Bohag Mah 1st day:: ✒️ৰঙালী বিহুক লৈ ৰাজ্যজুৰি উখল মাখল পৰিৱেশ ৷আজি বহাগৰ পহিলা দিন। এই দিনটোক মানুহ বিহু হিচাপে প্ৰতিজন অসমীয়াই পালন কৰি আহিছে । উল্লেখ্য গৰু বিহুৰ পিছদিনা উদযাপন কৰা মানুহ বিহুৰ দিনটোত ৰাজ্যৰ চৌদিশে পাৰভঙা আনন্দ- উছাহ। জুবিন বিহীন প্ৰথমটো বহাগ বিহু ৰাজ্যবাসীৰে অনুষ্টুপীয়াকৈ আয়োজন কৰিছে ৷ ইয়াৰ মাজতে পৰম্পৰাগতভাৱে ৰাজ্যৰ চুকেকোণে আয়োজন কৰা হৈছে ৰঙালী বিহুটি ৷ বিভিন্ন বিহু কমিটিয়ে নিজ নিজ অঞ্চলত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই আয়ম্বৰপূৰ্ণ বিহীনোভাৱে আয়োজন কৰিছে বিস্তৃত কাৰ্যসূচী ৷
উল্লেখ্য যে বুধবাৰে মানুহ বিহু উপলক্ষে আপোন জনক আগবঢ়োৱা হয় হেঁপাহৰ বিহুৱান। কনিষ্ঠজনে জ্যেষ্ঠ জনৰ শ্ৰীচৰণত সেৱা লৈ আৰ্শীবাদ লয়৷ আনহাতে বহাগৰ প্ৰঠম দিনটোত ৰাজ্যৰ বিভিন্ন মঠ- মন্দিৰৰ সমান্তৰালভাৱে সোণাপুৰৰ জুবিন ক্ষেত্ৰত পৰিলক্ষিত হয় দৰ্শনাৰ্থী যথেষ্ট ভিৰ। এক প্ৰকাৰ ৰঙালীৰ ৰঙত মতলীয়া সকলো ৷ ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে চৌদিশ। দৈনিক অগ্ৰদূত ডিজিটেলৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা বহু শুভেচ্ছা জনোৱা হ’ল ৷






























