প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গানক ‘নতুন ৰূপ’ দিয়াৰ প্ৰচেষ্টাক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা বিতৰ্কই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। এই ঘটনাৰ পাছতেই বংগ কন্যা মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে বিভিন্ন ঠাইত প্ৰতিবাদ আৰম্ভ হোৱাৰ লগতে একাধিক এজাহাৰ দাখিল কৰা হৈছে।
তথ্য অনুসৰি, শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংগঠন আৰু সচেতন মহলে এই ঘটনাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। যদিও শিল্পীজনীয়ে ৰাজহুৱা ভাৱে ক্ষমা বিচাৰিছে, তথাপি পৰিস্থিতি এতিয়াও সম্পূৰ্ণ স্বাভাৱিক হোৱা নাই।
এই বিতৰ্কৰ প্ৰভাৱ পোনপটীয়াকৈ পৰিল ৰঙালী বিহুৰ সাংস্কৃতিক মঞ্চসমূহত। ইতিমধ্যে পাঁচখনকৈ অনুষ্ঠানৰ পৰা বাদ পৰিছে মৰ্মিতা মিত্ৰ।
গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে তেওঁৰ স’তে কৰা চুক্তি বাতিল কৰিছে।
কাজিৰঙাৰ কঁহৰা বসন্ত উৎসৱ কৰ্তৃপক্ষইও তেওঁক অনুষ্ঠানত অংশগ্ৰহণৰ পৰা বঞ্চিত কৰিছে।
গুৱাহাটীৰ পাঞ্জাবাৰীত অনুষ্ঠিত হ’বলগীয়া তেওঁৰ সংগীতানুষ্ঠান বাতিল কৰা হৈছে।
তিনিচুকীয়াৰ তালাপ ৰাজহুৱা ৰঙালী বিহুৰ স’তে কৰা চুক্তিও বাতিল কৰা হৈছে।
ইয়াৰ উপৰিও শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোও বাতিল কৰা হৈছে।






























