AASU Protest:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ৰাজ্যত চেনি- পিয়াঁজ সহ কেতবোৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হোৰাহোৰে বৃদ্ধি কৰাক লৈ ৰাইজৰ মাজত অব্যাহত থকা প্ৰতিক্ৰিয়াৰ মাজতে বৃহস্পতিবাৰে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে সদৌ অসম ছাত্ৰ সন্থা ৷ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি আছুৱে ৰাজ্যজুৰি বিক্ষোভ সমদল উলিওৱাৰ আহ্বানৰ প্ৰতি সহাৰী জনাই গুৱাহাটীটো আছুৱে কেন্দ্ৰীয়ভাৱে এক বিক্ষোভ সমদল বাহিৰ কৰে ৷ লতাশিলৰ শ্বহীদ ন্যাসৰ পৰা উলিওৱা সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদলত অংশ গ্ৰহণ কৰা আছু কৰ্মী সকলে হাতত প্লেকাৰ্ড লৈ মূল্য বৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে আকাশ – বতাহ মুখৰিত কৰি তোলে ৷
উল্লেখ্য যে আছুৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে আছুৰ আহ্বান ৰাজ্যৰ সকলো জিলা, উপ- জিলা সদৰত আছুৰ জিলা সমিতি সমূহে ৰূপায়ণ কৰে বিক্ষোভ সমদল ৷































