Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Loksabha Election2024:টেম্প’খন ক’ত ৰ’বগৈ?

# প্রাঞ্জলসেন ডেকা

publisher by publisher
May 13, 2024
in India, Assam, News
Reading Time: 4 mins read
0
Loksabha Election2024:টেম্প’খন ক’ত ৰ’বগৈ?
1
SHARES
8
VIEWS
ShareShareShareShare

Loksabha Election2024:টেম্প’খন ক’ত ৰ’বগৈ ?

ADVERTISEMENT

# প্রাঞ্জলসেন ডেকা

RelatedPosts

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

PM Modi Assam Visit:অসমত প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰ বিস্তৃত কাৰ্যসূচী

লক্ষ্ণৌত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘ৰাষ্ট্ৰ প্ৰেৰণা স্থল’

এইবাৰৰ লোকসভা নির্বাচন ৰাজনীতি বিজ্ঞানৰ আগ্রহী যিকোনো লোকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হ’ব পাৰে। কে’বাটাও কাৰণত এই নির্বাচন ইতিমধ্যে এক অতি আকর্ষণীয় বিন্দুত উপনীত হৈছে। সুদীর্ঘ সাতটা পৰ্যায়ৰ ভোট গ্রহণৰে অনুষ্ঠিত কৰা এই নিৰ্বাচনৰ ইতিমধ্যে তিনিটা পর্যায় সম্পন্ন হৈছে আৰু এই সোমবাৰে চতুর্থ পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব।

শাসক- বিৰোধী উভয় পক্ষই নির্বাচনত। জয়লাভৰ বাবে পূর্ণ শক্তিৰে জঁপিয়াই পৰিছে; আনকি যিকোনো পর্যায়লৈ নামিবলৈও কুণ্ঠাবোধ কৰা নাই। নিৰ্বাচনৰ ফলাফলক লৈ শাসক-বিৰোধীয়ে বৃহৎ দাবী অব্যাহত ৰাখিলেও কোনো পক্ষই যে নিশ্চিত হ’ব পৰা নাই, সেয়া তেওঁলোকৰ কার্যকলাপতে ইতিমধ্যে স্পষ্ট হৈছে। সাধাৰণতে কোনো বিশেষ ইছ্যুভিত্তিক নির্বাচন হ’লে, তাৰ সম্ভাব্য ফলাফল অনুমান কৰিবলৈ সহজ হয়। যেনেদৰে ২০১৪ত ইউপিএ চৰকাৰৰ দুটাকৈ কার্যকালৰ বিভিন্ন দুর্নীতি-ভ্ৰষ্ট্ৰচাৰ সেই নিৰ্বাচনত মূল ইছ্যুৰূপে পৰিগণিত হৈছিল।

আকৌ ২০১৯ত কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সাহায্যপুষ্ট সন্ত্রাসবাদীৰ দ্বাৰা বিস্ফোৰণ ঘটাই ৪০ জনকৈ চিআৰপি জোৱানৰ নৃশংস হত্যা আৰু তাৰ প্ৰত্যুত্তৰ স্বৰূপে বালাকোটত ভাৰতীয় সেনাৰ ‘ছার্জিকেল স্ট্রাইক’ৰ জৰিয়তে সৃষ্টি হোৱা ঢৌৰ সুযোগত বিজেপিয়ে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দ্বিতীয়বাৰলৈ দিল্লীৰ মছনদ দখল কৰিবলৈ সক্ষম হয়; কিন্তু চলিত ২০২৪ৰ নিৰ্বাচনত লক্ষ্যণীয়ভাবে কোনো ইচ্ছু নাই। একেৰাহে ১০ বছৰ কাল শাসন কৰাৰ পাছত মোদীৰ নেতৃত্বত বিজেপিয়ে চৰকাৰৰ সাফল্যৰ তালিকা দাঙি ধৰিবলৈ গৈয়ো বিজয় নিশ্চিত বুলি স্বস্তিৰ নিশ্বাস কাঢ়িব পৰা নাই।

পাঁচশ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ, জম্মু-কাশ্মীৰক বিশেষ মর্যাদা প্ৰদান কৰা ৩৭০ ধাৰা প্ৰত্যাহাৰ, বিশ্বৰ পঞ্চম অর্থনীতিৰূপে ভাৰতৰ স্থান লাভ আদি বিষয়ক লৈ বিজেপি দল-চৰকাৰে সাফল্য দাবী কৰি আহিছে যদিও নির্বাচনত তেনেবোৰ বিষয় অদৃশ্য হৈ পৰিছে। যোৱা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ পাছত ইয়াকে এইবাৰ নিৰ্বাচনৰ মূল ইছ্যুৰূপে বিজেপিয়ে ব্যৱহাৰ কৰিব বুলি সকলোৱে নিশ্চিত আছিল; কিন্তু নির্বাচনী প্রক্রিয়া আৰম্ভ হোৱাৰ সময়লৈ ৰাম মন্দিৰে ভোটাৰৰ মাজত আশা কৰা ধৰণে সঁহাৰি লাভ কৰিবলৈ সক্ষম নোহোৱাটো স্পষ্টহৈ পৰে।

তাৰ পাছতে শাসক পক্ষই নতুন নতুন বিষয়ক লৈ প্ৰচাৰত নামিবলৈ বাধ্য হয়। আনহাতে, বিতর্কিত হ’লেও অর্থনীতিৰ বিকাশ, আন্তর্জাতিক পর্যায়ত ভাৰতৰ শক্তিশালী ৰূপত আবিৰ্ভাৱ, প্রযুক্তিৰ পৰা মহাকাশ অভিযানলৈ বিভিন্ন ক্ষেত্রত আত্মনির্ভৰশীলতা আদিকে ধৰি যিবোৰ বিষয়ক লৈ বিগত সময়ছোৱাত শক্তিশালী আৰু নিৰ্ণায়ক চৰকাৰৰ সাফল্য দাবী কৰি অহা হৈছে, সেইবোৰে ভোট আনিব নোৱাৰে বুলি প্রধানমন্ত্রী মোদী আৰু বিজেপি নিশ্চিত হৈছে। সেইবাবেই তিনি দশক পূর্বে মোদীয়ে গুজৰাটৰ বিধানসভা নিৰ্বাচনত ব্যৱহাৰ কৰা মুছলমান বিদ্বেষ এইবাৰো তেওঁৰ নির্বাচনী প্ৰচাৰৰ মূল বিষয়ত পৰিণত হৈছে।

২০১৪ৰ পৰা দুটাকৈ লোকসভা আৰু বিভিন্ন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত ধাৰাবাহিকভাৱে পৰাজয়ৰ সন্মুখীন হৈ অহা কংগ্ৰেছক গুৰুত্ব প্রদান কৰিবলগীয়া একো নাই বুলিও বিভিন্ন সময়ত মোদীয়ে দেশবাসীক বুজাই দি আহিছে; কিন্তু তৎসত্ত্বেও এইবাৰৰ নিৰ্বাচনত প্রধানমন্ত্রী মোদীৰ লগতে অন্যান্য বিজেপি নেতাসকলৰ ভাষণৰ অধিকাংশ সময় অধিকাৰ কৰিছে কংগ্ৰেছ আৰু ইয়াৰ নিৰ্বাচনী ইস্তাহাৰে। হিন্দু মহিলাৰ মংগলসূত্র কাঢ়ি নিয়া, দুটাকৈ বলদ থাকিলে এটা কাঢ়ি নিয়া, দুটা ফ্লেট থাকিলে এটা কাঢ়ি নি সেইবোৰ কংগ্ৰেছে মুছলমানৰ মাজত বিতৰণ কৰিব আদি বিষয়েহে স্থান অধিকাৰ কৰিছে মোদীৰ ভাষণত।

কংগ্ৰেছৰ ইস্তাহাৰত তেনে কোনো বিষয়ৰ কোনো উল্লেখ নথকা সত্ত্বেও মোদীয়ে অহৰহ মিথ্যাপ্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ আভ্যন্তৰীণ পর্যালোচনাত ইয়াৰ জৰিয়তে কিছু পৰিমাণে সুফল লাভ কৰিবলৈ সক্ষম হোৱা বুলি অৱগত হোৱাৰ পাছতে ই অধিক বিস্তাৰিত হ’বলৈ ধৰিছে। সবাতোকৈ দুর্ভাগ্যজনক বিষয় এয়ে যে এনেদৰে প্রধানমন্ত্রী মোদীয়ে তেওঁৰ বিগত ১০ বছৰীয়া শাসন কালৰ সাফল্যসমূহক নিজেই নস্যাৎ কৰি পেলাইছে।

মোদী চৰকাৰৰ সাফল্যৰ দাবীৰ অন্তঃসাৰশূন্যতাও ইয়েই প্রকট কৰিছে। অকল সেয়ে নহয়, নির্বাচনী ইত্যু নাই বাবেই মোদীয়ে দুই-তিনিদিনৰ পাছে পাছে নতুন নতুন বিষয় লৈ সৰৱ হৈছে; অথচ এইবোৰৰ অধিকাংশই মিথ্যাচাৰৰ নামান্তৰ বুলি বিভিন্ন পক্ষই আঙুলিয়াই দিছে। নিৰ্বাচনৰ প্ৰাকক্ষণত দেশজুৰি সম্পন্ন কৰা এটি সমীক্ষাত প্রকাশ পায় যে দেশবাসীৰ বাবে সবাতোকৈ জৰুৰী বিষয় হৈছে কর্মসংস্থাপনহীনতা। তাৰ পাছতে স্থান লাভ কৰে নিয়ন্ত্রণহীন মূল্যবৃদ্ধিয়ে। লক্ষ্যণীয়ভাবে ইয়াৰ কোনোটো বিষয়ে প্রধানমন্ত্রী মোদী আৰু তেওঁৰ সহযোগীসকলৰ ভাষণত অন্তর্ভুক্ত হোৱা নাই। তেওঁলোকে এই দুয়োটা বিষয়ত মন্তব্য প্রকাশৰ পৰা বিৰত আছে।

বৰঞ্চ মোদীয়ে ধাৰাবাহিকভাৱে এনে কেতবোৰ ভাষ্য দাঙি ধৰিছে, যিবোৰ প্ৰধানমন্ত্ৰী এগৰাকীৰ মুখত শোভা নাপায়। প্ৰধানমন্ত্ৰীগৰাকী এটি ৰাজনৈতিক দলৰ সদস্য হ’লেও তেওঁ সমগ্র দেশৰে প্রতিনিধি। সেয়েহে সেই পদমর্যাদা অক্ষুণ্ণ ৰাখিবলৈকে প্রধানমন্ত্রীসকলে সাধাৰণতে চৰকাৰী নীতি আৰু সাফল্যৰ মাজতে নিজৰ ভাষণৰ বিষয়বস্তু আবদ্ধ ৰাখে। অন্যান্য ৰাজনৈতিক ভাষ্যৰ লগতে বিৰোধীক কটু সমালোচনাৰ দায়িত্ব তেওঁৰ তলৰ পৰ্যায়ৰ দলীয় নেতাসকলে গ্ৰহণ কৰা পৰিলক্ষিত হয়।

নির্বাচনী প্রচাৰত প্ৰতিদ্বন্দ্বী দলসমূহে পৰস্পৰক সমালোচনা কৰাৰ দৰে নেতাসকলো সমালোচনাৰ সম্মুখীন হয়। গতিকে সমালোচনাৰ নামত প্রধানমন্ত্রীৰ আসনৰ মর্যাদা যাতে হানি কৰাৰ সুযোগ কোনেও লাভ নকৰে, তাৰ বাবে সততে এনে ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থাকে। অথচ ইয়াৰ বিপৰীতে প্রধানমন্ত্রী মোদীয়ে তেনেই সস্তীয়া কেতবোৰ বিষয়ৰে তেওঁৰ ভাষণ সম্পূর্ণ কৰিছে। ফলত বিৰোধীয়ে প্রধানমন্ত্রীকো কটু সমালোচনা কৰাৰ সুযোগ লাভ কৰিছে।

ধাৰাবাহিক মুছলমান বিদ্বেষী ভাষণৰ পাছত প্রধানমন্ত্রী মোদীয়ে যোৱা বৃহস্পতিবাৰে তেলেংগানাৰ এখন নির্বাচনী সভাত অভিযোগ কৰে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিগত সময়ছোৱাত দেশৰ দুই শীর্ষস্থানীয় উদ্যোগপতি আম্বানী আৰু আদানীক সমালোচনা কৰি আহিছে; কিন্তু নির্বাচন ঘোষণাৰ পাছতে তেওঁ তাৰ পৰা বিৰত আছে। আম্বানী আৰু আদানীৰ পৰা কংগ্ৰেছ নেতাজনে বৃহৎ পৰিমাণৰ ক’লা ধন লাভ কৰাৰ কাৰণেই এনেদৰে দুয়োকে সমালোচনা কৰাৰ পৰা আঁতৰি আছে। প্রধানমন্ত্রীয়ে আৰু কয় যে আম্বানী-আদানীয়ে বস্তাই বস্তাই ক’লা ধন ভৰাই টেম্প’যোগে কংগ্রেছ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে।

মোদীৰ এই ভাষ্যই দেশজুৰি ব্যাপক চর্চা লাভ কৰে; কিয়নো এই কথা সমগ্র দেশবাসীৰে জ্ঞাত যে উল্লিখিত দুই উদ্যোগপতিৰ স’তে প্রধানমন্ত্রী মোদীৰহে আটাইতকৈ বেছি ঘনিষ্ঠতা। সেই সূত্রেই মোদীৰ কাৰ্যকালত অবৈধভাৱে দেশৰ বহু মূল্যৱান সম্পদ এই দুই উদ্যোগপতিক কেন্দ্ৰীয় চৰকাৰে গতাই দিছে। ৰাহুল গান্ধীয়ে বিগত এক দশক ধৰি সংসদৰ ভিতৰে-বাহিৰে এই দুই উদ্যোগপতিৰ স’তে থকা প্রধানমন্ত্রী মোদীৰ অশুভ ঘনিষ্ঠতাৰ প্ৰসংগ বাৰে বাৰে দেশবাসীৰ সম্মুখত উত্থাপন কৰি আহিছে।

লক্ষ্যণীয়ভাবে ইমান বছৰে প্রধানমন্ত্রী মোদীয়ে এই সম্পর্কত কোনো প্রতিক্রিয়া প্ৰকাশ কৰা নাই; অথচ নির্বাচনী লাভালাভৰ অংকৰে এইদৰে মোদী সৰৱ হৈ উঠাত সকলোৱে আশ্চর্যান্বিত হৈ পৰে। লগে লগে স্পষ্ট হৈ পৰে যে দৰাচলতে ৰাহুল গান্ধীয়ে অভিযোগ কৰি অহাৰ দৰে আম্বানী-আদানীক ক’লা ধন উপাৰ্জনৰ সুযোগ মোদীয়ে দি আহিছে। তদুপৰি দেশত তাকো স্বয়ং ৰাজধানী দিল্লীতে টেম্প’ত বস্তাই বস্তাই টকা ভৰাই সৰবৰাহ কৰিব পৰা হৈ আছে।

তেন্তে ক’লা ধনৰ বিৰুদ্ধে মোদীৰ তথাকথিত কঠোৰ পদক্ষেপৰ স্বৰূপ ইয়েই উদঙাই দিয়া নাই নে? ক’লাধনৰ বিৰুদ্ধে সক্রিয় হৈ থকা কেন্দ্রীয় সংস্থাসমূহ ক’ত লুকাল? সেই বাবেই প্ৰধানমন্ত্ৰীৰ ভাষণৰ লগে লগে কংগ্ৰেছে ক’লা ধন সৰবৰাহৰ অভিযোগৰ তদন্ত কৰিবলৈ ইডি-চিবিআই-আয়কৰ বিভাগক নির্দেশ দিবলৈ মোদীক প্রত্যাহ্বান জনায়।

টেম্প’ৰ জৰিয়তে ক’লা ধন আদায় লোৱাৰ অভিজ্ঞতা মোদীৰহে আছে বুলিও কটাক্ষ কৰে। এনে বিৰূপ প্রতিক্রিয়াত শ’লঠেকত পৰি মোদীয়ে তাৰ পাছত আৰু এই সম্পর্কত টু শব্দ এটিও কৰা নাই।

লক্ষ্যণীয়ভারে জম্মু-কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰি অহা ৩৭০ ধাৰা প্ৰত্যাহাৰক লৈ মোদী চৰকাৰে বৃহৎ দাবী সাব্যস্ত কৰি আহিছে। তদুপৰি ৰাজ্যখনক দুটা কেন্দ্রীয়শাসিত অঞ্চলত বিভক্ত কৰি পূৰ্বৰ হিংসাত্মক পৰিস্থিতিৰ অৱসান ঘটোৱাৰ লগতে উন্নয়নৰ দিশত আগুৱাই নিয়া হৈছে বুলিও দাবী কৰি আহিছে; কিন্তু বাস্তৱ পৰিস্থিতি যে তাৰ বিপৰীত তাক দাঙি ধৰিবলৈ দুটা উদাহৰণেই যথেষ্ট। বিজেপিয়ে কাশ্মীৰ উপত্যকাত এইবাৰ নির্বাচনী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ পৰাই আঁতৰি থাকিবলগীয়া হয় একমাত্র আমানতৰ ধন হেৰুওৱাৰ আশংকাত ৷

একেদৰে অতিশয় পৰিৱেশ সংবেদনশীল লাডাখ উপত্যকাত কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী ভূমিকাক লৈ সৃষ্টি হোৱা ৰাজহুৱা ক্ষোভেই অঞ্চলটোৰ প্ৰকৃত প্রতিচ্ছবি দাঙি ধৰে। ভাৰতৰ বৃহৎ পৰিমাণৰ ভূমি চীনৰ দ্বাৰা বেদখল কাৰ্য দেশবাসীৰ দৃষ্টিৰ পৰা লুকুৱাই ৰখা আৰু লাডাখৰ প্ৰাকৃতিক সম্পদ বিশেষ উদ্যোগ গোষ্ঠীক গতাই দিয়াৰ উদ্দেশ্যেই যে অঞ্চলটোক লৈ কেন্দ্ৰীয় চৰকাৰে ক্ষতিকাৰক ভূমিকা গ্রহণ কৰিছে সেয়া আৰু লুকাই থকা নাই। তাৰ প্রতিবাদতে লাডাখবাসীয়ে ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে।

সম্প্রতি অন্তর্বর্তী জামিন লাভ কৰি কাৰামুক্ত হোৱা দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে প্রকাশ কৰা ভাষ্যই এক নতুন চৰ্চাৰ সুযোগ আনি দিছে। ইতিমধ্যে সমগ্ৰ উত্তৰ প্ৰদেশজুৰি চৰ্চা চলি আহিছে যে তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে প্রধানমন্ত্রী মোদীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্রী পদৰ পৰা যোগী আদিত্যনাথক অপসাৰণ কৰিব ৷

২০১৪ৰ নিৰ্বাচনৰ পাছতে ৭৫ বছৰৰ ঊর্ধ্বৰ দলীয় নেতাসকলক অৱসৰ প্ৰদানৰ এক নীতি প্রধানমন্ত্রী মোদীয়ে আৰম্ভ কৰিছিল। যিহেতু মোদীয়ে কেইমাহমান পাছতে ৭৫ বছৰত ভৰি দিব, সেয়েহে তেওঁৰ উত্তৰসুৰীৰূপে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক স্থাপনৰ উদ্দেশ্যেই এনে পদক্ষেপ গ্রহণ কৰা হ’ব বুলি উত্তৰ প্ৰদেশৰ ঠাকুৰ সম্প্ৰদায়ৰ মাজত আশংকা আৰু ক্ষোভৰ সৃষ্টি হৈছে। এনে কোনো সম্ভাব্য পদক্ষেপৰ বিৰুদ্ধে আনকি ঠাকুৰ সমাজে মহাপঞ্চায়তো আহ্বান কৰি বিজেপি নেতৃত্বক সকীয়নি দিছে। কিয়নো ইতিমধ্যে পূর্বতকৈ অধিক সংখ্যক আসন লাভৰে মধ্যপ্ৰদেশৰ শেহতীয়া বিধানসভা নির্বাচনত জয়লাভৰ পাছতো ৰাজ্যখনৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানক অপসাৰণ কৰা হয়।

একেদৰে ৰাজস্থান আৰু চত্তিছগড়তো প্রাক্তন মুখ্যমন্ত্রীদ্বয় ক্রমে বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু ৰমণ সিঙক মুখ্যমন্ত্রী পদৰ বাবে বাছনি কৰা নহ’ল। লগতে হাৰিয়ানাৰ মুখ্যমন্ত্রী মনোহৰলাল খট্টৰকো আকস্মিকভাৱে পদৰ পৰা অপসাৰণ কৰা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশত ঠাকুৰ সম্প্ৰদায়ৰ সদস্য আদিত্যনাথবো একেই পৰিণতি হ’ব বুলি শংকাৰ সৃষ্টি হৈছে।

এই বিষয়টোকে দাঙি ধৰি কেজৰিৱালে শনিবাৰে কয় যে কেৱল বিৰোধী নেতাসকলক জেললৈ প্ৰেৰণ কৰাতে ক্ষান্ত নাথাকি প্রধানমন্ত্রী মোদীয়ে পুনৰ ক্ষমতা লাভ কৰিলে বিজেপিৰ শক্তিশালী নেতাসকলৰো ৰাজনৈতিক ভবিষ্যৎ ধ্বংস কৰি পেলাব। ‘এক দেশ এক নেতা’ৰ নীতি ৰূপায়ণৰ উদ্দেশ্যেই মোদীয়ে এনে কূটকৌশল ৰূপায়ণ কৰা বুলি তেওঁ উল্লেখ কৰে।

প্রশ্নটো হৈছে, বিজেপিয়ে দাবী কৰা ধৰণে তৃতীয়বাৰলৈ কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে ই কোন দিশত অগ্ৰসৰ হ’ব? ভোটৰ স্বাৰ্থত আজি যি ধৰণে বিদ্বেষ বৃদ্ধি কৰা হৈছে, নতুন চৰকাৰ গঠনৰ পাছত তাক আঁতৰ কৰাটো কিদৰে সম্ভৱ হ’ব? কেৱল ধর্ম বিশেষ নহয়, দেশৰ বিভিন্ন অঞ্চলত তথা বিভিন্ন ক্ষেত্রত এনে ক্ষোভ-অসন্তুষ্টিয়ে গা কৰি উঠিছে। সাম্প্রতিক নির্বাচনী পৰিৱেশে কিন্তু আগন্তুক চৰকাৰৰ অধীনতো অধিক জটিলতা সৃষ্টিৰ আশংকাহে দাঙি ধৰে।

ফোন:৯৪৩৫০-১০৩৫০

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Election ResultsLoksabha Election 2024PM Modipranjal sen dekaSpl Articles
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d