Earthquake in Assam:
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। আজি দিনৰ ১১- ০৬ বজৰত অনুভূত হয় এই জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰৰ কামজঙ। আনহাতে ভূমিকম্পৰ প্ৰাবল্য ৫.৭ বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ অনুভূত হয় গুৱাহাটী মহানগৰ সহ মেঘালয়,মণিপুৰৰ কিছু অঞ্চল ৷
নেশ্যনেল চেইজম’লজি চেণ্টাৰ (এন চি এছ)ৰ তথ্য অনুসৰি ভূমিকম্পটো ১১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল আৰু ইয়াৰ কেন্দ্ৰস্থল ২৪.৭৫ উত্তৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ ৯৪.৩৫ পূবত অৱস্থিত।
গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক সঞ্জয় শ্ব’ই সদৰি কৰা মতে গুৱাহাটী আৰু ইয়াৰ পাশ্বৱৰ্তী অঞ্চলত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। আনহাতে মণিপুৰতো ভূমিকম্পই জোকাৰি গৈছিল। যোৱা নিশা ১২.২০ বজাত মণিপুৰত ৪.১ প্ৰাবল্যৰ আন এক ভূমিকম্পই ৰাজ্যখনৰ কামজং জিলাত ৬৬ কিলোমিটাৰ গভীৰতাত আঘাত হানে।
উপযুপৰি দুটা ভূমিকম্পৰ ফলত মণিপুৰৰ কেইবাটাও অট্টালিকাত ফাট মেলিছে ৷ অৱশ্যে কোনো হতাহতৰ বিষয়ে জানিব পৰা হোৱা নাই। ইয়াৰ পূৰ্বে দিনৰ ভাগত ম্যানমাৰত একেৰাহে দুটাকৈ ভূমিকম্পৰ খবৰ পোৱা গৈছে। পুৱা ৩:৩৬ বজাত অঞ্চলটোত ৪.৭ প্ৰাবল্যৰ ভূমিকম্পৰ অনুভূত হয় ৷ আনহাতে আন এটা ৰিখটাৰ স্কেলত ৪.৫ প্ৰাবল্যৰ ভূমিকম্পৰ অনুভূত হয় ৷
উল্লেখ্য যে,২৭ ফেব্ৰুৱাৰীৰো মাজনিশা অসমত অনুভূত হৈছিল প্ৰৱল জোকাৰণি। ইয়াৰ অভিকেন্দ্ৰ আছিল মৰিগাঁৱত ৷ ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৫ ৷