CM Himanta Viswa Sarma:
ৰাজ্যৰ স্পৰ্শকাতৰ আৰু প্রত্যন্ত অঞ্চলৰ নাগৰিকক ব্যক্তিগত সুৰক্ষাৰ বাবে আগ্নেয়াস্ত্র লগত ৰাখিবলৈ চৰকাৰে উদাৰ মনেৰে অনুজ্ঞাপত্র প্রদান কৰিব বুলি ৰাজ্যিক কেবিনেটে গ্রহণ কৰা সিদ্ধান্তক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কোনে, কিদৰে এই অনুজ্ঞাপত্ৰ লাভ কৰিব তাৰ তথ্য সদৰী কৰে। অসমত খিলঞ্জীয়া ৰাইজে দীর্ঘদিনে উত্থাপন কৰি অহা এটা দাবী পূৰণৰ বাবে এই সিদ্ধান্ত লোৱ হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অৱশ্যে স্পষ্ট কৰি দিয়ে যে মেঘালয়, অৰুণাচল প্রদেশ, মিজোৰাম, নগালেণ্ড আদিৰ স’তে সংযুক্ত হৈ থকা আন্তঃৰাজ্যিক সীমান্ত অঞ্চলত এই নীতি প্রযোজ্য নহ’ব।
তাৰ বিপৰীতে নাম উল্লেখ নকৰাকৈ ইংগিতৰে এই কথা স্পষ্ট কৰি দিয়ে যে বাংলাদেশ সীমান্তৱর্তী আৰু ধর্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলতহে এই নীতি কার্যকৰী হ’ব। মুখ্যমন্ত্রীয়ে সদৰী কৰা অনুসৰি, অসমৰ খিলঞ্জীয়া তথা মূল আদিবাসী লোকসকলে অস্ত্ৰৰ অনুজ্ঞাপত্র প্রদান আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব।
আবেদনকাৰীসকল বৈধ পৰিচয় থকা ভাৰতীয় নাগৰিক হ’ব লাগিব। তদুপৰি তেওঁলোক ব্যক্তিগত নিৰাপত্তাহীনতাত ভোগা স্পৰ্শকাতৰ আৰু – দুর্গম অঞ্চলত বাস কৰা হ’ব লাগিব। এই বিশেষ আঁচনিখনৰ অৰ্হতাৰ মূল্যায়ন তিনিটা স্তৰত হ’ব। আবেদনকাৰীয়ে সঁচাকৈয়ে ভাবুকিৰ সন্মুখীন হৈছে নে নাই, তাৰ সত্যতা আৰক্ষী আৰু চোৰাংচোৱা সংস্থাৰ দ্বাৰা নিৰূপণ কৰা হ’ব।
তদুপৰি জিলাৰ আৰক্ষী অধীক্ষকৰো অনুমোদন লাগিব। অৰ্হতাৰ বিষয়টো সুৰক্ষা গোটৰ স’তে জিলা দণ্ডাধীশৰ পৰ্যালোচনাতো মূল্যায়ন কৰা হ’ব। অর্হতা সম্পন্নসকলক অস্ত্র আইন, ১৯৫৯ আৰু বিধি, ২০১৬ৰ অধীনত মাৰণাস্ত্ৰ লগত ৰখাৰ অনুজ্ঞাপত্র দিয়া হ’ব। সেই মাৰণাস্ত্ৰ কঠোৰভাৱে অহস্তান্তৰযোগ্য হ’ব।
মাৰণাস্ত্ৰৰ অপব্যৱহাৰ কৰিলে অনুজ্ঞাপত্ৰ বাতিলৰ লগতে আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰা হ’ব। ইপিনে, মাৰণাস্ত্ৰ প্ৰদানৰ বিষয়টো গৃহ আৰু ৰাজনৈতিক বিভাগৰ দ্বাৰা পর্যবেক্ষণ কৰা হ’ব। মুখ্যমন্ত্রীয়ে উল্লেখ কৰা অনুসৰি, স্পৰ্শকাতৰ অঞ্চলৰ নাগৰিকক আইনগত আত্মসুৰক্ষা আহিলাৰে – সবলীকৃত কৰাৰ বাবেই অস্ত্র অনুজ্ঞাপত্র আঁচনিখন গ্ৰহণ কৰা হৈছে। ভাবুকিৰ স’তে মোকাবিলা আৰু ব্যক্তিগত সুৰক্ষা বৃদ্ধিও হ’ল এই আঁচনিখনৰ উদ্দেশ্য।