মহানগৰীত দেওবাৰে আঠবজাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত একপ্ৰকাৰ মহানগৰীৰ জলজীৱন স্তব্ধ হৈ পৰে ৷ বৰষুণৰ ফলত চৌদিশে এক হাহাকাৰময় পৰিস্থিতিৰ হয় ৷ জলমগ্ন হৈ পৰে পথ – উপ- পথ ৷ ইয়াৰ মাজতে মালিগাঁও অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বানত উন্মুক্ত নলাত পৰি ধাৰাপুৰৰ পায়েল নাথ নামৰ এগৰাকী মহিলাৰ অকাল মৃত্যু হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
ঘটনাটোত মহানগৰীৰ অপৰিকল্পিত নগৰ উন্নয়ন আৰু নিকাশী ব্যৱস্থাৰ দুৰ্বলতা পুনৰ এবাৰ উন্মোচিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে।
ঘটনাটোৰ পাছতে বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে যে এনে দুৰ্ঘটনাৰ বাবে দায়ী কোন। উন্নয়নৰ নামত চলি থকা কাম-কাজ সঠিক পৰিকল্পনা আৰু দায়বদ্ধতাৰ অভাৱেই এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি মত প্ৰকাশ কৰিছে সচেতন নাগৰিকসকলে।
আনহাতে এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে গুৱাহাটীৰ অপৰিকল্পিত উন্নয়নৰ ফলতেই এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। তেওঁ ৰাজ্য চৰকাৰক ব্যর্থতা স্বীকাৰ কৰি দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ লগতে মৃতকৰ পৰিয়ালটোৰ বাবে উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনায়।
ইফালে, এই শোকাৱহ ঘটনাই গুৱাহাটীৰ নগৰ পৰিকল্পনা, ড্ৰেনেজ ব্যৱস্থা আৰু দুৰ্যোগ প্ৰতিৰোধ ব্যৱস্থাক লৈ পুনৰ চৰ্চাৰ সৃষ্টি কৰিছে। বিশেষজ্ঞসকলে দীৰ্ঘম্যাদী পৰিকল্পনা আৰু প্ৰয়োজনীয় পৰিকাঠামোগত উন্নয়ন অবিহনে এনে ঘটনা পুনৰাবৃত্তি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ।
উল্লেখযোগ্য যে, গুৱাহাটীত এজাক মুষলধাৰে বৰষুণ দিলেই কৃত্ৰিম বানে এক ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে৷ যাৰ ফলত সাধাৰণ জনজীৱন ব্যাপকভাৱে প্ৰভাৱিত হয়।
উল্লেখ্য যে, পায়েল নাথৰ অকাল মৃত্যুত বিভিন্ন সংগঠন আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।






























