অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ উদ্যোগত অইন বেলিৰ দৰে এইবেলিও পহিলা বহাগ দিনা অৰ্থাৎ আজি “জ্যেষ্ঠজনৰ আশিষ বিছাৰি” শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়|
আজি বৃহত্তৰ ঘগ্ৰাপাৰৰ প্রায় ১০গৰাকী সমাজত বিভিন্ন ক্ষেত্রত অৰিহনা আগবঢ়োৱা জেষ্ঠলোকক বিহুৱান যাঁচি আশীর্বাদ গ্রহণ কৰে বুলি ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে |
লগতে জেষ্ঠজনৰ ঘৰলৈ লৈ তেওঁলোকৰ পদূলিত বিহু গীত মাতেৰে সম্ভাষণ জ্ঞাপন কৰে | এই অনুষ্ঠানৰ মাজতে পৰিষদৰ অন্ত:ৰ্গত প্রাক্তন সতীর্থসকলক সম্বর্ধনা জনায় বুলি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি অতিকুৰ ৰহমান আৰু সাধাৰণ সম্পাদক আবুবক্কৰ আব্দুল্লাহে জানিবলৈ দিয়ে ।
উল্লেখ্য যে যুৱ ছাত্র পৰিষদ, নলবাৰী জিলা সমিতিৰ যুটীয়া সম্পাদক ইন্টাজ হুছেইনে উদ্বোধন কৰা অনুষ্ঠানটিৰ আতঁধৰে চৰিফুল আলীয়ে।
উপস্থিত থাকে সাংস্কৃতিক সম্পাদক পৰশমণি তালুকদাৰ লগতে জিলাঅ আৰু আঞ্চলিক সমিতিৰ বিষয়ববিয়া সকল।
ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপজ্যোতি বৈশ্য,বিশিষ্ট সমাজ সেৱক ফনীধৰ দাস,আদৰ্শ কৃষক ৰামেশ্বৰ বৈশ্য আৰু অৰবিন্দ কলিতাকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ পদূলিত গৈ বিহু মাৰি বিহুৱান প্ৰদান কৰে।






























