰি গৈছে। এজন ৰেল সুৰক্ষা বাহিনীৰ জোৱানে চলন্ত ৰেলত বাছি বাছি তিনিজনকৈ ইছলামধৰ্মী লোকক গুলীয়াই হত্যা কৰা ঘটনাই দেশত ঘৃণাৰ পৰিৱেশে কি ভয়াৱহ ৰূপ লৈছে তাৰ উমান দিছে। এই ঘটনাত অভিযুক্তৰ এজন ঊর্ধ্বতন হিন্দু বিষয়াইও প্ৰাণ হেৰুৱাবলগীয়া হয়। দুর্ভাগ্যজনক এয়ে যে অভিযুক্ত জোৱানজনে ভুক্তভোগীকেইজনক অন্যান্য যাত্ৰীসকলৰ চকুৰ সমুখতে গুলীয়াই হত্যা কৰে যদিও তেওঁলোকে এক সাধাৰণ ঘটনাৰ দৰেই নিৰ্বিকাৰ হৈ ৰয়। অকল সেয়ে নহয়, এই হত্যাকাণ্ড সংঘটিত কৰি জোৱানজনে মুছলমানসকলক পাকিস্তানলৈ যাবলৈ হুংকাৰ দিয়ে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ জয়ধ্বনি দিয়ে।

এই ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ পাছত অভিযুক্তক মানসিক ৰোগীৰূপে প্ৰতিষ্ঠা কৰিবলৈ অপচেষ্টা চলা বুলি অভিযোগ উত্থাপিত হৈছে। তাৰ লগতে প্রশ্ন উঠিছে যে বেল সুৰক্ষা বাহিনীৰ দৰে এটি গুৰুত্বপূর্ণ বাহিনীত মানসিক ৰোগী এজন কৰ্মৰত হৈ থকাটো সম্ভৱ নে ? এজন অসুস্থ লোকে কোনো বিশেষ ধৰ্মৰ লোকক বিচাৰি বিচাৰি ৰেলগাড়ীৰ এটা দবাৰ পৰা আনটো দবালৈ গৈ গুলীয়াই হত্যা কৰাটো বিশ্বাসযোগ্য নে? সন্দেহ নাই যে অভিযুক্ত জোৱানজন অসুস্থ, ঘৃণাৰ উন্মাদনাৰ দ্বাৰা ।

তেওঁৰ এনে জিঘাংসা বৰ্তমান সময়ৰে পৰিণতি। সাম্প্রতিক বিষবাষ্পই এনেদৰেই বহুতকে উন্মাদ কৰি তুলিছে। ধৰ্মৰ নামত এনে পৰিৱেশৰ সৃষ্টি কৰা হৈছে যে এচাম লোকে হিতাহিত জ্ঞানশূন্য হৈ ৰাজনীতিকৰ কাঠপুতলাত পৰিণত হৈছে আৰু সেই পুতলাক আঁতৰৰ পৰাই আনে নিয়ন্ত্ৰণ কৰিছে। লক্ষ্যণীয় যে এনে হিংসাত্মক সংঘৰ্ষকাৰীসকলৰ মাজত ডা-ডাঙৰীয়াসকলৰ কোনো সতি-সন্ততি নাই।

ৰাজনৈতিক নেতা, উচ্চপদস্থ বিষয়া, বৃহৎ ব্যবসায়ী-উদ্যোগপতিৰ সন্তানে বিদেশৰ নামী-দামী শিক্ষানুষ্ঠানত শিক্ষাগ্ৰহণ কৰি নিজৰ সাম্রাজ্য বিস্তাৰত ব্যস্ত হৈছে, অথবা ক্ষমতাৰ বলেৰে বিভিন্ন লোভনীয় পদ অধিকাৰ কৰি লৈছে। ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত পৰিৱেশে তেওঁলোকৰ অগ্ৰগতিক স্পৰ্শ কৰিবলৈ সক্ষম নহয়। স্ব-ধর্ম অথবা স্বদেশ ৰক্ষাৰ তথাকথিত যুঁজৰ পৰা তেওঁলোক নিৰাপদ দূৰত্বত। তাৰ বিপৰীতে সাধাৰণ যুৱচামক এনেবোৰ কাৰ্যত জড়িত কৰি তেওঁলোকক সংঘৰ্ষকাৰীৰূপে প্ৰতিষ্ঠা কৰি জীৱন ধ্বংস কৰা হৈছে।

সেয়ে সময়ে সময়ে এনে অনুভৱ হয় যেন দেশত এতিয়া উন্মাদৰ দৌৰাত্ম্য চলিছে। যিমানেই বিকাশৰ কথা কোৱা নহওক কিয়, বাস্তৱত অধিকাংশ লোকেই এক ধৰণৰ অস্বাভাৱিক অস্থিৰতাত ভোগা পৰিলক্ষিত হৈছে। ক্ষমতালোভী ৰাজনীতিকে এনে অস্থিৰতাৰ সৃষ্টি কৰি সাধাৰণ জনতাক ইয়াৰ চক্ৰবেহুলৈ ঠেলি দিছে।

সম্প্ৰতি দেশৰ এনে কোনো এটা অঞ্চল নাই, য’ত কিবা নহয় কিবা কাৰণত অশান্তিৰ সৃষ্টি নোহোৱাকৈ আছে। যোৱা তিনি মে’ৰ পৰা মণিপুৰত গোষ্ঠীগত সংঘৰ্ষই জুই জুলাই আহিছে যদিও ইয়াৰ নিয়ন্ত্ৰণ অথবা সমস্যা সমাধানৰ দিশত কোনো ফলপ্রসূ প্রচেষ্টা গ্রহণ কৰা দৃষ্টিগোচৰ হোৱা নাই। মণিপুৰৰ এই হিংসাই কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বহু গুৰুত্বপূৰ্ণ তথা ভাৰতৰ বন্ধু ৰাষ্ট্ৰয়ো ইয়াক গৰিহণা দিয়াৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে; অথচ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিনিমাহ অতিক্ৰম কৰাৰ পাছতো তেওঁৰ ভাষাৰেই অষ্টলক্ষ্মী’ৰ অন্যতম মণিপুৰৰ সম্পৰ্কত এটি শব্দও উচ্চাৰণ কৰা নাই।

এনে ধৰণৰ গুৰুতৰ ঘটনাৰ পাছতে প্রধানমন্ত্ৰীয়ে সংশ্লিষ্ট ৰাজ্য ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ উপৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰাৰ জৰিয়তে অঞ্চলবাসীক আশ্বস্ত কৰাটোৱেই নিয়ম।

কিন্তু মণিপুৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ নিস্পৃহতা এতিয়া আৰু সমালোচনাৰ বিষয় হৈ থকা নাই, বৰঞ্চ ই আশ্চৰ্যৰ বিষয়হে হৈ পৰিছে। সেই বাবে বহুতে ধাৰণা কৰিছে যে কোনো বৃহৎ ৰাজনৈতিক অথবা আন স্বাৰ্থপূৰ্ণৰ অংকৰেই এনে নীৰৱতা অৱলম্বন কৰা হৈছে নেকি ?

এয়া শেহতীয়া কেতবোৰ উদাহৰণহে। এনেবোৰ বহু ঘটনাই বিগত সময়ছোৱাত দেশক আৱৰি ৰাখিছে। আপাতঃদৃষ্টিত এক বিশেষ ধৰ্মীয় গোটক লক্ষ্য কৰি এনে পৰিৱেশ গঢ়ি তোলা হৈছে যদিও কার্যক্ষেত্ৰত সংখ্যালঘু অথবা সংখ্যাগুৰু কোনোৱেই সুস্থিৰ হ’ব পৰা নাই। উভয় পক্ষই পৰস্পৰৰ বিৰুদ্ধে শংকাৰ মনোভাৱ লৈ থাকিবলগীয়া হোৱাৰ পৰিৱেশ গঢ়ি তোলা হৈছে। তেনেদৰেই জনজাতীয় আৰু অজনজাতীয়, দলিত আৰু উচ্চবৰ্ণ আদিৰ লগতে ভাষা আৰু অঞ্চলক লৈও দেশৰ প্রান্তে প্রান্তে বিদ্বেষৰ বিষবাষ্প দেখা গৈছে।

ফলস্বৰূপে প্রত্যেকেই যেন আন কাৰোবাৰ দ্বাৰা ক্ষতিৰ আশংকাত অস্থিৰতাত ভুগিবলগীয়া হৈছে, অথচ দৈনন্দিন জীৱন-জীৱিকাৰ লগতে আকাশলংঘী মূল্যবৃদ্ধি, মুষ্টিমেয় পুঁজিপতিৰ দৌৰাত্ম্য, কর্মসংস্থাপনহীনতা, নাগৰিকৰ সা-সুবিধা আদি গুৰুতৰ বিষয়বোৰক লৈহে চৰ্চাৰ প্ৰয়োজন আছিল। দেশবাসীৰ জীৱন-যাত্ৰাক প্ৰভাৱিত কৰা এনে বিষয়সমূহ অতি কৌশলেৰে লোকচক্ষুৰ পৰা আঁতৰাই নাগৰিকসকলৰ মাজতে ঘৃণাৰ পৰিৱেশ সিঁচি দিয়াৰ আঁৰত নিশ্চয় মহল বিশেষৰ স্বার্থ জড়িত হৈ আছে।

কেৱল ৰাজনৈতিক স্বাৰ্থপূৰ্ণৰ উদ্দেশ্যেই যে এনে আত্মঘাতী পৰিকল্পনা ৰচনা কৰা হৈছে তাত সন্দেহ নাই। এই কথা দোহৰাৰ প্ৰয়োজন নাই যে ঘোলাপানীত মাছ ধৰাটোৱে আটাইতকৈ সহজ। সেয়েহে ৰাজনৈতিক নেতৃত্বই যেন পানী ঘোলা কৰাতেই মনোনিৱেশ কৰিছে। ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ ধৰ্মৰ নামত অস্থিৰতা সৃষ্টিকেই যেতিয়া ৰণকৌশলৰূপে গ্ৰহণ কৰা হয় তেতিয়া সেই দেশৰ নাগৰিকসকলৰ কি দশা হ’ব পাৰে, সেয়া আজিৰ ভাৰততে স্পষ্ট। চৰকাৰে যি সময়ত দেশবাসীৰ মাজত সম্ভাৱ-সম্প্ৰীতিৰ পৰিৱেশ নিশ্চিত কৰিব লাগে সেই সময়ত কেৱল ন্যস্তস্বার্থৰ বাবেই ঘৃণাৰ পৰিৱেশ গঢ়ি তুলিছে।

ভাৰতে সদায়ে উদাৰ, বৈচিত্র্যপূৰ্ণ আৰু বহুত্ববাদী সমাজক লৈ গৌৰৱ কৰি আহিছে। বহু ঘাত-প্রতিঘাত সত্ত্বেও সংখ্যাগৰিষ্ঠ হিন্দুসকলৰ সহনশীলতাৰ বাবেই যে ভাৰতত গণতন্ত্র অক্ষুণ্ণ আছে, তাক কোনেও নুই কৰিব নোৱাৰে। কিন্তু ক্ষমতা দখলৰ স্বাৰ্থত সৃষ্টি কৰা বিভাজন তথা ঘৃণাৰ ৰাজনীতিয়ে অৱশেষত ভাৰতৰ ধাৰণাকে নির্মূল কৰাৰ দিশত অগ্ৰসৰ হৈছে যেন ধাৰণা হয়। এনে ঘৃণাৰ হিংসা যি হাৰত বৃদ্ধি কৰি নিয়া হৈছে, আগন্তুক দিনত পৰিস্থিতি পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাটো সম্ভৱ হ’বনে তাক লৈ বিজ্ঞ মহলো চিন্তিত।

ফোন:৯৪৩৫০১০৬৭৩

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: ArticleDisturbed situationManipur And Haryanapranjal sen deka
publisher

publisher

Related Posts

Lions Club Blood Donation Camp:লায়ন্স ক্লাব গুৱাহাটীৰ আৰু জুবলী ফাউণ্ডেশ্যনৰ মেগা ৰক্তদান শিবিৰ
Assam

September 25, 2023
Antyodaya Diwas At The State BJP Headquarters:ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অন্ত্যোদয়া দিৱস আৰু জন্মোৎসৱৰ আয়োজন

Asian Games:এছিয়ান গেমছত ভাৰতৰ  স্বৰ্ণ অৰ্জন
India

Forty Thousand Yaba Tablets Seized In Silchar:আৰক্ষী-চিআৰপিএফৰ যৌথ অভিযানত জব্দ ৪ কোটি টকাৰো অধিক মূল্যৰ য়াবা

Airforce Hospital Employee Arrested:ৰৰৈয়াস্থিত এয়াৰফৰ্চ হাস্পতালত বিত্তীয় কেলেংকাৰী
Assam

Airforce Hospital Employee Arrested:ৰৰৈয়াস্থিত এয়াৰফৰ্চ হাস্পতালত বিত্তীয় কেলেংকাৰী

September 25, 2023
Consequences of Deteriorating India-Canada Relations:ভাৰত-কানাডা সম্পৰ্কৰ অৱনতিৰ পৰিণতি কি?
Assam

Consequences of Deteriorating India-Canada Relations:ভাৰত-কানাডা সম্পৰ্কৰ অৱনতিৰ পৰিণতি কি?

September 25, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: