AASU Bihu in Latsil Play ground:✒️প্ৰতিবৰ্ষৰ দৰে এইবাৰো মহানগৰীৰ মাজমজিয়াৰ ঐতিত্যমণ্ডিত লতাশিল খেলপথাৰত মঙলবাৰে আয়োজন কৰা হয় মুকলি বিহু ৷ মুকলি বিহু আয়োজনৰ পূৰ্বে বৰ্ষীয়ান কণ্ঠশিল্পী জে পি দাসৰ কণ্ঠৰে নিগৰি অহা কে’বাটাও কালজয়ী গীতে মোহাচ্ছন্ন কৰে সকলোকে ।
উল্লেখ্য যে ৭৫ সংখ্যক লতাশিল বিহু সম্মিলনীৰ পতাকা উত্তোলন কৰি জেপি দাসে ভাষণ প্ৰসংগত কয়,মোৰ বয়স ৮০ বছৰ, আজি ৭৫ সংখ্যক লতাশিল বিহু সম্মিলনীৰ পতাকা উত্তোলন কৰিলো। আজি মই চকুপানী ধৰি ৰাখিব পৰা নাই’।
অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক- সাংবাদিক অনুৰাধা শৰ্মা পুজাৰী,মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া সহ কে’বাগৰাকী শিল্পী৷
উল্লেখ্য যে এই অনুষ্ঠানতে বিশিষ্ট শিক্ষাবিদ ড: অমৰজ্যোতি চৌধুৰীয়ে কে’বাটাও কথা- কবিতা গীতৰ মাজৰে উপস্থাপন কৰি সকলোকে মোহিত কৰে ৷ একেদৰে আছুৰ মুকলি বিহুত নানাৰঙী জাতি-জনগোষ্ঠীৰ নৃত্যৰ সমাহাৰ হয় ৷ কাৰ্যত: গৰু বিহুৰ দিনা ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ পৰিল মহানগৰী।
উল্লেখ্য যে মুকলি বিহু উদ্বোধনৰ আঁতধৰি আছুৰ সভাপতি উৎপল শৰ্মাই কে’বাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ শেহতীয়াকৈ গুৱাহাটী সহ ৰাজ্যৰ কে’বাটাও স্থানত অসমীয়া খিলঞ্জীয়াৰ ওপৰত প্ৰবাসী হিন্দীবাসীয়ে অপদস্থ ঘটনাক তীব্ৰ নিন্দা কৰি কয় ,অসমীয়া ধৈৰ্য আৰু সংযমক দুৰ্বলতা বুলিব ভাবিব নেলাগে ,ন’হলে সেই সকল অসম এৰিব বাধ্য হ’ব যেতিয়া অসমীয়া উদ্গীৰণ হ’ব ।






























