অসম চৰকাৰৰ উন্নয়ন আৰু সুৰক্ষাৰ ৰাজনীতিৰ পুৰস্কাৰ স্বৰূপে ৰাজ্যত পুনৰ এনডিএক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিব বুলি কালি নতুন দিল্লীত কয় অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই।
দলটোৰ দিল্লীত এটা কাৰ্যালয় মুকলি কৰি বৰাই এক সংবাদমেলত কয় যে যোৱা পাঁচ বছৰত তেওঁলোকৰ চৰকাৰে অসমত উন্নয়নমূলক যিমান কাম কৰিছে, সেয়া অভূতপূর্ব।
উন্নয়নৰ লগতে বিজেপি আৰু অসম গণ পৰিষদে জনসংযোগত তৎপৰতাৰে কাম কৰিছিল। নিৰ্বাচনত তাৰ ফলাফল স্পষ্ট হয় বুলি উল্লেখ কৰি বৰাই কয়, ‘উন্নয়ন আৰু জনসংযোগ মিলি এনডিএৰ সপক্ষে এই নিৰ্বাচনত প্ৰচণ্ড ঢৌৰ সৃষ্টি হয়।২০১৬ আৰু ২০২১ৰ নিৰ্বাচনত যি সঁহাৰি অসমৰ ৰাইজে এনডিএক দিছিল, ২০২৬ত তাৰে পুনৰাবৃত্তি ঘটাই নহয়, বৰঞ্চ অধিক সঁহাৰিহে ৰাইজে জনাইছে।’
আনহাতে, অগপই নির্বাচনটোত পূর্বতকৈ অধিক ভাল ফলাফল পাব বুলিও বৰাই দাবী কৰে। বিৰোধীক কটাক্ষ কৰি তেওঁ কয় যে কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহে চৰকাৰ গঠন কৰিব বুলি আগতে যিদৰে লম্ফ-জন্ম কৰিছিল, এইবাৰো কৰিছে। চাৰি মে’ত সেই লম্ফ-জম্ফৰ আচল ফলাফল বিৰোধীয়ে লাভ কৰিব।
বিৰোধীক কটাক্ষ কৰি বৰাই লগতে কয়, ‘এইবাৰো বিৰোধীয়ে ইভিএমক বদনাম দিব। সেই দিনটোলৈ আমি অপেক্ষা কৰি আছো।’
ইপিনে, শুকুৰবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাতৰ পাছত আজি অগপ নেতৃত্বই বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জে পি নড্ডাকো সাক্ষাৎ কৰে। এই সাক্ষাতৰ সন্দৰ্ভত অতুল বৰাই কয় যে অসমৰ নিৰ্বাচনত নীতিন নবীন আৰু নড্ডাই কেৱল বিজেপিৰ হৈয়ে নহয়, অগপ প্রার্থীৰ হৈয়ো প্ৰচাৰ চলায়। ইয়াৰ বাবে তেওঁলোকক ধন্যবাদ জনোৱাৰ উদ্দেশ্যে সাক্ষাৎ কৰা হয়। সভাপতি বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰীও সাক্ষাতৰ সময়ত উপস্থিত থাকে।






























