Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ধুৰন্ধৰৰ শেষ আশ্রয় !

# প্রাঞ্জলসেন ডেকা

publisher by publisher
January 20, 2025
in India
Reading Time: 1 min read
0
ধুৰন্ধৰৰ শেষ আশ্রয় !
2
SHARES
17
VIEWS
ShareShareShareShare

ধুৰন্ধৰৰ শেষ আশ্রয় !

# প্রাঞ্জলসেন ডেকা

সুদীর্ঘ ২৭ বছৰৰ ব্যৰ্থতাৰ অন্ত পেলাই এইবাৰ দিল্লী বিধানসভা দখলৰ বাবে সর্বশক্তি প্রয়োগ কৰিছে ভাৰতীয় জনতা পার্টিয়ে। ১৯৯৩ত দিল্লী বিধানসভাৰ প্রথমটো নির্বাচনত মদনলাল খুৰানাৰ নেতৃত্বত বিজেপিয়ে জয়লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল যদিও তাৰ পাছৰ প্ৰতিটো নির্বাচনতে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে। ১৯৯৮ৰ পৰা একেৰাহে তিনিটা কার্যকাল শীলা দীক্ষিতৰ নেতৃত্বত কংগ্রেছে দিল্লীৰ শাসনভাৰ হস্তগত কৰে। ২০১৩ত কংগ্ৰেছ আৰু বিজেপিৰ মাজত ভুমুকি মাৰে দুর্নীতিবিৰোধী আন্দোলনৰ ফলশ্রুতিত গঠিত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টি(আপ) ৷

ADVERTISEMENT

সেইবাৰ প্ৰথমবাৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৭০ জনীয়া বিধানসভাৰ ২৮ খন আসন দখল কৰি দখল কৰি আপে চমক সৃষ্টি কৰে ৷ কোনো এটা দলেই সংখ্যাগৰিষ্ঠতা লাভ নকৰাত কংগ্ৰেছৰ সমৰ্থনত আপে দিল্লীৰ চৰকাৰ গঠন কৰে যদিও ৪৯ দিন পাছত মুখ্যমন্ত্রী কেজৰিৱালে পদত্যাগ কৰি পূর্ণ সংখ্যাগৰিষ্ঠতা লাভ কৰিহে পৰৱৰ্তী চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰে ।

RelatedPosts

অংক মাথোঁ লাভ-লোকচানৰ

Arvind Kejriwal:প্রার্থী ক্ৰয় কৰাৰ অভিযোগ আপৰ,ওলোটাই অভিযোগ বিজেপিৰো

57.7% voter turnout in Delhi at 5 p.m:দিল্লীত ৫ বজালৈকে ভোটদানৰ হাৰ ৫৭.৭ শতাংশ

২০১৫ ত অনুষ্ঠিত নির্বাচনত আম আদমীয়ে ৭০ খন আসনৰ ৬৭ খনেই দখল কৰি অভিলেখ স্থাপন কৰে। ২০১৪ৰ লোকসভা নির্বাচনত বিপুল জয় সাব্যস্ত কৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দিল্লী বিধানসভাৰ নিৰ্বাচনত ব্যাপক প্রচাৰ চলায় যদিও বিজেপিয়ে মুখথেকেচা খাবলগীয়া হয়। ইয়াৰ বিপৰীতে ১৫ বছৰ একেৰাহে শাসন কৰা কংগ্ৰেছ নিশ্চিহ্ন হয়। পৰৱতী ২০২০ৰ বিধানসভা নির্বাচনতো আম আদমীয়ে ৬২ খন আসন দখল কৰাৰ বিপৰীতে বিজেপিয়ে আঠখন লাভ কৰে। আনহাতে, দ্বিতীয়বাৰলৈ কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল। লক্ষ্যণীয়ভাবে ২০১৪ৰ পৰা বিগত তিনিওটা লোকসভা নির্বাচনত বিজেপিয়ে দিল্লীৰ সাতোটা লোকসভা সমষ্টিয়েই দখল কৰে যদিও বিধানসভাত সম্পূর্ণৰূপে ব্যর্থ হয়।

সেয়েহে এইবাৰ দিল্লী বিধানসভা দখলব বাবে বিজেপিয়ে সকলো ধৰণৰ কৌশল প্রয়োগ কৰিছে। আনকি নির্বাচনক দিন ঘোষণাৰ পূর্বেই স্বয়ং প্রধানমন্ত্রী মোদীয়ে প্ৰচাৰত নামি আম আদমী পার্টিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। অৱশ্যে বিজেপিৰ এনে চেষ্টা অথবা অপচেষ্টা কেবল নির্বাচনৰ সময়ছোৱাতে পৰিলক্ষিত হোৱা নাই; বৰঞ্চ বিগত ১০ বছৰীয়া শাসন কালত আম আদমী পাটিৰ চৰকাৰক এদিনৰ বাবেও নির্বিঘ্নে কার্যনির্বাহ কৰিবলৈ যে দিয়া নাই, সেয়া দেশবাসীৰ সম্মুখত স্পষ্ট হৈ আছে।

কেজৰিৱাল চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো সিদ্ধান্ত অথবা পদক্ষেপতে বিভিন্ন বৈধ-অবৈধ উপায়েৰে বাধাদান কৰি আহিছে মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। তাৰ বাবে আনকি দিল্লীৰ উপ-ৰাজ্যপালক ব্যৱহাৰ কৰি বিভিন্ন ‘অসাংবিধানিক পদক্ষেপ গ্রহণ কৰা হৈছে। সেই সকলো উপায়ৰেও সফল নহৈ মুখ্যমন্ত্রীকে ধৰি দলৰ আটাইকেইজন শীর্ষ নেতাকে দুর্নীতিৰ গোচৰত মাহৰ পাছত মাহ ধৰি কাৰাবন্দী কৰি ৰখা হৈছে। লক্ষ্যণীয়ভাবে এনেবোৰ গোচৰৰ কোনো এটাকে তদন্তকাৰী সংস্থাসমূহে প্রমাণ কৰিবলৈ সক্ষম হোৱা নাই।

এই কথাত সন্দেহ নাই যে চৌদিশৰ পৰা বিভিন্ন প্রত্যাহ্বানৰ গৰাহত পতিত হোৱা আম আদমী পাটিৰ আসন্ন নির্বাচনত পৰাজয়ে দলৰ বাবে অস্তিত্বৰ সংকট কঢ়িয়াই আনিব। সহযোগী তথা বিৰোধী দলত বিভাজনৰ অহৰহ চেষ্টা অব্যাহত ৰখা বিজেপিয়ে কেজৰিৱালৰ দলকো দুৰ্বল কৰাৰ কোনো সুযোগ এৰি নিদিব। ইয়াৰ বিপৰীতে এই নিৰ্বাচনত জয়ে কেজৰিৱাল আৰু আপৰ গুৰুত্ব ৰাষ্ট্ৰীয় ৰাজনীতিত বৃদ্ধি কৰিব; কাৰণ বিজেপি, কংগ্ৰেছৰ পাছত আম আদমীয়েই একমাত্র দল, যি একাধিক ৰাজ্যত শাসনত আছে আৰু সেইবাবেই ৰাষ্ট্ৰীয় দলৰ মৰ্যাদাও লাভ কৰিছে।

২০১৫ৰ নিৰ্বাচনৰ পূর্বেই আম আদমীয়ে দিল্লীৰ বাসিন্দাসকলক দুশ ইউনিটকে বিনামূলীয়া বিদ্যুৎ, দুহেজাৰ লিটাৰকৈ বিনামূলীয়া পানী যোগানৰ উপৰি মহিলাসকলৰ বাবে বিনামূলীয়া বাছ ভ্রমণকে ধৰি বিভিন্ন সুবিধা প্ৰদানৰ প্রতিশ্রুতি দিয়ে আৰু চৰকাৰ গঠনৰ পাছতে তাক ৰূপায়ণ কৰে। তদুপৰি শিক্ষা আৰু স্বাস্থ্য খণ্ডত অভাবনীয় পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হয়। ৰাজনীতিত পদার্পণৰ পাছৰে পৰাই কেজৰিৱালে কৈ আহিছে যে ৰাইজৰ সমস্যাসমূহ সমাধান কৰি সকলো ধৰণৰ সা-সুবিধা আগবঢ়োৱাটোৱে তেওঁৰ দল আৰু চৰকাৰৰ প্ৰধান লক্ষ্য।

কেজৰিৱাল চৰকাৰে প্রথম বাজেটতে শিক্ষা খণ্ডত ব্যয় ৪৫ শতাংশলৈ বৃদ্ধি কৰে যি সমগ্র দেশতে এক নজিৰ। ইয়াৰ জৰিয়তে চৰকাৰী বিদ্যালয়সমূহক উপযুক্ত আন্তঃগাঁথনিবে ব্যয়বহুল ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ উন্নতমানৰ কৰি গঢ়ি তোলাৰ উপবি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বিশেষ প্রশিক্ষণৰ পদক্ষেপো গ্রহণ কৰা হয়। আনকি বিদেশৰ পৰা বিশেষজ্ঞ আমন্ত্ৰণ কৰি আনি দিল্লীৰ চৰকাৰী শিক্ষক- শিক্ষয়িত্ৰীসকলৰ বাবে বিশেষ প্রশিক্ষণ প্রদান কৰে।

এনে কিছু শিক্ষক-শিক্ষয়িত্রীক বিদেশৰ বিশ্ববিদ্যালয়ত অধিক অধ্যয়নৰ সুযোগো প্রদান কৰা হয়। উপযুক্ত শিক্ষাইহে নৱ প্রজন্মৰ মাজত অধিক সুযোগৰ সৃষ্টি কৰিব আৰু ইয়েই দেশৰ পৰা দৰিদ্ৰতা দূৰ কৰাত মূল ভূমিকা গ্রহণ কৰিব বুলি কেজৰিৱালে সততে কৈ আহিছে। যোৱা এটা দশকত কেজৰিৱাল চৰকাৰে দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ বাবে ২২,৭০০টা উন্নতমানৰ শ্রেণী কোঠা নির্মাণ কৰে; অথচ তাৰ পূৰ্বৰ ৭০ বছৰত ২৪,৭০০ টা শ্রেণী কোঠাহে দিল্লীত নিৰ্মাণ কৰা হৈছিল।

সবাতোকৈ উল্লেখনীয় বিষয় এয়ে যে উন্নত আন্তঃগাঁথনি তথা শিক্ষাদানৰ অভাৱৰ অভিযোগ তুলি যি সময়ত দেশৰ অধিকাংশ বাজ্যৰে অভিভাৱকে নিজব সন্তানক চৰকাৰী স্কুলৰ পৰা লক্ষাধিক ছাত্র-ছাত্রীয়ে ব্যক্তিগত খণ্ডৰ নি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ভৰ্তি কৰিছে, সেই সময়তে ২০১৬ৰ পৰা দিল্লীৰ দুই বিদ্যালয় ত্যাগ কৰি চৰকাৰী বিদ্যালয়ত নামভর্তি কৰিছে। তদুপৰি এই সময়ছোৱাতে চৰকাৰী বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্র-ছাত্রীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ উন্নত ফলাফল প্রদর্শন কৰিবলৈ সক্ষম হৈছে। তেনেদৰেই দিল্লীৰ চৰকাৰী চিকিৎসালয়সমূহৰ সেৱা তথা আন্তঃগাঁথনি উন্নত কৰি তোলাৰ লগতে দিল্লীত স্থাপিত ৫৪০ খন ‘মহল্লা’ ক্লিনিকে কে’বা কোটি লোকক চিকিৎসা সেৱা প্ৰদান কৰিছে।

লগতে বয়স্কসকলৰ বাবে বিনামূলীয়া তীর্থ ভ্রমণৰ সুবিধাও দিছে। এয়া কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিৰ চৰকাৰৰ কেইটামান মাত্র উল্লেখনীয় সাফল্য। এই তালিকা আৰু যথেষ্ট দীঘলীয়া আম আদমী পার্টিৰ এনে বিনামূলীয়া সেবা প্রদান কাৰ্যক কঠোৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কৈ আহিছে যে দেশত সম্প্রতি ‘ৰেৱড়ী’ (বিনামূলীয়া সেৱা আৰু নগদ ধন) বিতৰণ কৰাটো একাংশ ৰাজনৈতিক দলৰ ক্ষমতা লাভব একমাত্র মাধ্যম হৈ পৰিছে। ই দেশৰ উন্নয়নৰ বাবে ঘাতক স্বৰূপ বুলি আখ্যা দি ইয়াৰ পৰা দেশবাসীক সতর্ক কৰি দিছে।

কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰম্ভ কৰি অসমসহ বিভিন্ন ৰাজ্যত বিজেপিয়েও ক্ষমতা দখলৰ বাবে একে ধৰণৰে আঁচনিয়ে ৰূপায়ণ কৰি আহিছে। অলপতে অনুষ্ঠিত হৈ যোৱা মহাৰাষ্ট্ৰৰ বিধানসভা নির্বাচনত বিজেপি নেতৃত্বাধীন ‘মহাযুটী’ৰ জয়লাভৰ মূল কাৰণৰূপে চিহ্নিত হৈছে এই চৰকাৰে ৰূপায়ণ কৰা ‘লাডকী বহিন’ আঁচনি। এই আঁচনিৰ অধীনত সকলো মহিলাক প্রতিমাহে নগদ ধন আগবঢ়োৱা হৈছে। সবাতোকৈ লক্ষ্যণীয় বিষয় এয়ে যে দিল্লী বিধানসভা নির্বাচনৰ বাবে সম্প্রতি বিজেপিয়ে ঘোষণা কৰা সংকল্পপত্ৰত আম আদমীৰ প্রতিশ্রুতিকো চেৰ পেলাই গৈছে।

দিল্লীব মহিলাসকলক প্রতিমাহে প্রদান কৰি অহা নগদ এহেজাৰ টকা পুনৰ চৰকাৰ গঠনত সক্ষম হ’লে ২১০০ টকালৈ বৃদ্ধিৰ প্রতিশ্রুতি দিছে আম আদমীয়ে। ইয়াৰ বিপৰীতে বিজেপিয়ে সেই ধন ২৫০০ টকালৈ বৃদ্ধিৰ প্রতিশ্রুতি প্রদান কৰিছে। লগতে অন্যান্য লোভনীয় প্রতিশ্রুতিৰ উপৰি বৰ্তমানৰ আম আদমীৰ চৰকাৰে ৰূপায়ণ কৰি থকা সকলো বিনামূলীয়া আঁচনি অধিক ব্যাপক ৰূপত অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে।

এনেদৰেই প্রধানমন্ত্রী মোদী আৰু বিজেপিৰ দুমুখীয়া স্থিতি পুনৰবাৰ প্ৰকট হৈছে। আন দলে রূপায়ণ কৰা বিনামূলীয়া আঁচনিক ‘ৰেৱড়ী’ বুলি সমালোচনা কৰা মোদীব দলে ক্ষমতা দখলৰ বাবে কেৱল তেনেবোৰ আঁচনি অব্যাহত ৰখাই নহয়, তাতকৈ অধিক ধন তথা সেবা প্রদানৰ প্রতিশ্রুতি দিছে। কেবল এয়ে নহয়, বিগত কালছোৱাত প্রায় প্রতিটো ক্ষেত্রতে মোদীৰ এনে সামঞ্জস্যহীন ভাষ্য আৰু কাৰ্য দেশবাসীয়ে প্রত্যক্ষ কৰি আহিছে। দুর্নীতিৰ মহানায়ক বুলি সমালোচনা কৰি কঠোৰ শাস্তি প্রদানৰ হুংকাৰ দিয়াৰ পাছদিনাই কেৱল ক্ষমতাৰ স্বার্থত দেশৰ তেনে কিমানজন বিৰোধী দলৰ নেতাক আঁকোৱালি “লৈ বৰপীৰা পাৰি দিছে, সেই তালিকা নিশ্চয় বহুতৰে চকুৰ সম্মুখত জিলিকি আছে।

তেনেদৰেই পূৰ্বৰ ইউপিএ চৰকাৰৰ কার্যকালত ভাৰতীয় টকাৰ মূল্য ডলাৰৰ তুলনাত হ্রাস পোৱাৰ সময়ত তদানীন্তন গুজৰাটৰ মুখ্যমন্ত্রী মোদীয়ে কি কঠোৰ ভাষাৰে সৰৱ হৈছিল, সেই কথা কোনে পাহৰিছে? টকাৰ মূল্য হ্রাসে দেশৰ কিমান ক্ষতিসাধন কৰিব তাৰ দীঘলীয়া তালিকা তেওঁ প্রতিখন সভাতে দাঙি ধৰিছিল। দেখাক দেখি দেশৰ বিভিন্ন ক্ষেত্ৰৰ আন একাংশ বিশিষ্ট ব্যক্তিও টকাৰ মূল্য হ্রাসে কঢ়িয়াই আনিব পৰা বিপর্যয়ক লৈ সৰৱ হৈছিল: অথচ সেই একেজন মোদীৰ কাৰ্যকালত টকাৰ মূল্য হ্রাসে ইতিহাস সৃষ্টি কৰিছে। ডলাৰৰ বিপৰীতে ভাৰতীয় টকা ৮৭লৈ হ্রাস পাইছে আৰু শীঘ্রে ই ৯০ৰ ঘৰ ছুবগৈ বুলি আর্থিক বিশেষজ্ঞসকলে আশংকা প্রকাশ কৰিছে।

ইয়াৰ উপৰি বিগত চাৰি-পাঁচ মাহত শ্বেয়াৰ বজাৰত ধাৰাবাহিক পতনৰ ফলত ইতিমধ্যে ৭০ লাখ কোটি টকাৰ লোকচানৰ সম্মুখীন হ’বলগীয়া হৈছে বিনিয়োগকাৰীসকল; অথচ টকাৰ মূল্য হ্রাসৰ দৰে গুৰুতৰ বিষয় অথবা প্রতিদিনে পতনমুখী শ্বেয়াৰ বজাৰৰ সম্পৰ্কত প্রধানমন্ত্রী মোদী সম্পূর্ণ নীৰৱ। আনকি দেশবাসীক আশ্বস্ত কৰিবলৈকো তেওঁ এষাৰ বাক্য প্রকাশ কৰা নাই। বিশিষ্ট অর্থনীতিবিদ প্রধানমন্ত্রী ডমনমোহন সিঙৰ কাৰ্যকালত টকাৰ মূল্য হ্রাসৰ সময়ত দেশে সম্মুখীন হ’ব পৰা বিপৰ্যয়সমূহ তেন্তে মোদীৰ কাৰ্যকালত নহ’ব বুলি দেশবাসীয়ে নিজকে আশ্বস্ত কৰিব লাগিৱ নেকি?

এইখিনিতে আৰু এক লক্ষ্যণীয় পার্থক্য দৃষ্টিগোচৰ হয়। সমগ্র বিশ্বই স্বীকৃতি প্রদান কৰা এগৰাকী অর্থনীতিবিদৰ শাসন কালত টকাৰ মূল্য হ্ৰাসৰ কাৰণে চৰকাৰ তথা প্ৰধানমন্ত্ৰীক সমালোচনাৰে থকাসৰকা কৰাসকল আজি সম্পূর্ণ নীৰক। বৰ্তমানৰ চৰকাৰৰ ৰোষত পবাৰ আশংকাতেই যে এনে নীৰৱতা তাৰ ব্যাখ্যা নিষ্প্রয়োজন। নাগৰিকৰ মতামত ব্যক্ত কৰাৰ বাবে আজি যে মুক্ত পৰিৱেশ নাই, সেয়া এনেবোৰ ঘটনাই স্পষ্ট কৰি তোলে। গতিকে এনেবোৰ কাৰ্যকলাপলৈ লক্ষ্য কৰি সেই শাশ্বত বাক্য শাবীয়েই মনলৈ আহে- বাজনীতি ধুৰন্ধৰৰ শেষ: আশ্রয়!

ফোন: ৯৪৩৫০-১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArticleDelhi Assembly electionদিল্লী বিধানসভাপ্রাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

April 28, 2026
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d