Dispur:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:দ্বিবিভক্ত হোৱাৰ দিশে গুৱাহাটীৰ মহানগৰীৰ দিছপুৰ আৰক্ষী থানা ৷ দিছপুৰ থানা বিভাজন কৰি নতুনকৈ স্থাপন হ’ব কাহিলীপাৰা আৰক্ষী থানা৷ ইতিমধ্যে এই সম্বন্ধীয় যাৱতীয় অনুমোদন জনালে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চাযই ৷
উল্লেখ্য যে নতুনকৈ নিৰ্মাণ হ’বলগীয়া কাহিলীপাৰা থানাৰ সীমা নির্ধাৰণ কৰা হৈছে।কাহিলীপাৰা থানাৰ উত্তৰ সীমা পাহাৰতলীৰ পৰা মৃত্যুঞ্জয় মন্দিৰলৈ, কাহিলীপাৰা দক্ষিণ সীমা লখৰা দলং-লণ্ডন ব্রীজ-কেৰাকুছি, পূব সীমা কাহিলীপাৰা-GMCH ৰোড, পশ্চিম সীমা শৰৎ সিংহ ৰোড-কৃষ্ণনগৰ চাৰিআলি-ঢপলীয়া ৰোড। ইয়াৰ উপৰি ধাপলীয়া আৰু মৰাভৰলু অঞ্চল কাহিলীপাৱা আৰক্ষী থানাৰ অধীনলৈ অনা হৈছে ৷
আনহাতে নতুনকৈ হোৱা কাহিলীপাৰা থানাৰ অধীনত থাকিব ভগদত্তপুৰ আৰক্ষী চকী আৰু ওডালবাক্ৰা আৰক্ষী চকী। ইপিনে নতুন কাহিলীপাৰা থানা খন পূব আৰক্ষী জিলাৰ অধীনত থাকিব৷ আজি নতুন থানা খন ৰাজ্যপালৰ অনুমোদনক্ৰমে আনুষ্ঠানিকভাৱে ৰাজ্যৰ গৃহ বিভাগে ঘোষণা কৰা নিৰ্দেশটোত কোৱা হৈছে যে নতুন কাহিলীপাৰা আৰক্ষী থানাৰ নতুন ভৱন নোহোৱালৈকে বৰ্তমান কামকাজ চলিব ওডালবাক্ৰা আৰক্ষী চকীৰ পৰা ৷
উল্লেখযোগ্য কিছুদিন পূৰ্বে গুৱাহাটীত কে’বাখনো নতুন থানা হোৱাৰ কথা ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷































