InternationalSpaceStation : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : সমগ্র আকাশজুৰি দেখা গ’ল ৰঙৰ খেলা। ঠিক যেন নতুন ৰূপত ‘নভোনীল’। বগা মেঘৰ ওপৰত বেঙুনীয়াৰ অপূৰ্ব সমাহাৰ। আকাশৰ এই ৰং আগতে দৃষ্টিগোচৰ হোৱা নাছিল। এইবাৰ সেই পূর্বে দৃষ্টিগোচৰ নোহোৱা আকাশকেই কেমেৰাবন্দী কৰি সকলোৰে আগত তুলি ধৰিলে মহাকাশচাৰী ডন পেটিটে।
তেওঁৰ সৌজন্যতে সকলোৱে দেখা পালে কেনেদৰে অন্ধকাৰৰে আবৰা আকাশত খেলি ফুৰিছে বেঙুনীয়া পোহৰে। তথ্য অনুসৰি, প্ৰায় ৫০ হেজাৰ ফুট উচ্চতাত এই পোহৰৰ খেলা ধৰা পৰিছে। এই উচ্চতাত বিমানো নুৰে।
আন্তর্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা মহাকাশচাৰী পেটিটে সংগ্ৰহ কৰা সেই ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই দৃশ্য দেখি বহুতেই তবধ মানিছে।
নিজৰ এক্স হেণ্ডলত আকাশৰ এই বিৰল দৃশ্য শ্বেয়াৰ কৰিছে পেটিটে। লগতে তেওঁ লিখিছে, ‘মেঘৰ ভিতৰৰ পৰা উজ্জ্বল বেঙুনীয়া অপূর্ব পোহৰৰ খেলা ধৰা পৰিল।’
এয়া আচলতে ফ্লেশ্ব অর্থাৎ বায়ুমণ্ডলৰ সৰ্বোচ্চ অংশত মেঘৰ ঘৰ্ষণত যি পোহৰৰ ৰেখা অনবৰতে সৃষ্টি হয় আৰু মেঘৰ মাজত মিহলি হৈ পৰে, যি সাধাৰণতে চকুত নপৰে, সেয়াই ধৰা পৰিছে পেটিটৰ কেমেৰাত।
এই প্ৰসংগত মহাকাশচাৰীজনে নিজৰ কেমেৰাৰ বৰ্ণনাও দিছে। তেওঁ স্পষ্টভাৱে জনাইছে যে মহাকাশৰ এনে বিৰল ৰূপ ধৰা পৰিছে তেওঁৰ সেই কেমেৰাৰ কৃতিত্বতে।
অৱশ্যে এয়াই প্রথম নহয়, বৰঞ্চ আন্তর্জাতিক মহাকাশ কেন্দ্রত থকাৰ সময়ত পেটিটে প্রায়েই মহাশূন্যক নিজৰ কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰিছিল। তাতেই ধৰা পৰিছে অনেক পূর্বে নেদেখা দৃশ্য। দুদিনৰ পূৰ্বে তেওঁ পোহৰেৰে সজোৱা বেনাৰসৰ ফটো তুলিও এক্স হেণ্ডলত প’ষ্ট কৰিছিল।































