Home Voting System:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ নটা দিন থকা অৱস্থাত সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটো স্বচ্ছভাৱে সম্পাদন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে ৷ বিশেষকৈ জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোক সকল ভোট কেন্দ্ৰলৈ নোযোৱাকৈয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে ৷
জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকে বেলটৰ জৰিয়তে ঘৰতে দিব পাৰিব ভোটদান । ইতিমধ্যে সোমবাৰৰ পৰা ৰাজ্যজুৰি জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকৰ সুবিধা হোৱাকৈ ঘৰে ঘৰে ভোট গ্ৰহণৰ বাবে নিয়োজিত নিৰ্বাচনী বিষয়া-কৰ্মচাৰীয়ে পদাৰ্পণ কৰিছে ৷ অৱশ্যে এই ব্যৱস্থা বাহাল থাকিব ২ এপ্ৰিললৈকে I






























