Union Minister Pabitra Magherita at Titabar:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-গৌৰৱ গগৈ ৰাজপুত্ৰ আৰু ভাস্কৰজ্যোতি বৰুৱা চাহাব মানুহ। অসমত তেওঁলোকৰ অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰয়োজন আছে। কিন্তু সামাজিক উন্নয়নৰ বাবে তিতাবৰত বিজেপিক দৰকাৰ আছে বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিটাই।
আজি তিতাবৰত বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই তেওঁ আৰু কয় — গৌৰৱ গগৈৰ নিৰ্বাচনৰ সময়ত ভাস্কৰজ্যোতি বৰুৱাই অভিলেখ সংখ্যক ভোট যোগাৰ কৰি দিছিল। কিন্তু ভাস্কৰজ্যোতি বৰুৱাক কংগ্ৰেছে টিকট নিদিলে। গতিকে তেওঁলোকৰ কেমেট্ৰি সন্দেহজনক।
ভাস্কৰজ্যোতি বৰুৱা তিতাবৰৰ নিৰ্দলীয় প্ৰাৰ্থী বুলি সমালোচনা কৰি কয় যে এজন নিৰ্দলীয় প্ৰাৰ্থীক ভোট দি তিতাবৰৰ মানুহে নিজৰ ভোটতো নষ্ট নকৰে। তেওঁলোক চাহাব মানুহ, কেবাখনো বাগিচাৰ মালিক। গতিকে তেওঁলোকৰ চিন্তাধাৰাৰ লগত সাধাৰণ মানুহৰ, মাটিৰ লগত থকা মানুহৰ তুলনা নহয়।






























