আগন্তুক কিছু ঘণ্টাত ৰাজ্যত বতৰে ল’ব পাৰে ভয়ংকৰ ৰূপ । এই সতৰ্কবাণী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ(India Meteorological Department)ৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
ৰাজ্যৰ মুঠ ২৮খন জিলাত ‘ইয়েল’ এলাৰ্ট ঘোষণা কৰা হৈছে।
সতৰ্কবাণী অনুসৰি, দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা, তামুলপুৰ, নলবাৰী, কামৰূপ, কামৰূপ (মহানগৰ), ওদালগুৰি আৰু দৰং জিলাত আজি ‘ইয়েল’ এলাৰ্ট জাৰি কৰা হৈছে।
একে সময়তে শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাও এই সতৰ্কতাৰ আওতাত অন্তৰ্ভুক্ত হৈছে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ধুবুৰী, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, মাজুলী, যোৰহাট, গোলাঘাট, নলবাৰী, দৰং আৰু ওদালগুৰি জিলাত ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগত বতাহসহ ধুমুহা বোৱাৰ সম্ভাৱনা আছে।
কৰ্তৃপক্ষই জনসাধাৰণক অপ্রয়োজনীয়ভাৱে ঘৰৰ বাহিৰলৈ নাযাবলৈ, সুৰক্ষিত ঠাইত থাকিবলৈ আৰু বতৰ সম্পৰ্কীয় সৰ্বশেষ তথ্য অনুসৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।






























