Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Three Autonomous Councils:দিছপুৰৰ হাতলৈ তিনি স্বায়ত্ত পৰিষদ !

ফেব্ৰুৱাৰীৰ প্ৰথম ভাগতে দুবাৰকৈ বর্ধিত কার্যকালৰ অন্ত পৰিব তিনি স্বায়ত্তশাসিত পৰিষদৰ, নিৰ্বাচন অনুষ্ঠিত কৰাৰ কোনো উম-ঘামেই নাই, চৰম অনিশ্চয়তাৰ পৰিৱেশ, কেবিনেটেহে গ্রহণ কৰিব সিদ্ধান্ত: মুখ্যসচিব

publisher by publisher
January 31, 2025
in News, Assam, India
Reading Time: 3 mins read
0
Three Autonomous Councils:দিছপুৰৰ হাতলৈ তিনি স্বায়ত্ত পৰিষদ !
2
SHARES
16
VIEWS
ShareShareShareShare

Three Autonomous Councils:

অসমৰ ৰাজ্যপালে ছমাহকৈ দুবাৰ অৰ্থাৎ এবছৰ কাৰ্যকাল বৃদ্ধি কৰাৰ পাছত চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ প্ৰথম ভাগতে পুনৰ অন্ত পৰিব ৰাজ্যৰ তিনি উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ-মিচিং, ৰাভা হাছং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বৰ্ধিত কার্যকাল।

ADVERTISEMENT

এই কার্যকাল সমাপ্ত হ’বলৈ মাজত মাথোঁ কেইটামান দিন আছে যদিও আজি পর্যন্ত নির্বাচনক লৈ অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ নাই কোনো প্রস্তুতি, পৰিকল্পনা। এই লৈ জনজাতীয় বৌদ্ধিক মহলত বৃদ্ধি পাইছে ক্ষোভ, উৎকণ্ঠা। সকলোৰে এটাই প্রশ্ন- ফেব্ৰুৱাৰীৰ পাছত পৰিষদ সমূহৰ কি হ’ব? ভংগ হ’ব নে চৰকাৰে নিজৰ নিয়ন্ত্ৰণলৈ নি পৰৱৰ্তী নির্বাচন অনুষ্ঠিত নোহোৱা পর্যন্ত অকামিলা কৰি ৰাখিব?

RelatedPosts

Assam Assembly Election 2026:কেবাখনো দেশৰ প্ৰতিনিধি দলে ৯ এপ্ৰিলত পৰিদৰ্শন কৰিব অসম বিধানসভা নিৰ্বাচনৰ ভোটদান

Home Voting System:অসমত আৰম্ভ হৈছে জ্যেষ্ঠ নাগৰিকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

Barpeta:বাতিল হ’ব পাৰে বৰপেটাৰ কংগ্ৰেছ প্রার্থী মহানন্দ সৰকাৰৰ মনোনয়ন !

উল্লেখ্য যে অহা পাঁচ ফেব্ৰুৱাৰীত মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু ১০ ফেব্ৰুৱাৰীত ৰাভা হাছং তথা সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বৰ্ধিত কাৰ্যকালৰ অন্ত পৰিব। উপগ্রহীয় স্বায়ত্তশাসিত পৰিষদসমূহৰ পৰৱৰ্তী নির্বাচন সন্দৰ্ভত দিছপুৰৰ এক সূত্রই ‘দৈনিক অগ্রদূত’ৰ আগত দাবী কৰে যে সমাগত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে স্বায়ত্তশাসিত পৰিষদসমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কোনো পৰিকল্পনা নাই অসম চৰকাৰৰ।

তথ্যবিজ্ঞ সূত্ৰটোৱে দাবী কৰা মতে, অন্ততঃ তিনিটা কাৰণত পৰিষদীয় নির্বাচন অনুষ্ঠিত কৰাত কাৰিকৰী অসুবিধা আছে। প্রথমতে, পঞ্চায়ত নির্বাচন আৰু পৰিষদীয় নির্বাচন একে সময়তে অনুষ্ঠিত কৰিব পৰাকৈ নিৰ্বাচন আয়োগৰ ওচৰত মানৱ-শক্তিৰ অভাৱ। দ্বিতীয়তে, সমাগত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ আগত নির্বাচনী কুচকাৱাজ আৰম্ভ হ’লে পৰিৱেশ বিঘ্নিত হোৱাৰ আশংকা আৰু তৃতীয়তে, ৰাজ্য চৰকাৰৰ ওচৰত সম্প্ৰতি পুঁজিৰ অভাৱ। স্বাভাৱিকতে এনে পৰিস্থিতিত প্রশ্ন হয়, তেন্তে স্বায়ত্তশাসিত পৰিষদসমূহৰ ভৱিষ্যত কি?

শেহতীয়াকৈ স্বায়ত্তশাসিত পৰিষদসমূহৰ নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ জনজাতীয় দল-সংগঠনৰ নেতৃত্বৰ মনত ভিতৰি ক্ষোভৰ উদ্‌গীৰণ হৈছে যদিও মুকলিকৈ প্ৰকাশ কৰাৰ সাহস গোটাব পৰা নাই; কিয়নো উল্লিখিত তিনিওখন পৰিষদেই বিজেপিৰ দখলত আছে। বিষোদগাৰ প্ৰকাশ কৰিবলৈ এপিনে দলীয় নেতৃত্বৰ ভয় আৰু আনপিনে মৌনব্রত পালন কৰিবলৈ হ’লে সাধাৰণ জনজাতীয় ৰাইজৰ ৰোষত পৰাৰ ভয়।

কেবল পৰিষদৰ ক্ষমতাত থকা নেতাসকল বুলিয়েই নহয়, এই সমগ্র বিষয়টোত মিচিং, ৰাভা হাছং আৰু সোণোৱাল কছাৰী জাতীয় দল-সংগঠনৰ নেতৃত্বয়ো ৰহস্যজনক কাৰণত নীৰৱতা অৱলম্বন কৰা দেখা গৈছে। উপগ্রহীয় স্বায়ত্তশাসিত পৰিষদসমূহৰ পৰৱৰ্তী নির্বাচন সন্দর্ভত মিচিং স্বায়ত্তশাসিত পৰিষদ (এমএচি) ৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘দৰাচলতে সোণোৱাল কছাৰী, ৰাভা হাছং আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন একে সময়তেই অনুষ্ঠিত হ’ব লাগে;

কিন্তু এমএচিৰ ক্ষেত্ৰত নিৰ্বাচনৰ পূৰ্বে কৰণীয় বহু কাৰিকৰী কাম অসম্পূৰ্ণ হৈ আছে। এমএচিৰ পৰিষদীয় সমষ্টিৰ সংখ্যা পূৰ্বৰ ৩৬টাৰ পৰা ৪০টলৈ বৃদ্ধি কৰা হৈছে। বহু বড়ো গাঁও কৰ্তন কৰাৰ বিপৰীতে মিচিং গাঁও অন্তর্ভুক্ত কৰাৰ প্ৰক্ৰিয়াও চলি আছে। এনেবোৰ প্ৰক্ৰিয়াত ৰাজ্যপালৰ অনুমোদন আৰু অসম চৰকাৰৰ দ্বাৰা ৰাজপত্র জাননী প্রকাশ কৰাটো সাংবিধানিক দস্তুৰ। গতিকে এমএচিক সম্প্রতি সময়ৰ প্ৰয়োজন।’

কাৰ্যকাল অন্ত পৰাৰ পাছতেই পৰিষদসমূহ বিধিসম্মতভাৱে অসম চৰকাৰৰ প্রশাসনিক নিয়ন্ত্রণলৈ যাব বুলি উল্লেখ কৰি এমএচিৰ মুখ্য কাৰ্যবাহী সদস্য চায়েঙীয়াই কয় যে কার্যকাল অন্ত পৰিলেও অতিসম্প্রতি ৰূপায়ণ হৈ থকা উন্নয়নমূলক আঁচনিসমূহৰ ধাৰাবাহিকতা ৰক্ষা কৰাত কোনো বাধা-নিষেধ নাই। সেয়েহে চিন্তাৰ বিশেষ কাৰণো নাই। অর্থাৎ, চায়েঙীয়াই আকাৰে-ইংগিতে ‘দৈনিক অগ্রদূত ‘ক বুজাবলৈ চেষ্টা কৰে যে এমএচিলৈ নকৈ পুঁজি আবণ্টন দিয়াৰ কোনো সম্ভাৱনা নাই আৰু কার্যকাল থাকক বা নাথাকক দিল্লী-দিছপুৰত নিজ দলৰ চৰকাৰ থকা হেতুকে ইতিমধ্যে আৱন্টিত পুঁজিৰ ধন খৰচ কৰাত কোনো অসুবিধাও নাই।

ইপিনে, ‘দৈনিক অগ্রদূত’ৰৈ হোৱা এক টেলিফোনিক বার্তালাপত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই কয়, ‘১০ ফেব্ৰুৱাৰীত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ দ্বিতীয় বর্ধিত কাৰ্যকালৰ সমাপ্ত হ’ব। কার্যকাল শেষ হ’লে পৰিষদখনক লৈ অসম চৰকাৰে আচলতে কি কি কৰিব মই সঠিক নাজানো। আমি বিচাৰো যিমান সোনকালে পাৰে চৰকাৰে পৰিষদসমূহৰ নিৰ্বাচন পাতক। আমি আগ্ৰহেৰে নিৰ্বাচনী যুঁজত অবতীর্ণ হ’বলৈ প্রস্তুত আছো। বাকী কাৰিকৰী কথা চৰকাৰেহে জানিব।’

পৰিতাপৰ কথা, বিষয়টো সন্দর্ভত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালৰ প্ৰতিক্রিয়া জানিবলৈ ‘দৈনিক অগ্রদূত’ৰ তৰফৰ পৰা কে’বাবাৰো যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও কোনো সঁহাৰি পোৱা নগ’ল।

উল্লেখ্য যে সাংবিধানিক বিধি-ব্যৱস্থা অনুসৰি গণতান্ত্রিকভাৱে নিৰ্বাচিত কোনো স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যকাল সমাপ্ত হ’লে আৰু নিৰ্ধাৰিত সময়ত পুনৰ নিৰ্বাচন অনুষ্ঠিত নহ’লে ৰাজ্যপালে ছমাহৰ সময়সীমাৰে সৰ্বোচ্চ দুবাৰ, অর্থাৎ এবছৰলৈ অধিসূচনা জাৰি কৰি কাৰ্যকাল বৃদ্ধি কৰিব পাৰে। দুবাৰকৈ কার্যকাল বৃদ্ধিৰ পাছতো যদি নির্বাচন অনুষ্ঠিত নহয়, তেন্তে পৰিষদখনক ৰাজ্য চৰকাৰে ভংগ অথবা নিজৰ সাধাৰণ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনলৈ নিব পাৰে! শেহতীয়া পৰিস্থিতিত অসম চৰকাৰে কি সিদ্ধান্ত ল’ব সেয়া লক্ষ্যণীয় হ’ব।

পৰিষদসমূহৰ বৰ্ধিত কার্যকালৰ সমাপ্তি আৰু পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটাই ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘পৰিষদসমূহৰ কাৰ্যকাল সমাপ্ত হ’লে পৰৱৰ্তী পদক্ষেপ কি হ’ব তাক বিচাৰ-বিবেচনা কৰাৰ সর্বোচ্চ ক্ষমতা অসম কেবিনেটৰ হাতত ন্যস্ত আছে। বিধি অনুসৰি অসম কেবিনেটেহে এই ক্ষেত্রত সঠিক সিদ্ধান্ত ল’ব পাৰিব। দুই এদিনতে অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। পৰৱৰ্তী সময়ত কেবিনেটৰ সিদ্ধান্তসমূহ ৰাজহুৱা কৰা হ’ব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Councils ElectionsECIGovt Of AssamTerm ExpiredThree Autonomous Councils
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d