Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

samimsultana by samimsultana
September 30, 2024
in India, Assam, News
Reading Time: 4 mins read
0
diljit
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

Rage :আপোনাৰ বছে সৰু সৰু কথাক লৈ খং কৰে নেকি ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

ADVERTISEMENT

Coldplay, Diljit and two Indias:ক’ল্ডপ্লে, দিলজিৎ আৰু দুখন ভাৰত !

#প্রাঞ্জলসেন ডেকা

দুখন ভাৰতৰ উত্থান হৈছে- এখনে চৰম বিলাসী জীৱন উপভোগ কৰিছে আৰু আনখনে জীয়াই থকাৰ বাবে ন্যূনতম মৌলিক প্রয়োজনীয়খিনিৰ বাবে অহৰহ সংগ্রাম কৰিবলগীয়া হৈছে।

এয়া কোনো চৰকাৰী ভাষাত আৰবান নক্সাল অথবা ভাৰতবিৰোধী ব্যক্তি-সংগঠনে কোৱা কথা নহয়, এই ভাষ্য দেশৰ এজন আগশাৰীৰ উদ্যোগপতি আৰপিজি এণ্টাৰপ্ৰাইজেছৰ অধ্যক্ষ হর্ষ গোৱেংকাৰ। ভাৰতৰ একাধিক মহানগৰীত অনুষ্ঠিত হ’বলগীয়া বিভিন্ন সংগীতানুষ্ঠানৰ একো একোটা টিকট লাখ লাখ টকাত বিক্ৰী হোৱাৰ প্রসংগতে অর্বুদপতি উদ্যোগপতিজনে এইদৰে মন্তব্য কৰি বিভিন্ন মহলৰ দৃষ্টি আকর্ষণ কৰিছে।

দেশত আকাশলংঘী হৈ পৰা আর্থিক বৈষম্যই গঢ়ি তোলা দুখন পৃথক ভাৰতৰ ছবিয়ে সচেতন মহলৰ বিবেকক আঘাত হানি আহিছে। কিন্তু সাধাৰণতে এনে ধৰণৰ বিষয়ৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰা পুঁজিপতি এজনো এইবাৰ দেশৰ প্ৰকৃত ছবিখন দাঙি ধৰাৰ পৰা বিৰত নাথাকিল। ইয়াৰ পূর্বে ২০২১ত মার্কিন যুক্তৰাষ্ট্ৰত অনুষ্ঠান পৰিৱেশন কৰি জনপ্রিয় কমেডিয়ান বীৰ দাসে দেশৰ ক্রমবর্দ্ধমান বৈষম্য, ভণ্ডামি আদিক লৈ দুখন ভাৰতৰ ধাৰণাটো দাঙি ধৰি শাসক পক্ষ আৰু তেওঁলোকৰ সামৰ্থকসকলৰ কঠোৰ সমালোচনাৰ সম্মুখীন হৈছিল।

বিদেশত ভাৰতৰ ছবি বিনষ্ট কৰিবলৈ অপচেষ্টা চলোৱাৰ অভিযোগত কমেডিয়ানজনৰ বিৰুদ্ধে আদালতত এজাহাৰ দাখিল, গোচৰ ৰুজু আদি হোৱাৰ উপৰি প্ৰাণৰো সংশয়ৰ সৃষ্টি হৈছিল। সেই সুৰতেই সুৰ তুলি এইবাৰ হৰ্ষ গোৱেংকাই কয় যে চহৰীয়া ভাৰতীয়সকল স্পষ্টভাবেই ৰোটি-কাপড়া-মকানৰ পৰা জিন্দেগী না মিলেগী দোবাৰালৈ সলনি হৈছে। ৬৬ বছৰীয়া গোয়েকা মুম্বাইত মুখ্য কার্যালয় থকা আৰপিজি এণ্টাৰপ্ৰাইজেছৰ অধ্যক্ষ। দেশৰ অর্থনীতিৰ গুৰুত্বপূৰ্ণ খণ্ডৰ স’তে জড়িত কমেও ১৫টা কোম্পানীক লৈ ৪০ হেজাৰ কোটিটকীয়া কীয়া বিশাল সাম্রাজ্যৰ তেওঁ মুৰব্বী।

অহা ২০২৫ৰ ১৮ আৰু ১৯ জানুৱাৰীত মুম্বাইৰ ডি ৰাইই পাটিল স্টেডিয়ামত সংগীতানুষ্ঠান পৰিৱেশনৰ কথা জনপ্রিয় ব্রিটিছ বেণ্ড ক’ল্ডপ্লেৰ। ‘মিউজিক অব দ্য স্ফীয়েছ ৱৰ্ল্ড ট্যুৰ’ৰ অন্তৰ্গত মুম্বাইৰ এই অনুষ্ঠানৰ বাবে যোৱা দেওবাৰে দুপৰীয়া ১২ বজাত অনলাইনযোগে বিক্ৰীৰ বাবে টিকট মুকলি কৰি দিয়া হয়। এতিয়া আৰু পূৰ্বৰ দৰে দীঘলীয়া শাৰী পাতি টিকট কিনা-বেচাৰ প্ৰথা প্রায় উঠিয়েই গৈছে, সেয়েহে আজি কালি এনেধৰণৰ যিকোনো অনুষ্ঠানৰ প্রবেশ টিকট অনলাইনযোগে বিক্ৰীৰ বাবে একো একোটা সংস্থাক আনুষ্ঠানিকভাবে কর্তৃত্ব প্রদান কৰা হয়।

ক’ল্ডপ্লেৰ এই অনুষ্ঠানৰ টিকট বিক্ৰীৰ দায়িত্বত আছিল বুকমাইশ্ব’ নামৰ সংস্থাটো। সেইদিনা টিকট বিক্ৰী মুকলি কৰাৰ লগে লগে ৱেবছাইটটো ক্রেশ হৈ যায়। ডেৰ লাখ টিকট ক্রয়ৰ বাবে একে সময়তে এক কোটি ৩০ লাখৰো অধিক লোকে ৱেবছাইটত প্ৰৱেশ কৰাৰ ফলত ভৰ সহিব নোৱাৰি ৱেবছাইটটো ক্রেশ হয়। ২০ মিনিট পাছত ইয়াক পুনৰ সক্ৰিয় কৰি তোলা হয় যদিও ইতিমধ্যে দুয়ো দিনৰ অনুষ্ঠানৰ সমগ্র টিকট বিক্রী হৈ যায়।

বুকমাইশ্ব’ৰ টিকট বিক্রী শেষ হোৱা বুলি ঘোষণাৰ কিছুসময়ৰ পাছৰে পৰা আন আন বিভিন্ন ৱেবছাইটত কে’বাগুণ অধিক দামত টিকট বিক্রী হ’বলৈ ধৰে। ক’ল্ডপ্লেৰ অনুষ্ঠানৰ টিকটৰ সর্বনিম্ন মূল্য আঢ়ৈ হেজাৰ আৰু সর্বোচ্চ মূল্য ৩৫ হেজাৰ টকা ধার্য কৰা হৈছিল; কিন্তু পাছত সেই টিকটেই তিনি লাখৰ পৰা সাত লাখ টকাত বিক্রী হয়। এনেদৰে মুহূৰ্তৰ ভিতৰতে সকলো টিকট শেষ হৈ যোৱা আৰু পাছত লক্ষ লক্ষ টকাত ক’লা বজাৰত বিক্রী হোৱা ঘটনাই অনুৰাগীসকলক গভীৰভাবে ক্ষুব্ধ কৰি তোলে।

সেই বাবে তেওঁলোকক হতাশ কৰিব নিবিচাৰি ২১ জানুৱাৰীতো তৃতীয় দিনৰ কাৰণে অনুষ্ঠান পৰিৱেশন কৰিব বুলি ক’ল্ডপ্লেই ঘোষণা কৰে। ২০১৬ত মুম্বাইত সংগীতানুষ্ঠান পৰিৱেশন কৰি যোৱা ক’ল্ডপ্লে ন বছৰ পাছত পুনৰ ভাৰতত কাৰ্যসূচী লৈ আহিছে।

আধুনিক ৰক সংগীতৰ শীর্ষস্থানীয় বেণ্ড সমূহৰ অন্যতম হৈছে ক’ল্ডপ্লে। ১৯৯৭৩ লণ্ডনত গঠন হয় এই ৰক বেণ্ডৰ। ইউনিভাছিটি কলেজ লণ্ডনত ইয়াৰ সদস্যসকলৰ পৰিচয় ঘটে। প্রথমতে অৱশ্যে ইয়াৰ নাম আছিল বিগফেট নইজেছ আৰু কিছুদিন পাছতে নাম সলনি কৰে অৰফিছলৈ। ক্রমশ জনপ্রিয় হ’বলৈ ধৰাত ইয়ে ক’ল্ডপ্লে নাম লয়।

ক্ৰিছ মার্টিন এই বেণ্ডৰ প্রধান কণ্ঠশিল্পী তথা পিয়ানোবাদক। বেণ্ড গঢ়ি তোলাৰ কেইমাহমান পূর্বে ১৯৯৬ৰ ছেপ্টেম্বৰত তেওঁৰ স’তে পৰিচয় ঘটে গীটাৰবাদক জনী বাকলেণ্ডৰ। প্রথম অবস্থাত ক্রিছ আৰু জনীয়ে প্রায় প্রতি নিশাই গীত ৰচনা কৰি সুৰ দিয়ে আৰু তাৰ চৰ্চা কৰিবলৈ লয়। কিছুদিনৰ পাছত তেওঁলোকৰ স’তে তৃতীয় সদস্যৰূপে যোগ দিয়ে গায় বেৰিমেনে। অৱশ্যে তেতিয়ালৈ বেণ্ডত নাছিল কোনো ড্রামবাদক। ১৯৯৮৩ তেওঁলোকৰ বেণ্ডত জড়িত হয় ড্রামবাদক তথা পার্কাচনিষ্ট উইল চেম্পিয়ন। সেই বছৰৰে জানুৱাৰীত বেণ্ডৰ চাৰিও সদস্যই প্রথমবাৰলৈ সংগীতানুষ্ঠান পৰিৱেশন কৰে।

২০০০ত ‘পেৰাছ্যুটছ’ এলবাম মুকলিৰ জৰিয়তে ক’ল্ডপ্লেই সাফল্যৰ যাত্ৰা আৰম্ভ কৰে। এই বেণ্ড সংগীতানুষ্ঠান পৰিৱেশনৰ বাবে অতি বেছি জনপ্রিয়। তেওঁলোকে শিল্পকলা, ভাষ্য তথা কৃতিত্বৰ জৰিয়তে জনপ্রিয় সংস্কৃতিক প্রভাবিত কৰিবলৈ সক্ষম হৈছে। অকল সেয়ে নহয়, সাতোটা প্রেমীকে ধৰি ৪২২টা বিভিন্ন বঁটা অর্জন কৰিছে। তদুপৰি ৯০৮টা বঁটাৰ বাবে মনোনয়ন লাভ কৰি নিজৰ জনপ্রিয়তা আৰু প্ৰভাৱৰ পৰিচয় দিছে ক’ল্ডপ্লেই। ভাৰততো লক্ষ লক্ষ টকাত একো

একোটা টিকট বিক্ৰীৰ ঘটনাই তেওঁলোকৰ অনুৰাগীৰ উমান দিয়ে। নতুন প্রজন্মৰ মাজত অতি জনপ্রিয় ভাৰতীয় গায়ক দিলজিৎ দোছাঞ্জৰ অহা ২৬ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া দিল-লুমিনাটি ইণ্ডিয়া ট্যুৰৰ টিকটৰ ক্ষেত্ৰতো একে দৃশ্যই পৰিলক্ষিত হৈছে। দিল্লীত অনুষ্ঠিত হ’বলগীয়া প্ৰথমটো অনুষ্ঠানৰ বাবে ১২,৯৯৯ আৰু ১৯,৯৯৯ টকা মূল্যৰ টিকট বিক্ৰীৰ বাবে অনলাইনযোগে মুকলি দিয়াৰ কেইমিনিটমানৰ ভিতৰতে সম্পূর্ণ টিকট বিক্রী হৈ যায়।

তাৰ পাছৰে পৰা কে’বাগুণ অধিক মূল্যত অনলাইনতে ক’লা বজাৰত টিকট বিক্রী হয়। দিলজিতৰ এই ট্যুৰ’ৰ অনুষ্ঠান গুৱাহাটীকে ধৰি দেশৰ ১০খন মহানগৰত অনুষ্ঠিত হ’ব। এই সংগীতানুষ্ঠানৰ টিকটৰ মূল্য যথেষ্ট অধিক হোৱা বুলি বিভিন্নজনে অভিযোগ কৰাত গায়কগৰাকীয়ে ওলোটাই প্রতিক্রিয়া প্রকাশ কৰিছে যে তেওঁ ইমান সস্তীয়া নহয় যে মধ্যবিত্তই ঢুকি পাব!

ব্রায়ান আডামছ, ডুবা লিপা, এলান ৱকাৰ আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পীসকলৰ আসন্ন অনুষ্ঠানৰ ক্ষেত্ৰতো একে ধৰণৰ পৰিৱেশৰেই সৃষ্টি হৈছে। অকল সেয়ে নহয়, বজাৰত সদ্য মুক্তিপ্রাপ্ত এপল আইফোন-১৬ ক্রয়ৰ বাবেও ভাৰতৰ বিভিন্ন মহানগৰত আগদিনাৰ পৰাই গ্রাহকে এপল ষ্ট’ৰসমূহত শাৰী পতা দেখা যায়। ৮০ হেজাৰৰ পৰা এক লাখ ৬০ হেজাৰ টকা পর্যন্ত মূল্যৰ এই আইফোন-১৬ কিনিবলৈ ভাৰতীয়ৰ মাজত সৃষ্টি হোৱা আগ্রহেও বৈষম্যৰ ছবিখনকে অধিক প্রকট কৰিছে বুলি চর্চিত হৈছে।

লক্ষ্যণীয় যে আইফোন-১৬ৰ মূল্য ভাৰত আৰু আমেৰিকা অথবা ছিংগাপুৰৰ মাজত যথেষ্ট পার্থক্য। ভাৰতত এক লাখ ৬০ হেজাৰ টকাত বিক্রী হোৱা একেটা ফোনেই আমেৰিকাত মাত্র এক লাখ টকাত বিক্রী হৈছে। তৎসত্ত্বেও ভাৰতীয়ৰ মাজত হেতা-ওপৰা দেখি বহুতৰে চকু কপালত উঠিছে।

দেশত সম্প্রতি যি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে, সেয়া আন যিয়েই নহওক লাগিলে সুষম বুলি ক’ব পাৰি নে? সকলো দিশতে বৈষম্যই চৰম সীমা চেৰাই গৈছে। বিশ্বৰ সবাতোকৈ দ্রুত বিকশিত অর্থনীতি, বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থনীতি, ক্ৰমবৰ্দ্ধমান জিডিপিৰ হাৰ আদিৰ দাবীৰে দেশবাসীক সম্মোহিত কৰাৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে দেশত আর্থিক বৈষম্যই বিগত এক দশকত অভিলেখ স্থাপন কৰিছে।

যোৱা মাৰ্চত পেৰিছ স্কুল অৱ ইকনমিকছৰ ‘ৱৰ্ল্ড ইনইকুৱেলিটি লেব’ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰৰ এই শাসন কালছোৱাত ভাৰতত ধনী-দুখীয়াৰ বৈষম্যই অতীতৰ সকলো অভিলেখ ভংগ কৰিছে, আনকি ঔপনিবেশিক ব্রিটিছ শাসনকালকো ই চেৰাই গৈছে।

ভাৰতত প্রতিটো ক্ষেত্ৰতে বিভিন্ন ধৰণৰ বৈষম্য নতুন কথা নহয়। স্বাধীনতাৰ পূৰ্বৰে পৰাই বৈষম্যই দেশৰ প্ৰকৃত উন্নয়নত বাধাৰ সৃষ্টি কৰি আহিছে; কিন্তু অতি দুর্ভাগ্যজনক এয়ে যে প্রধানমন্ত্রী মোদীৰ শাসনত আর্থিক বৈষম্যই ব্রিটিছৰাজকো চেৰ পেলাইছে।

চাৰিগৰাকী বিশিষ্ট অর্থনীতিবিদ ক্রমে পেৰিছ স্কুল অৱ ইকনমিকছৰ থমাছ পিকেটি আৰু আনমোল ছোমাঞ্চি, নিউয়র্ক বিশ্ববিদ্যালয়ৰ নীতিন কুমাৰ ভাৰতী আৰু হার্ভার্ড স্কুলৰ লুকাছ চেনচেলে প্রস্তুত কৰা প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত এতিয়া ‘আধুনিক বুৰ্জোৱা শ্রেণী’ৰ নেতৃত্বত বিলিয়নেয়াৰৰাজ অর্থাৎ ধনকুবেৰৰ ৰাজত্ব চলিছে। এই ধাৰা অব্যাহত থাকিলে ভাৰতত লাহে লাহে ধনীৰ শাসন (যাক ধনিকতন্ত্র অথবা প্লুটোক্রেচি বুলি অভিহিত কৰা হয়) প্ৰৱৰ্তন হ’ব পাৰে বুলিও তেওঁলোকে উদ্বেগ প্রকাশ কৰিছে।

ভাৰতৰ আৰ্থিক বৈষম্য: ধনকুবেৰৰ ৰাজত্বত ব্ৰিটিছ ঔপনিবেশিক শাসনতকৈ অধিক বৈষম্য’ শীর্ষক উক্ত প্রতিবেদনত পৰিসংখ্যা দাঙি ধৰি কোৱা হৈছে যে যোৱা ২০২২-২৩ বৰ্ষত ভাৰতৰ মুঠ সম্পদৰ ৪০ শতাংশ কুক্ষিগত হৈছে দেশৰ আটাইতকৈ ধনী মাত্র এক শতাংশ লোকৰ। ভাৰতে স্বাধীনতা লাভব সময়ছোৱাত ইয়াৰ পৰিমাণ আছিল ১৫ শতাংশহে। দিন যোৱাৰ লগে লগে এনে প্রৱণতা অধিক বৃদ্ধি পাইছে। তেনেদৰেই দেশৰ মুঠ আয়ৰ ২২ শতাংশৰো অধিক সেই এক শতাংশৰ চন্দুকত সোমায়। লক্ষ্যণীয়ভাবে মার্কিন যুক্তৰাষ্ট্ৰ, দক্ষিণ আফ্রিকা, ব্রাজিল আদি দেশতো ৰাষ্ট্ৰীয় আয়ৰ অংশ ধনীসকলৰ ইমান বেছি নহয়।

সবাতোকৈ উদ্বেগজনক তথ্য হৈছে এয়ে যে আয়ৰ দিশৰ পৰা সৰ্বনিম্ন দেশৰ অর্ধেক জনসংখ্যা অর্থাৎ ৫০ শতাংশ লোকৰ আয় দেশৰ মুঠ আয়ৰ মাত্র ১৫ শতাংশহে। এই ৫০ শতাংশ লোকৰ গড় বার্ষিক আয় মাত্র ৭১ হেজাৰ টকা; অর্থাৎ প্রতিমাহে ছহেজাৰ টকাতকৈও কম। মাজৰ ৪০ শতাংশ লোকৰ গড় আয় বছৰি এক লাখ ৬৫ হেজাৰ টকা। ইয়াৰ বিপৰীতে ধনী এক শতাংশৰ গড় আয় ৫৩ লাখ টকা। এয়া সাধাৰণ ভাৰতীয়ৰ আয়ৰ ২৩ গুণ। তেনেদৰে দেশৰ সবাতোকৈ ধনী ১০ হেজাৰ লোকৰ গড় বার্ষিক আয় ৪৮ কোটি টকা; অর্থাৎ সাধাৰণ নাগৰিকৰ গড় আয়ৰ দুহেজাৰ গুণৰো অধিক।

উল্লেখ্য যে পেৰিছ স্কুল অৱ ইকনমিকছৰ ৱৰ্ল্ড ইনইকুৱেলিটি লেবত দীর্ঘদিন ধৰি বিশিষ্ট অর্থনীতিবিদসকলে সমগ্র বিশ্বৰ আৰ্থিক বৈষম্যক লৈ অধ্যয়ন কৰি আহিছে। অর্থনীতিবিদসকলে পৰিসংখ্যা বিশ্লেষণ কৰি মন্তব্য কৰিছে যে ২০১৪- ১৫ত প্রধানমন্ত্রী মোদীৰ শাসন আৰম্ভ হোৱাৰ সময়ৰ পৰা যোৱা ২০২২-২৩ বর্ষলৈকে আর্থিক বৈষম্য চূড়ান্ত পর্যায়ত উপনীত হৈছে। বিদেশী ৰাষ্ট্ৰ অথবা কোনো সংস্থাৰ দ্বাৰা মোদী চৰকাৰে যিকোনো ধৰণৰ স্বীকৃতি লাভ কৰিলেই ভাৰত বিশ্বগুৰু হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলি দাবী কৰিলেও সাফল্যৰ দাবীৰ নগ্নস্বৰূপ উদঙাই দিয়া এনেধৰণৰ প্ৰতিবেদনক চৰকাৰ আৰু ইয়াৰ সমৰ্থকসকলে সততে ভাৰতক হেয় প্রতিপন্ন কৰাৰ ষড়যন্ত্ৰৰূপেই অভিহিত কৰি আহিছে।

একেদৰেই দেশৰ যিকোনো ধৰণৰ সমস্যা অথবা সংকটৰ কাৰণে বিজেপি দল আৰু চৰকাৰে জৱাহৰলাল নেহৰু আৰু কংগ্ৰেছ চৰকাৰসমূহকে দায়ী কৰি আহিছে; কিন্তু উল্লেখিত প্রতিবেদনত অর্থনীতিবিদসকলে স্পষ্টভাৱেই কৈছে যে স্বাধীনতা লাভৰ পাছৰ পৰা ১৯৮০ৰ দশক পর্যন্ত আর্থিক বৈষম্য যথেষ্ট হ্রাস পাইছিল। পৰৱৰ্তী পৰ্যায়ত ই লাহে লাহে বৃদ্ধি পাবলৈ ধৰে। নতুন সহস্রাব্দৰ পৰা ই দ্রুত গতি লাভ কৰে।

২০১৪-১৫ৰ পৰা ২০২২-২৩ৰ সময়ছোৱাত এই বৈষম্য চূড়ান্ত শিখৰত উপনীত হয়। ধনী-দুখীয়াৰ মাজৰ এই বৈষম্যৰ ক্ষেত্ৰত ভাৰত এতিয়া কেৱল পেৰু, য়েমেনকে ধৰি দুই-এখন দেশতকৈহে তলত আছে। উপযুক্ত নীতি ৰূপায়ণ অবিহনে যিহেতু এনে বৈষম্য আঁতৰ নহয়, সেয়েহে এনেকুৱা বৈষম্যৰে ভাৰত বিশ্বৰ শীর্ষত উপনীত হ’লেও আচৰিত হ’বলগীয়া একো নাথাকিব।

মোদী চৰকাৰৰ কাৰ্যকালত মুষ্টিমেয় ধনকুবেৰে ৰাজত্ব চলাইছে বুলি দীর্ঘদিন ধৰি বিৰোধী দল তথা একাংশ পণ্ডিতে সমালোচনা কৰি আহিছে। প্রকৃত ছবি লুকুৱাই ৰাখি ধনীক অধিক ধনী কৰি তোলাৰ বিপৰীতে দৰিদ্ৰক অধিক দৰিদ্ৰ কৰি ৰখাটোৱে মোদী চৰকাৰৰ একমাত্র নীতি বুলি সমালোচকসকলে আঙুলিয়াই দিছে। শেহতীয়া অধ্যয়নে তাকেই পুনৰ প্ৰমাণ কৰিলে।

সাধাৰণ জনতাৰ পৰিৱৰ্তে সমাজৰ আটাইতকৈ ওপৰৰ শ্ৰেণীৰ মানুহৰ ওপৰতে সদায়ে চৰকাৰে দৃষ্টি দিছে। একেবাৰে তলৰ ৫০ শতাংশ আৰু মাজৰ ৪০ শতাংশ মানুহ অবদমিত হৈয়ে ৰৈছে। শিক্ষা অথবা অন্যান্য সা-সুবিধা আৰু পৰিৱেশ সকলোৰে বাবে সমানভাবে গঢ়ি তোলাৰ গণতান্ত্রিক ব্যৱস্থা কৰা হোৱা নাই। তদুপৰি দেশৰ কৰ ব্যৱস্থাই ধনীৰ পৰিৱৰ্তে দুখীয়াসকলৰ ওপৰতহে অধিক চাপ সৃষ্টি কৰি আহিছে। এইদৰে বিশ্লেষণ দাঙি ধৰি অর্থনীতিবিদসকলে উদ্বেগেৰে মত ব্যক্ত কৰিছে যে এই চূড়ান্ত বৈষম্যৰ বিৰূপ প্ৰভাৱ চৰকাৰ আৰু সমাজৰ ওপৰতো অৱধাৰিতভাৱে পৰিব। ফলত গণতান্ত্রিক প্রতিষ্ঠানসমূহ দুৰ্বল হৈ পৰিব।

স্বাধীনতাৰ পৰৱৰ্তী কালত এই গণতান্ত্রিক প্রতিষ্ঠানসমূহ দেশৰ এক আদর্শত পৰিণত হৈছিল; কিন্তু বিগত কেইবছৰমান ধৰি এইবোৰে স্বতন্ত্রতা আৰু নিৰপেক্ষতাৰ স’তে আপোচ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ কুপ্ৰভাৱত ভাৰত পুঁজিপতিৰ শাসনৰ দিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা প্ৰৱল হৈ উঠিছে। সেয়েহে এনে বৈষম্য হ্ৰাসৰ বাবে যথোচিত গুৰুত্ব আৰোপ কৰাৰ পোষকতা কৰিছে অর্থনীতিবিদসকলে।

তাৰেই এটি সমাধান সূত্র আগবঢ়াই তেওঁলোকে চৰকাৰক পৰামৰ্শ দিছে যে দেশৰ সবাতোকৈ ধনীসকলৰ সম্পদৰ ওপৰত দুই শতাংশকৈ কৰ আৰোপ কৰা হওক। তাৰ পৰা আহৰণ হ’বলগীয়া পুঁজিৰ শিক্ষা, স্বাস্থ্য, পুষ্টি আদিত চৰকাৰী বিনিয়োগ বৃদ্ধি কৰিলে কিছু সুফল হয়তো পোৱা যাব। লগতে সমাজৰ সকলোৱে বিশ্বায়নৰ সুফল ভোগ কৰিব পাৰিব। অৱশ্যে অর্থনীতিবিদৰ এনে পৰামৰ্শৰ বিপৰীতে মোদী চৰকাৰৰ নীতিয়ে বৈষম্য বৃদ্ধিতহে অৰিহণা যোগোৱাটো পৰিস্ফুট হৈছে।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ColdplayDiljitmusic Concertpranjal sen dekaSpl Articles
samimsultana

samimsultana

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d