লোকসভাত সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় গুৰুত্বপূর্ণ বিধেয়কখন উত্থাপনৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণত চৰকাৰৰ পক্ষে স্পষ্ট জয় লাভ কৰা দেখা গৈছে।
বিধেয়কখন উত্থাপনৰ সপক্ষে মুঠ ২০৭টা ভোট পৰে, বিপৰীতে ১২৬টা ভোট পৰে বিধেয়কখনৰ বিপক্ষে।
এই ভোটগ্ৰহণৰ পূৰ্বে সংসদত চৰকাৰ আৰু বিৰোধী পক্ষৰ মাজত তীব্ৰ বিতৰ্ক দেখা যায়। বিৰোধী দলসমূহে বিধেয়কখনৰ কিছুমান দিশত আপত্তি উত্থাপন কৰাৰ বিপৰীতে চৰকাৰে ইয়াক দেশৰ ৰাজনৈতিক প্ৰতিনিধিত্ব ব্যৱস্থাৰ উন্নয়নৰ বাবে অত্যাৱশ্যকীয় বুলি দাবী কৰে।
সংখ্যাগৰিষ্ঠ সমৰ্থনৰ জৰিয়তে বিধেয়কখন লোকসভাত আনুষ্ঠানিকভাৱে উত্থাপন কৰা হয়। এতিয়া এই বিধেয়কখন আগন্তুক দিনত অধিক আলোচনা আৰু পৰ্যালোচনাৰ বাবে আগবঢ়াৰ সম্ভাৱনা আছে।






























