IceBattery : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: এটা অট্টালিকা য’ত গৰমৰ কালছোৱাত গোটেই নিশা পানী ধৰি যন্ত্ৰৰ জৰিয়তে সেই পানী বৰফলৈ ৰূপান্তৰিত কৰি পিছদিনাৰ দিনৰ সময়ছোৱা অট্টালিকা শীতল কৰি ৰখা হয়। এই কার্য কৰা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানহটানৰ এটা অট্টালিকাত। মানহটানৰ সুদৃশ্য ইলেভেন মেডিছন এভিনিউ নামৰ অট্টালিকাই বিগত কিছু বছৰ ধৰি এনেদৰে নিজক শীতল কৰি আহিছে। এই কৰ্মৰ বাবে অট্টালিকাটোত বিশেষ ধৰণে তৈয়াৰী এক যন্ত্র স্থাপন কৰা হৈছে।
এই যন্ত্ৰৰ জৰিয়তে নিশা পানী সংগ্ৰহ কৰি বৰফলৈ ৰূপান্তৰিত কৰা হয়। পুৱাৰ পৰা এই বৰফ গলিবলৈ আৰম্ভ কৰে। বৰফ গলি সৃষ্টি হোৱা শীতল পানীয়ে গোটেই দিন অট্টালিকাটো শীতল কৰি ৰাখে। এনেদৰে গৰমৰ দিনত অট্টালিকাটোৰ বাসিন্দাসকলে সকাহ পায়।
উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় শক্তি সাহায্য সঞ্চালকসকলৰ সংস্থাই ২০২৫ত সম্পন্ন কৰা এক অধ্যয়ন অনুসৰি প্ৰতি বছৰে গৰমৰ দিনত হঠাৎ জুনৰ পৰা ছেপ্টেম্বৰলৈ দেশখনৰ পৰিয়ালসমূহে গঢ় হিচাপত ৭৮৪ ডলাৰৰ বিদ্যুৎ বিল পৰিশোধ কৰি আহিছে।
যোৱা বছৰ দেশখনত বিদ্যুৎ বিলৰ পৰিমাণ তাৰ পূৰ্বৰ ১২ বছৰৰ সর্বাধিক হয়। লক্ষ্যণীয়ভাৱে ইলেভেন মেডিছন এভিনিউত পানীক বৰফলৈ ৰূপান্তৰিত কৰি শীতল কৰাৰ যি ব্যৱস্থা আছে তাৰ ধাৰণা নতুন নহয়। অৱশ্যে ইয়াৰ পৰিসৰ আৰু জৰুৰী প্রয়োজনীয়তা নতুন। এই পদ্ধতিৰে হেজাৰ হেজাৰ বছৰ ধৰি মানুহে বাসস্থান শীতল কৰি আহিছে।
মানুহে নিজেই বৰফ তৈয়াৰ কৰি খাদ্য, পানীয় তথা বাসস্থান শীতল কৰি আহিছে। আনকি ঊনবিংশ শতিকাত বিশ্বৰ বহু দেশত বৰফৰে শীতল কৰা ঘৰ-দুৱাৰ সহজে চকুত পৰা ধৰণৰ আছিল। পৰৱৰ্তী সময়ত বিদ্যুৎ শক্তি বহুল ব্যৱহাৰে বৰফৰে ঘৰ-দুৱাৰ আদি শীতল কৰা পদ্ধতিলৈ পৰিৱৰ্তন আহে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ-পশ্চিম অঞ্চল, টেক্সাছ, দক্ষিণ কেলিফ’র্ণিয়া আদিতো এনেদৰে বৰফৰে ঘৰ-দুৱাৰ শীতল কৰা ব্যৱস্থা আছিল। বিদ্যুতৰ খৰচ হ্ৰাস কৰিবলৈ বহুতে বৰফৰে ঘৰ-দুৱাৰ শীতল কৰে। অৰ্থাৎ শীত-তাপ নিয়ন্ত্রিত যন্ত্ৰ ব্যৱহাৰৰ পৰিৱৰ্তে তাপৰ দ্বাৰা বৰফ গলাই এই অঞ্চলসমূহৰ লোকে ঘৰ-দুৱাৰ শীতল কৰিবলৈ লৈছে।
মানহটানৰ উক্ত অট্টালিকা শীতলকৰণ ব্যৱস্থাটোক বৰফৰ বেটাৰী বুলি কোৱা হয়। ইয়াৰ কাম-কাজ ম’বাইল ফোনৰ বেটাৰী সদৃশ। ম’বাইল ফোনৰ বেটাৰীয়ে যিদৰে বিদ্যুতৰ ৰূপত সংৰক্ষণ কৰি ৰাখে, তেনেদৰে এই অট্টালিকাৰ বৰফৰ বেটাৰীয়ে শীতল বায়ু সংৰক্ষণ কৰি ৰাখে।
অট্টালিকাটোত ট্রেন টেকন’লজিছৰ কমার্চিয়েল এইছভিএচি আমেৰিকাজে পানীৰ পৰা বৰফ প্ৰস্তুত কৰি অট্টালিকা শীতল কৰা যন্ত্ৰটো স্থাপন কৰিছে। এই সম্পর্কত উক্ত প্রতিষ্ঠানৰ সভাপতি হলি পেপাৰে কয়, ‘যেতিয়া জুলাইৰ প্ৰচণ্ড গৰমৰ দিনত সকলোৱে অট্টালিকা বা বাসগৃহ শীতল কৰাৰ বাবে বিদ্যুৎ ব্যৱহাৰ কৰিবলৈ লয় তেতিয়া বৈদ্যুতিক গ্ৰীডৰ ওপৰত প্ৰচণ্ড চাপ পৰে। ইলেভেন মেডিছন এভিনিউরে অট্টালিকা শীতলীকৰণৰ বাবে বিদ্যুৎ শক্তি ব্যৱহাৰ নকৰে। কাৰণ অট্টালিকাটোত পুৱতি নিশা বৰফ তৈয়াৰ কৰা হয়। এই বৰফৰ পৰা দিনৰ সময়ছোৱাত শীতল বায়ু ওলাই অট্টালিকাটো শীতল কৰি ৰাখে।’
এই শীতলীকৰণ ব্যৱস্থা অধিক ৰূপত ব্যৱহাৰ কৰিবলৈও তেওঁ জনতাৰ প্ৰতি আহ্বান জনায়। বর্তমানলৈ এই প্রতিষ্ঠানে সমগ্ৰ বিশ্বৰ বিভিন্ন স্থানত এনে চাৰি হেজাৰ শীতলীকৰণ যন্ত্ৰ স্থাপন কৰিছে। তদুপৰি আগন্তুক সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৬০ লাখ বাণিজ্যিক অট্টালিকাত এনে যন্ত্র স্থাপনৰ লক্ষ্য লৈছে প্রতিষ্ঠানটোৱে।































