Satgaon Theft Incident:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মহানগৰীৰ সাতগাঁও ৰে’ল লাইনৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ড ৷ পুৱতি নিশা শ্বাটাৰৰ তলা কাটি ভিতৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই লুটি নিয়ে প্ৰায় ৬ লাখ টকা মূল্যৰ ৮০খনকৈ চাইকেল ৷ চিচিটিভিত বন্দী চুৰিৰ সমগ্ৰ দৃশ্য। আনহাতে পুৱাই ঘটনাস্থলীত উপস্থিত হৈ চাইকেল দোকান খনৰ স্বতাধিকাৰে দোকান ঘৰৰ মালিক নিৰঞ্জন দাস,তেওঁৰ জোৱায়েক সহ আন কে’বাজনো লোকে চাইকেল চুৰি কৰাৰ গুৰুতৰ অভিযোগ কৰে। কে’বা মাহমানৰ পৰাই দোকান ঘৰটো খালি কৰিবলৈ হেঁচা দি আহিছিল নিৰঞ্জন দাসে ৷

আনহাতে চুৰি কাণ্ডৰ সন্দৰ্ভত সাতগাঁও থানাৰ পৰা কোনো সুবিচাৰ নোপোৱাৰ আশংকা কৰি গুৱাহাটী আৰক্ষী আয়ুক্তালয়ত গোচৰ দিয়াৰ কথাৰ উল্লেখ কৰে ভুক্তভোগী চাইকেল দোকানী গৰাকীয়ে I































