Model Anganwadi Centre:
তিতাবৰত মডেল অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ নামত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলিছে আদিবাসী ছাত্ৰ সন্থাই। সমষ্টিটোৰ ৰজাবাহৰ গাঁও পঞ্চায়তৰ ক’লাপানীত নিৰ্মাণ কৰি থকা অংগনৱাড়ীকেন্দ্ৰটো প্ৰাকলকন মতে নকৰাৰ অভিযোগ কৰি সংগঠনটোৱে তিতাবৰ সমজিলা প্ৰশাসনক উচিত তদন্তৰ দাবী জনাইছে।
অভিযোগ অনুসৰি প্ৰাককলনমতে কেন্দ্ৰটো নিৰ্মাণত বীম আৰু খুটাঁ সমূহত 12mm ৰ’ডৰ পৰিৱৰ্তে ঠিকাদাৰে 10mm ৰ’ড ব্যৱহাৰ কৰি চূড়ান্ত দুৰ্নীতিত লিপ্ত হৈছে। তদুপৰি গাঁথনিত ব্যৱহাৰ কৰা ইটা আৰু বালিও অতি নিম্নমানৰ।
কেন্দ্ৰটো নিৰ্মাণৰ দায়িত্ব লাভ কৰা দিনেশ গগৈ নামৰ ঠিকাদাৰ জনৰ দুৰ্নীতি আৰু অনিয়মক প্ৰতিবাদ কৰিলে চাহ শ্ৰমিক সম্প্ৰদায়ৰ গাওঁৰ বাসিন্দা সকলক ঠিকাদাৰ জনেহে পুলিচত গোচৰ দিয়াৰ ভাবুকি প্ৰদান কৰে।
ঠিকাদাৰ জনৰ সমগ্ৰ কুকাৰ্যত তিতাবৰ উন্নয়ন খণ্ডৰ বিভাগীয় অভিযন্তাইও জড়িত থকা বুলি দাবী কৰি সংগঠনটোৱে অনতিবিলম্বে বিভাগীয় তদন্ত কৰিবলৈ দাবী জনায়।




































