আজি আৰম্ভ হৈছে সংসদৰ বৰ্ধিত বাজেট অধিৱেশনৰ অন্তৰ্গত তিনিদিনীয়া বিশেষ অধিৱেশন । অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে শাসক আৰু বিৰোধী শিবিৰৰ মাজত তীব্ৰ ৰাজনৈতিক সংঘাতৰ আভাস স্পষ্ট হৈছে।
এই বিশেষ অধিৱেশনত চৰকাৰৰ মুখ্য এজেণ্ডা হিচাপে সমষ্টি পুনঃনিৰ্ধাৰণৰ স’তে জড়িত সাংবিধানিক সংশোধনী আৰু ‘নাৰী শক্তি বন্দন আইন’ৰ বাস্তৱায়ন বিষয়টো স্থান পাইছে।
এই সন্দৰ্ভত সংবিধান (১৩১ সংখ্যক সংশোধনী) বিধেয়ক, ২০২৬ৰ খচৰা ইতিমধ্যে সাংসদসকলৰ মাজত বিতৰণ কৰা হৈছে।
চৰকাৰৰ প্ৰস্তাৱ অনুসৰি, লোকসভাৰ আসনৰ সংখ্যা বৰ্তমানৰ ৫৪৩খনৰ পৰা বৃদ্ধি কৰি সৰ্বাধিক ৮৫০খনলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰে ৮১৫খন আসন ৰাজ্যসমূহৰ বাবে আৰু ৩৫খন আসন কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে সংৰক্ষিত থাকিব।
এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে মহিলা সংৰক্ষণ আইন, ২০২৩ শীঘ্ৰে কাৰ্যকৰী কৰি লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাসকলৰ বাবে ৩৩ শতাংশ সংৰক্ষণ নিশ্চিত কৰা।
প্ৰস্তাৱিত সংশোধনী অনুসৰি, সংৰক্ষণ কাৰ্যকৰীকৰণক ২০২৭ চনৰ লোকপিয়লৰ সৈতে সংযোগ নাৰাখি ২০১১ চনৰ লোকপিয়লৰ আধাৰত ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এই ব্যৱস্থা ৰূপায়ণ কৰাৰ দিশে আগবঢ়া হৈছে।
ইপিনে, বিশেষ অধিৱেশনক লৈ ৰাজনৈতিক মহলত ব্যাপক সজাগতা পৰিলক্ষিত হৈছে। ভাৰতীয় জনতা পাৰ্টি, জনতা দল (ইউনাইটেড), লোক জনশক্তি পাৰ্টি (ৰাম বিলাস) আৰু কংগ্ৰেছকে ধৰি কেবাটাও দলে সাংসদসকলক উপস্থিতি নিশ্চিত কৰাৰ লগতে দলীয় স্থিতি অনুসৰণ কৰিবলৈ তিনিশাৰী হুইপ জাৰি কৰিছে।
এই প্ৰেক্ষাপটত, আগন্তুক কেইদিনত সংসদত গুৰুত্বপূৰ্ণ বিধেয়কসমূহক লৈ তীব্ৰ আলোচনা, মতানৈক্য আৰু ৰাজনৈতিক উত্তাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক হৈছে।





























