আপোনালোক সকলোৱে নিশ্চয় জীবন বীমা, অংগ বীমা আৰু গাড়ীৰ বীমা আদিৰ কথা জানে বা নিজে ব্যৱহাৰ কৰি পাইছে। কিন্তু হার্টব্রেক বা হৃদয় ভঙাৰ বীমাৰ দৰে কোনো বীমা আঁচনিৰ কথা শুনিছেনে? আচৰিত হৈছে নহয়নে বাৰু?
আচৰিত যেন লাগিলেও সঁচা যে বজাৰত আজিকালি অন্যান্য বীমা আঁচনিৰ লগতে হৃদয় ভঙা বা প্রেমত প্ৰতাৰণাৰো বীমা উপলব্ধ। ভাৰতৰ কে’বাটাও ব্যক্তিগত খণ্ডৰ বীমা কোম্পানীয়ে নীৰৱে ভাঙি যোৱা প্ৰেমৰ সম্পৰ্কৰ বীমা প্রদান কৰে। পৰম্পৰাগত কাৰণৰ বাহিৰেও আন বিভিন্ন কাৰণত বীমা সেবা আগবঢ়াই আহিছে বিশ্বৰ বহু কোম্পানীয়ে।
আজিৰ প্ৰতিবেদনত এনে কেতবোৰ নতুন আৰু আচহুৱা বীমাৰ বিষয়ে জানো আহক… হার্ট ব্রেক বীমা: জীৱনলৈ প্রেম যেনেকৈ সংগোপনে আহে, ঠিক তেনেকৈয়ে সামান্য আঘাততে, নিমিষতে একো একোটা সম্পর্ক ধ্বংসও হ’ব পাৰে। এনে ব্যর্থ প্রেমিক-প্রেমিকাৰ বেদনা বহুসময়ত শব্দৰে প্রকাশ কৰিব নোৱাৰি।
কিন্তু তেনে লোকক সঁকাহ দিয়াৰ লগতে বীমা বজাৰখনত নিজ নিজ পৰিসৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে আজিকালি বহু বীমা সংস্থাই কেতবোৰ নতুন আঁচনি মুকলি কৰিছে। এই বীমাৰ জৰিয়তে এজন ব্যক্তিয়ে প্ৰেমৰ সম্পৰ্কত সোমোৱাৰ লগে লগেই নিজৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব পাৰে।
যদি কোনোবাই তেওঁক প্ৰতাৰণা কৰি এৰি গুচি যায় তেন্তে তেওঁ তাৰ বাবদ বীমাৰ ধন দাবী কৰিব পাৰে। বজাৰত চেফ্রন আৰু পায় নিয়াৰৰ দৰে কোম্পানীয়ে আপোনাক এই সুবিধা প্ৰদান কৰিব পাৰে। আনহাতে, হার্টব্রেক বীমা ম’না চমুকৈ’ মুভ অন না’ৰ দৰে আঁচনিয়েও শেহতীয়াকৈ বিপুল জনপ্রিয়তা লাভ কৰিছে।
আপুনি যদি এই পলিচীখন ক্রয় কৰি থয় তেন্তে আপোনাৰ প্ৰেমিক বা প্রেমিকাই প্ৰতাৰণা কৰি সম্পৰ্ক এৰিলে এই বীমা দাবী কৰিব পাৰে। কেৱল সেয়াই নহয়, প্ৰতাৰণাৰ বাবে বিবাহৰ কোনো অনুষ্ঠান আদি বাতিল হ’লে পলিচীধাৰীসকলে চর্তসাপেক্ষে অনুষ্ঠানটোৰ আয়োজনৰ নামত ব্যয় হোৱা খৰচৰ বাবদো বীমা লাভ কৰিব। অর্থাৎ যদি কোনো বিয়া বা বিবাহ বার্ষিকী অনুষ্ঠান আদি বাতিল হয়, তেন্তে এই বীমাই ক’ভাৰেজ প্ৰদান কৰিব।
শৰীৰৰ অংগৰ বীমা: সময়ৰ লগে লগে আমাৰ শৰীৰৰ কিছুমান অংগই সঠিকভাৱে কাম কৰা বন্ধ কৰি দিয়ে। এনে পৰিস্থিতিত মানুহে নিজৰ শৰীৰৰ অংগ-প্রত্যংগসমূহৰো বীমা কৰিব পাৰে। উচিত সময়ত বীমাৰ দাবী কৰি বীমাৰ টকাৰে অংগটো নতুনকৈ সংৰোপণ কৰিব বা তাৰ চিকিৎসা কৰিব পাৰি। উল্লেখ্য যে বলিউদ আৰু ভাৰতৰ ক্রীড়া জগতৰ বহু তাৰকাই নিজৰ শৰীৰৰ অংগসমূহৰ বীমা কৰি ৰাখিছে। এনে তাৰকাৰ তালিকাত শেহতীয়াকৈ অন্তর্ভুক্ত হৈছে ছানিয়া মির্জা, ৰজনীকান্তৰ নামো।
বেংক ডকাইতি বা দেউলীয়া বীমা : কোনো কাৰণত যদি আপুনি আপোনাৰ কষ্টোপার্জিত ধন জমা কৰা বেংকটো দেউলীয়া হয়, তেন্তে স্বয়ং চৰকাৰেই বীমা কৰা ধনখিনি আপোনাক ঘূৰাই দিব। এই বীমা থকা গ্রাহকে বেংক ডকাইতি বা দেউলীয়াৰ ক্ষেত্ৰত পাঁচ লাখ টকা পর্যন্ত বীমা লাভ কৰিব পাৰে।




































