দৃষ্টিহীনসকললৈ এক আশাৰ বতৰা প্ৰেৰণ কৰিছে বিশ্বৰ চাৰিখন অগ্রণী বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ এটা দলে। দৃষ্টিশক্তি ঘূৰাই দিয়াৰ উদ্দেশ্যে অষ্ট্ৰেলিয়াৰ মনাছ বিশ্ববিদ্যালয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ হার্ভার্ড বিশ্ববিদ্যালয়, জন হপকিন্স বিশ্ববিদ্যালয় আৰু দক্ষিণ কেলিফ’র্ণিয়া বিশ্ববিদ্যালয়ৰ এটা বৃহৎ বিজ্ঞানীৰ দল অহৰহ গৱেষণাত ব্ৰতী হৈছে।
গৱেষণাকালত বিজ্ঞানীৰ দলটোৱে বায়’নিক আই শীর্ষক এক যন্ত্র উদ্ভাৱন কৰিছে। ইতিমধ্যে এই যন্ত্ৰৰ পৰীক্ষামূলক ব্যৱহাৰ আৰম্ভ হৈছে। এই যন্ত্র ব্যৱহাৰৰ ফলত দৃষ্টিহীন ব্যক্তিয়ে দৃষ্টিশক্তি ঘূৰাই পাবলৈ সক্ষম হৈছে। যন্ত্রবিধৰ নাম বায়’নিক আই। দৰাচলতে এই বায়’নিক আই হৈছে একপ্ৰকাৰৰ যান্ত্রিক চক্ষু। বৈজ্ঞানিক ভাষাত এই যান্ত্রিক চক্ষুক নিউৰ’প্রন্থেটিক ডিভাইচ আখ্যা দিয়া হয়।
দৃষ্টিশক্তি নথকা চকুত এই যন্ত্র স্থাপন কৰিলে পোহৰৰ প্ৰতিফলন ঘটি মস্তিষ্কলৈ সংকেত প্ৰেৰণ কৰে। এই সংকেতে অপ্টিক স্নায়ুৰ স’তে যোগসূত্র স্থাপন কৰি প্ৰাকৃতিক বা জন্মগত চকুৰ দৰেই কাম কৰে। অর্থাৎ এজন দৃষ্টিহীন ব্যক্তিয়ে দৃষ্টিশক্তি পুনৰ লাভ কৰে। সাধাৰণতে বয়সজনিত কাৰণত দৃষ্টিশক্তি দুৰ্বল হৈ পৰা বা একেবাৰে নেদেখা হোৱা ব্যক্তিৰ ক্ষেত্ৰত এই যন্ত্ৰ ব্যৱহাৰ কৰিব পৰা যাব বুলি সংশ্লিষ্ট বিজ্ঞানীসকলে প্রকাশ কৰিছে। এই যন্ত্র চশমাৰ স’তে সংলগ্ন কৰা হয়। চশমাত হাই ৰিজ’লিউচনৰ কেমেৰা সংলগ্ন কৰা হয়। এই কেমেৰাই চৌপাশৰ দৃশ্য বাণীবদ্ধ কৰে। সেই সংকেত চিপৰ মাধ্যমৰে মস্তিষ্কলৈ প্ৰেৰণ কৰে।
ৰেটিনাত যেনেদৰে পোহৰৰ প্ৰতিফলন ঘটি বাহিৰৰ দৃশ্য স্পষ্ট কৰি তোলে, তেনে কর্মই এই যন্ত্রই সম্পাদন কৰিব। উল্লেখ্য যে চকুত আন ব্যক্তিৰ কর্ণিয়া স্থাপন কৰি দৃষ্টিশক্তি দান এক জটিল প্রক্রিয়া। সদ্যমৃত এজন ব্যক্তিৰ পৰা কর্ণিয়া সংগ্রহো এই যন্ত্রই সহজ কৰি তুলিব। লক্ষ্যণীয় যে ভাৰতৰ হায়দৰাবাদ আৰু চেন্নাইৰ একাংশ প্রতিষ্ঠানতো ‘বায়’নিক আই’ক লৈ পৰীক্ষা-নিৰীক্ষা চলি আছে।
গৱেষকসকলৰ মতে বায়’নিক আয়ে মোটামুটিভাবে দৃষ্টিহীন ব্যক্তিক দৃষ্টিশক্তি প্রদান কৰিব। ইতিমধ্যে আর্গাছ-২ শীর্ষক এক ৰেটিনেল প্রস্থেটিক সঁজুলিত মার্কিন খাদ্য আৰু ঔষধ প্রশাসনে অনুমোদন জনাইছে। সেই সূত্রে বায়’নিক আই প্রযুক্তিক অধিক উন্নত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বিজ্ঞানীসকলে। এই ক্ষেত্রত বিজ্ঞানীসকল সফল হ’লেহে অন্ধত্ব নির্মূল সম্ভৱ হ’ব।






























