বিহাৰৰ কাটিহাৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৩০ জন লোক আহত হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। শনিবাৰে সন্ধিয়া প্ৰায় ৬:৩০ বজাত কোধা ব্লকৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, এখন বাছ, এখন ট্ৰাক আৰু এখন পিকআপ ভেনৰ মাজত সংঘটিত এই সংঘৰ্ষত ঘটনাস্থলীতে সাতজন লোকৰ মৃত্যু হয়। আন আহতসকলক তৎকালীনভাৱে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ পাছত চিকিৎসাধীন অৱস্থাত আৰু ছজনৰ মৃত্যু হয়।
আৰক্ষী সূত্ৰ অনুসৰি, পিকআপ ভেনখনত থকা যাত্ৰীসকল পূৰ্ণিয়া জিলাৰ পৰা আহিছিল। আহতসকলক পূৰ্ণিয়াৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।তথ্য অনুসৰি নিহতসকলৰ সকলোৰে পৰিচয় এতিয়াও সম্পূৰ্ণৰূপে চিনাক্ত কৰা হোৱা।
দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও প্ৰাথমিকভাৱে বাছখনেই নিয়ন্ত্ৰণ হেৰুৱাই পিকআপ ভেনখনত খুন্দা মাৰে বুলি আৰক্ষীয়ে অনুমান কৰিছে। কাটিহাৰৰ পুলিচ অধীক্ষক আশুতোষ দ্বিবেদীয়ে জনোৱা মতে, নিহতসকলৰ বেছিভাগেই পূৰ্ণিয়াৰ বাসিন্দা আৰু কাটিহাৰৰো তিনিজন লোক এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে।
ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। তেওঁ নিহতসকলৰ পৰিয়াললৈ দুই লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হেজাৰ টকা আৰ্থিক সাহায্য ঘোষণা কৰিছে।
ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক শোক প্ৰকাশ কৰি নিহতসকলৰ পৰিয়াললৈ দুই লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হেজাৰ টকাৰ সহায় ঘোষণা কৰিছে। লগতে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুয়েও ঘটনাটোক লৈ শোক প্ৰকাশ কৰিছে।
বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ সম্পূৰ্ণ তদন্ত আৰম্ভ কৰিছে আৰু দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয়ৰ চেষ্টা অব্যাহত ৰাখিছে।






























