গুৱাহাটীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ অন্যতম আকৰ্ষণীয় অনুষ্ঠান ‘বিহু সম্ৰাজ্ঞী’ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। এইবাৰৰ প্ৰতিযোগিতাত সংগীতা ৰাভাই ‘বিহু সম্ৰাজ্ঞী’ ২০২৬ খিতাপ অৰ্জন কৰি মুকুট দখল কৰে।
উল্লেখযোগ্য যে প্ৰতিগৰাকী নাচনীৰ সপোনস্বৰূপ এই প্ৰতিযোগিতাত সংগীতা ৰাভাৰ শিৰত জিলিকি উঠে ‘বিহু সম্ৰাজ্ঞী’ৰ সন্মানজনক মুকুট।
এই অনুষ্ঠানত আন আন শ্ৰেষ্ঠত্বৰ সন্মানো ঘোষণা কৰা হয়। শ্ৰেষ্ঠ ঢুলীয়া হিচাপে সন্মান লাভ কৰে কৃষ্ণাশ্ৰী বুঢ়াগোঁহাইৰ দলৰ ঢুলীয়া লাচিত গগৈয়ে, আনহাতে শ্ৰেষ্ঠ পেঁপা বাদকৰ সন্মান লাভ কৰে পাহাৰী বুঢ়াগোহাঁইৰ দলৰ গোবিন চন্দ্ৰ গগৈয়ে।
ইয়াৰ পূৰ্বে ঘোষণা কৰা অনুসৰি, এইবাৰৰ বিহু কুঁৱৰীৰ খিতাপ লাভ কৰে গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱাই আৰু বিহু ৰাণীৰ খিতাপ লাভ কৰে লখিমপুৰৰ বৰষা বুঢ়াগোহাঁয়ে।
বিহু সম্ৰাজ্ঞীৰ স’তে একেলগে তেওঁলোককো আনুষ্ঠানিকভাৱে পুৰস্কাৰ প্ৰদান কৰা হয়।
পুৰস্কাৰৰ অংশ হিচাপে বিহু সম্ৰাজ্ঞী সংগীতা ৰাভালৈ আগবঢ়োৱা হয় মানপত্ৰ, এক লাখ ১১ হেজাৰ ১০১ টকাৰ চেক, ৰূপৰ মুকুট, সোণৰ অলংকাৰ, চলন্ত আৰু স্থায়ী ট্ৰফীসহ বিভিন্ন উপহাৰ।
আনহাতে বিহু কুঁৱৰী কৃষ্ণা হাতীবৰুৱালৈ প্ৰদান কৰা হয় মানপত্ৰ, ৩১ হাজাৰ টকাৰ চেক, ৰূপৰ মুকুট, ট্ৰফী আৰু অন্যান্য উপহাৰ সামগ্ৰী।
গুৱাহাটী বিহু সন্মিলনীৰ এই বৰ্ণাঢ্য আয়োজনত অসমৰ সমৃদ্ধ লোকসংস্কৃতিৰ এক মনোমোহা প্ৰতিফলন দেখা যায়, যিয়ে পুনৰ এবাৰ ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্যক উজ্জ্বল কৰি তোলে।






























