Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Extensive preparations for Durga Puja in Guwahati:ৰাজ্যজুৰি চমক সৃষ্টিৰে দুৰ্গা পূজাৰ ব্যাপক প্রস্তুতি

মহানগৰীৰ পূজা সমিতিলৈ কঠোৰ নীতি-নিৰ্দেশনা জাৰি প্ৰশাসনৰ, পৰিৱেশ অনুকূলসামগ্ৰীৰে প্ৰতিমা নির্মাণ কৰিব লাগিব, ৪০ লাখ টকা পর্যন্ত বাজেট ধাৰ্য কৰিছে সমিতিয়ে, নামচাইৰ গ'ল্ডেন পাগুডাৰ আর্হিত লতাশিলৰ পূজা, চীনৰ বিখ্যাত হোটেল গ্রেণ্ড লিছব'য়া আর্হিত আজাদ হিন্দ ক্লাবৰ পূজা

samimsultana by samimsultana
September 21, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Extensive preparations for Durga Puja in Guwahati:ৰাজ্যজুৰি চমক সৃষ্টিৰে দুৰ্গা পূজাৰ ব্যাপক প্রস্তুতি
3
SHARES
28
VIEWS
ShareShareShareShare

Extensive preparations for Durga Puja in Guwahati:

বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো ৰাজ্যজুৰি আৰম্ভ হৈছে শাৰদীয় দুর্গোৎসৱৰ ব্যাপক প্রস্তুতি। প্রকৃতি সুৰক্ষা, প্লাষ্টিক বর্জনকে ধৰি বিভিন্ন বিষয়বস্তুক লৈ পূজা মণ্ডপে মণ্ডপে চলিছে চমক সৃষ্টিৰ পৰিকল্পনা। পঞ্জিকাৰ গণনা অনুসৰি, ন অক্টোবৰ ২২ আহিন বুধবাৰে দেবী দুর্গাৰ ষষ্ঠ্যাদি কল্পাৰম্ভ আৰু সস্তী বিহিত পূজা, বোধন, সন্ধ্যা দেবীৰ আমন্ত্ৰণ আৰু অধিবাস হ’ব। এইবাৰ দেৱী দোলাত আহিব আৰু ঘোঁৰাত যাব।

ADVERTISEMENT

দুর্গা পূজা বুলি ক’লে উত্তৰ- পূৰ্বৰ দুৱাৰ মুখ গুৱাহাটী মহানগৰীৰ পৰিৱেশ সুকীয়া। মহনগৰীখনত সৰু-বৰ ছয় শতাধিক দুর্গা পূজা অনুষ্ঠিত হয় আৰু ইয়াৰে গৰিষ্ঠ সংখ্যক পূজা মণ্ডপৰ সা-সজ্জাই সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়। এইবাৰো ইয়াৰ ব্যতিক্রম নহয়। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো দেশ-বিদেশৰ মন্দিৰ, পৌৰাণিক কীৰ্তিচিহ্ন, হোটেল আদিৰ আর্হিত বহুকেইটা পূজা মণ্ডপ নির্মাণৰ প্রস্তুতি দ্রুতগতিত চলিছে আৰু এই মণ্ডপসমূহে ভক্তৰ মন জয় কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।

RelatedPosts

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

মদ্যপান কৰি ধুতি-গামোচা লৈ লাভ নাই ! সৰৱ দিগন্ত ভাৰতী 

মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ 

বিশেষকৈ অৰুণাচল প্ৰদেশৰ নামচাইস্থিত গ’ল্ডেন পাগোডা (সোণালী বৌদ্ধ মন্দিৰ) ৰ আৰ্হিত এইবাৰ লতাশিলৰ পূজা মণ্ডপ প্ৰস্তুত কৰা হৈছে। একেদৰে চীনৰ বিখ্যাত হোটেল ‘গ্রেণ্ড লিছব ‘য়া’ আর্হিত পাণ্ডুৰ আজাদ হিন্দ ক্লাবৰ পূজা, ‘গংগাৰ পাৰৰ ৰূপ কথা’ৰ আৰ্হিত সুভাষ নগৰৰ পূজা, ৰাজস্থানৰ পৌৰাণিক অট্টালিকাৰ আর্হিত বিষ্ণুপুৰৰ পূজা, হেৰী পটাৰৰ আৰ্হিত নতুনবস্তি পূজা, টি-২০ বিশ্বকাপ ট্রফীৰ আৰ্হিত কালীবাড়ীৰ পূজা মণ্ডপ নির্মাণ কাম আৰম্ভ কৰা হৈছে।

সংশ্লিষ্ট পূজা সমিতিসমূহে এই মণ্ডপসমূহে ভক্তক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰিছে। মহানগৰীৰ বিভিন্ন স্থানত প্রায় ৪০ লাখ টকা পর্যন্ত বাজেট লৈ বিভিন্ন সমকালীন বিষয়বস্তুৰে পূজা মণ্ডপ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। উল্লেখ্য যে দেৱী বন্দনাৰ সমানে সমানে বিভিন্ন সমকালীন বিষয়বস্তুক লৈ প্ৰযুক্তিৰ পয়োভৰৰে সজ্জিত তথা জিলিকি উঠা দূর্গা পূজাৰ মণ্ডপসমূহে ভক্তসকলক এক উছাহভৰা আনন্দ তথা পৰিৱেশ দি আহিছে। এইবাৰৰ পূজাৰ মণ্ডপসমূহো ইয়াৰ ব্যতিক্ৰম নহ’ব। বিশেষকৈ মহানগৰীৰ মালিগাঁও-পাণ্ডু অঞ্চলত অনুষ্ঠিত দুর্গা পূজাসমূহৰ এক সুকীয়া পৰিৱেশ বিৰাজ কৰে।

এইবাৰ ৭২ বৰ্ষত ভৰি দিয়া পাণ্ডুৰ আজাদ হিন্দ ক্লাবৰ দুর্গা পূজা সমিতিয়ে প্রস্তুতি তুংগত তুলিছে। ৩০ লাখ টকাৰ বাজেটৰ আজাদ হিন্দ ক্লাবৰ দুর্গা পূজাৰ এইবাৰৰ বিশেষ আকর্ষণ হৈছে চীনৰ প্ৰখ্যাত হোটেল ‘গ্রেণ্ড লিছব’য়া’। একেদৰে মালিগাঁৱৰ সুভাষ নগৰ সাৰ্বজনীন দুর্গা পূজাৰ এইবাৰ ৫০ সংখ্যক পূজাৰ মূল আকর্ষণ হৈছে নদীকেন্দ্রিক সভ্যতা তথা ‘গংগাৰ পাৰৰ ৰূপকথা’। ১৫ লাখ টকাৰ বাজেট নির্ধাৰণ কৰি মণ্ডপ নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে পূজা সমিতিয়ে।

ইয়াৰ উপৰি ৭৪ বছৰত ভৰি দিয়া বিষ্ণুপুৰ সাৰ্বজনীন দুর্গা পূজাৰ এইবাৰৰ মূল আকর্ষণ হ’ব ৰাজস্থানৰ পৌৰাণিক অট্টালিকা পুৰণা হাভেলী’। একেদৰে ২৫ লাখ টকাৰ বাজেটৰ ৫০ সংখ্যক আৰ্য নগৰৰ নতুনবস্তি সার্বজনীন দুর্গা পূজা সমিতিৰ মূল আকর্ষণ তথা বিষয়বস্তু হ’ব ‘হেৰী প’টাৰ’। ৫৫ সংখ্যক ভাস্কৰনগৰ সাৰ্বজনীন দুর্গা পূজাৰ বিষয়বস্তু হৈছে জগন্নাথ ৰথযাত্রা। উল্লেখ্য যে আইচিচি টি-২০ ক্রিকেট বিশ্বকাপ ট্রফীৰ আর্হিত এইবাৰ কালীবাড়ী কল’নী দুর্গা পূজাৰ মণ্ডপ প্ৰস্তুত কৰা হৈছে।

ইপিনে, ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰৰ গুৱাহাটী সার্বজনীন দুর্গা পূজাৰৰ এইবাৰৰ ৪৮ সংখ্যক পূজাৰ বাজেট হৈছে ২৫ লাখ। সমিতিৰ সম্পাদক বিজিত প্রদীপ দাসে কয় যে থলুৱা শিল্পীয়ে এইবাৰৰ পূজাৰ মূল মণ্ডপ প্ৰস্তুত কৰিব আৰু মণ্ডপৰ আৰ্হিহ’ব নামচাইস্থিত গ’ল্ডেন পাগোডা। অষ্টমীত মিনি থিয়েটাৰ, নৱমীত পুতলা নাচকে ধৰি বিভিন্ন কাৰ্যসূচী ৰখা হৈছে বুলি তেওঁ লগতে সদৰী কৰে। একেদৰে বৃহত্তৰ কাহিলিপাৰাৰ সাৰ্বজনীন দুর্গা পূজাৰ এইবাৰৰ বাজেট হৈছে সাতৰ পৰা আঠ লাখ টকা। সমিতিৰ সদস্য হীৰেন্দ্ৰ প্ৰসাদ ভট্টাচাৰ্যই সদৰী কৰা অনুসৰি, ২২ সংখ্যক এইবাৰৰ পূজাৰ বিষয়বস্তু হৈছে প্রকৃতি সংৰক্ষণ আৰু প্লাষ্টিক বর্জন। এই আর্হিৰে পূজা মণ্ডপ নিৰ্মাণ কৰা হ’ববুলি উল্লেখ কৰি তেওঁ এইবাৰ দেৱী আগমন আৰু গমন দুয়োটাই শুভ নহয় বুলি কয়।

আনহাতে, খানাপাৰা ফার্মগেটৰ দুর্গা পূজা সমিতি, গণেশগুৰিৰ গণেশমন্দিৰ তিলিআলিৰ সাৰ্বজনীন দুর্গা পূজা সমিতি, বৃহত্তৰ নাৰেংগী দুর্গা পূজা সমিতি,বিষ্ণুপুৰ বিমলানগৰ দুর্গা পূজা সমিতি, সদৌ জাপৰিগোগ সার্বজনীন পূজা সমিতি, ছাত্রীবাৰী পূজা সমিতি, বেলতলা লক্ষ্মীমন্দিৰ সাৰ্বজনীন পুজা সমিতি আদিয়েও বিভিন্ন বিষয়বস্তুক লৈ পূজাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে।

➡️ পূজা সমিতিলৈ কঠোৰ নীতি-নির্দেশনা: পৰিৱেশ অনুকূল সামগ্ৰীৰে প্ৰতিমা নির্মাণ

ইফালে, নিৰাপত্তাৰ দিশটোৰ লগতে সৃষ্টি হ’ব পৰা যান-জটৰ সমস্যাক লৈ ইতিমধ্যে পূজা সমিতিসমূহৰ স’তে জিলা প্রশাসনে বৈঠক অনুষ্ঠিত কৰি কেতবোৰ নীতি-নির্দেশনা জাৰি কৰিছে।

বিশেষকৈ প্রতিমা নির্মাণত যাতে পৰিৱেশ অনুকূল সামগ্ৰীৰ ব্যৱহাৰ কৰা হয়, তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ পূজা সমিতিসমূহক আহ্বান জনাইছে জিলা প্রশাসনে। প্রতিখন পূজাথলীত ২৪ ঘন্টাই স্বেচ্ছাসেৱক নিযুক্ত কৰা, প্ৰতিখন পূজা মণ্ডপত চিচি কেমেৰাৰ ব্যৱস্থা কৰা, পূজাথলীত প্ৰৱেশ আৰু প্রস্থানৰ নিৰ্দেশনাৱলী মানি চলা, আলোকসজ্জাৰে তৈয়াৰী প্ৰৱেশ পথসমূহ জনসাধাৰণৰ অসুবিধা নোহোৱাকৈ উপযুক্ত স্থানত লগোৱা, বিসৰ্জনৰ শোভাযাত্ৰাৰ সময়ত উপযুক্ত গাড়ীৰ ব্যৱহাৰ কৰা, অনুজ্ঞাপত্ৰ থকা চালকক গাড়ী চলোৱাৰ অনুমতি প্রদান কৰা, প্রতিমা বিসর্জনৰ সময়ত কেৱল ধৰ্মমূলক সংগীতৰ ব্যৱস্থা কৰা, পদপথৰ দোকানসমূহৰ সম্পূৰ্ণ পৰিচয় সংগ্ৰহ কৰা, ভিভিআইপিৰ বাবে বেৰিকেডৰ ব্যৱস্থা কৰা আদি বিষয়ত গুৰুত্ব দিবলৈ পূজা সমিতিসমূহক নির্দেশ দিয়া হৈছে।

ইয়াৰ উপৰি প্ৰতিখন পূজাথলীত ‘হেল্পডেস্ক’ৰ ব্যৱস্থা কৰাৰ উপৰি দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে পৰিবহণ বিভাগে প্রস্তুত কৰা জনসজাগতামূলক ভিডিঅ’ পূজাস্থলীত প্রদর্শন কৰিব লাগিব। শাৰদীয় দুর্গোৎসৱৰ সময়ত পূজা মণ্ডপসমূহত বেনাৰ, দৃশ্য-শ্রাব্যৰ মাধ্যমৰে পথ-সুৰক্ষাৰ বাণী পচাৰ কৰিবলৈও আহ্বান জনোৱা হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Durga PujaExtensive preparationsGuwahati
samimsultana

samimsultana

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d