পহিলা বহাগ উপলক্ষে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত পৰম্পৰাগতভাবে অনুষ্ঠিত হয় বিহু গণনা। সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে এইবাৰো বিহু গণনা কৰি আগন্তুক অসমীয়া বৰ্ষটোক লৈ ৰাজ্য আৰু দেশৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত বিভিন্ন ভৱিষ্যৎবাণী আগবঢ়ায়।
দৈৱজ্ঞৰ মতে, অসমৰ ৰাজনৈতিক পৰিস্থিতিত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰবাৰ চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে, আগন্তুক নিৰ্বাচনত এনডিএ-ই প্ৰায় ৮৫ৰ পৰা ৯০টা সমষ্টিত জয়লাভ কৰিব পাৰে। যদিও বৰ্তমান মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বাবে শুভ সময় চলি আছে, তথাপিও আগন্তুক দুই মাঘৰ পৰা প্ৰায় এবছৰ ছমাহলৈ কিছু জটিল পৰিস্থিতিৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰে।
আনহাতে, দেশৰ ৰাজনীতিৰ ক্ষেত্ৰতো উল্লেখযোগ্য পৰিবৰ্তনৰ ইঙ্গিত দিয়ে দৈৱজ্ঞই। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত ২০২৭ চনৰ পিছত নেতৃত্ব সলনি হোৱাৰ সম্ভাৱনা দেখা গৈছে, যাৰ মূলত জন্মচক্ৰত অশুভ যোগ দেখা পোৱা গৈছে বুলি তেওঁ দাবী কৰে।
ইপিনে, আগন্তুক বৰ্ষটোত অসমৰ সামগ্ৰিক পৰিস্থিতিক লৈও কিছু উদ্বেগজনক ইঙ্গিত দিয়ে বিহু গণনাই। সম্পদ ক্ষয়, ৰাইজৰ মাজত অশান্তি বৃদ্ধি, লগতে মৌলবাদী অপশক্তিৰ তৎপৰতা বৃদ্ধিৰ সম্ভাৱনা প্ৰকাশ কৰে দৈৱজ্ঞই।
বতৰ সন্দৰ্ভত তেওঁ কয় যে এইবাৰ জলাধিপতি শণি হোৱাৰ বাবে খৰাং আৰু অতিবৃষ্টিৰ দৰে প্ৰতিকূল পৰিস্থিতিৰ সম্ভাৱনা আছে। ইয়াৰ লগতে এই বছৰটোত কিছুমান গুৰুত্বপূৰ্ণ ব্যক্তি, যেনে মন্ত্ৰী, ৰাজনৈতিক নেতা আৰু সাহিত্যিকৰ বিয়োগৰ সম্ভাৱনাও প্ৰকাশ কৰা হৈছে।
উল্লেখযোগ্য যে, বৰপেটা সত্ৰৰ এই বিহু গণনা অসমৰ এক পুৰণি পৰম্পৰা, য’ত জ্যোতিষ শাস্ত্ৰৰ আধাৰত আগন্তুক বৰ্ষৰ সম্ভাৱ্য দিশসমূহ বিশ্লেষণ কৰা হয়।






























