Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মহানগৰীত নিশা হ’লেই অপৰাধজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে মহানগৰীৰ সচেতন মহল ৷ গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই অপৰাধীয়ে ইটোৰ পিছত সিটোকৈ অপৰাধমূলক ঘটনা সংঘটিত হৈ আহিছে ৷ বুধবাৰে নিশা হাতীগাঁৱৰ কেৰাইকুছিত সংঘটিত হয় ছুৰিকাঘাতৰ ঘটনা ৷ দুই বন্ধুৰ মাজত সামান্য কথাত সৃষ্টি হোৱা সংঘাতৰ পৰিণতিত এজন বন্ধুৱে আন এজন বন্ধুক ছুৰীৰে আক্রমণ কৰে ৷ ফলত ছুৰীৰ আক্ৰমণত আঘাতপ্রাপ্ত মীৰ হুছেইন নামৰ যুৱকজন ৷ ঘটনাৰ পাছতে আহত মীৰ হুছেইনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় লোকে ৷ আনহাতে ঘটনা খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হোৱা হাতীগাঁও আৰক্ষীয়ে ইতিমধ্যে ৰাইজে ধৰি ৰখা ৰাহুল আমিনক আটক কৰে ৷































