দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: কল্প-কাহিনীও কেতিয়াবা বাস্তৱ হ’ব পাৰে। দুর্গম পাহাৰত পৰিত্যক্ত শিশুক আদৰ-যত্ন কৰি ডাঙৰ কৰিব পাৰে জংঘলৰ হিংস্র কুকুৰনেছীয়া বাঘৰ দলেও। কল্পনাৰ জাল ছিঙি বাস্তৱৰ ৰূপকথাৰ নায়ক মার্কোছ ৰড্রিগেজ পানটোজাৰৰ জীৱনৰ কাহিনীয়ে এসময়ত সমগ্র বিশ্বতে আলোড়ন তুলিছিল।
অৱশেষত ৮০ বছৰ বয়সত প্রয়াত হ’ল স্পেইনৰ সেই ‘ৱ’ল্ফ মেন’ বা ‘কুকুৰনেছীয়া মানৱ’। ঠিক যেন প্রখ্যাত গ্রন্থ ‘জাংগল বুক’ৰ মুখ্য চৰিত্ৰ মোগলি। স্পেইনৰ গেলিছিয়াৰ সৰু গাঁও ৰাণ্টেস্থিত নিজ গৃহত শেষ নিশ্বাস ত্যাগ কৰিলে মার্কোছে।
১৯৪৬ত স্পেইনত গৃহযুদ্ধৰ পৰৱৰ্তী সময়ত মার্কোছৰ মৃত্যু হয়। শৈশৱতে মাতৃৰ মৃত্যুৰ পাছত তেওঁ মাহীমাকৰ অত্যাচাৰৰ বলি হৈছিল। মাত্র সাত বছৰ বয়সত মার্কোছৰ পিতৃয়ে তেওঁক এজন বৃদ্ধ ভেড়াপালকৰ হাতত বিক্ৰী কৰি দিয়ে।
সেই বৃদ্ধই তেওঁক লৈ যায় দুর্গম ছিয়েৰা মোৰেনাৰ পাহাৰীয়া জংঘললৈ। সেই বৃদ্ধৰ পৰাই তেওঁ জংঘলৰ আদিপাঠ লাভকৰিছিল। শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ কিদৰে পশুৰ ছাল ব্যৱহাৰ কৰিব লাগে, কিদৰে হাতত সামান্য লাঠি লৈ শহাপহু চিকাৰ কৰিব পাৰি আদি একাধিক বিষয় তেওঁ শিশু বয়সতে শিকিবলৈ সক্ষম হয়।
যদিও অতি কম দিনৰ ভিতৰতে সেই ভেড়াপালকজনৰ মৃত্যু হয়। তাৰ পৰাই আৰম্ভ হৈছিল মার্কোছৰ জীৱনৰ অবিশ্বাস্য অধ্যায়।
জীয়াই থকাৰ তাড়নাত মার্কোছে কাহিনীৰ মোগলিৰ দৰেই এটা কুকুৰনেছীয়া বাঘৰ পৰিয়ালৰ বিশ্বাস অৰ্জন কৰিছিল। সেই পৰিয়ালৰ পোৱালিবোৰৰ স’তে গঢ়ি তুলিছিল বন্ধুত্ব। সেই পোৱালিবোৰৰ বাবে তেওঁ খাদ্য যোগান ধৰিছিল, বিপদ দেখিলে কুকুৰনেছীয়াৰ দৰে হুংকাৰ দিছিল।
এক তথ্যচিত্রত ন-তত্ত্ববিদ গেব্রিয়েল জানেৰ মেনিলাৰ আগত মার্কোছে কৈছিল, ‘মই জংঘলত বহি কান্দিছিলো। সেই সময়তে কুকুৰনেছীয়াৰ পোৱালিবোৰে জাঁপ মাৰি আহি মোৰ কাষ পালেহি। তাৰ পাছত মোক সিহঁতৰ গুহাৰ পথটো দেখুৱালে।’ ইয়াৰ পাছৰ পৰাই মাৰ্কোছ সেই কুকুৰনেছীয়া বাঘৰ পৰিয়ালটোৰ সদস্য হৈ পৰে।
জংঘলত তেওঁ একেৰাহে ১২টা বছৰ মানুহৰ কোনো ধৰণৰ সংস্পর্শ অবিহনেই অতিবাহিত কৰে। মার্কোছে কৈছিল, ‘টকা কি বস্তু নাজানিছিলো; কিন্তু খাদ্যৰ অভাৱ কেতিয়াও হোৱা নাছিল। মাছ খাবলৈ ইচ্ছা হ’লে নদীত নামি ধৰিছিলো। হৰিণা খাবলৈ ইচ্ছা গ’লে মোৰ ‘মা-দেউতা’ কুকুৰনেছীয়াবোৰক মাতিছিলো।’
জীয়াই থকাৰ বাবে মার্কোছে পশু-পক্ষীবোৰক অনুসৰণ কৰিবলৈও আৰম্ভ কৰিছিল। কি ফল বা গছৰ শিপা খাব লাগে, সেয়া প্রাণীবোৰৰ পৰাই শিকিছিল।
১৯৬৫ত মার্কোছৰ ১৯ বছৰ বয়সত তেওঁৰ সন্ধান লাভ কৰে স্পেইনৰ এজন চিভিল গার্ডে। তেতিয়ালৈ মার্কোছে কথা ক’বলৈ পাহৰি গৈছিল, খোজকঢ়াৰ ভংগীও আছিল অদ্ভুত, সামাজিক আচৰণ সম্পৰ্কে কোনো ধাৰণাই নাছিল। কুকুৰনেছীয়াৰ দৰেই তেওঁ চিৎকাৰ কৰিছিল আৰু কামুৰিবলৈ আহিছিল। এনে অৱস্থাত উদ্ধাৰ কৰাৰ পাছত তেওঁক এজন পাদ্রীৰ ওচৰলৈ লৈ যোৱা হয়। তেওঁক এটা গির্জাত ৰখা হয়।
মার্কোছে জনাইছিল যে তেওঁ গাড়ীৰ শব্দ, জনসমাগম, আনকি বিছনাত শুবলৈ লওঁতেও আতংকিত হৈ পৰিছিল। অৱশ্যে মানৱ জীৱনৰ আচৰণসমূহ ঘূৰি অহাৰ পাছত তেওঁ স্পেইনৰ সেনাবাহিনীতো যোগ দিয়ে। পৰৱৰ্তী সময়ত এখন হোটেলৰ কৰ্মচাৰী হয়; কিন্তু সমাজৰ স’তে তেওঁ কেতিয়াও স্বাভাৱিক হ’ব নোৱাৰিলে। বহু বছৰৰ পাছত মাৰ্কোছ পুনৰ সেই জংঘললৈ ঘূৰি গৈছিল।
যদিও তাত গৈ দেখে যে তেওঁৰ শৈশৱ অতিবাহিত হোৱা গুহাটোৰ কাষতে বাসস্থান, বৈদ্যুতিক গেট আদি নির্মাণ হৈছে। তাতোকৈ বেদনাদায়ক বিষয়টো হ’ল, কুকুৰনেছীয়াৰ সমাজতো তেওঁৰ স্থান নহ’ল। শেষ দুটা বছৰ ধৰি মাৰ্কোছ অসুস্থ হৈ আছিল। গাঁওবাসীয়েই তেওঁৰ চোৱাচিতা কৰিছিল। অৱশেষত যোৱা সোমবাৰে তেওঁৰ মৃত্যু হয়।
মার্কোছৰ বন্ধু আৰ্টৰো আৰকোনেছে কয়, ‘তেওঁ আছিল মাটি, বতাহ, বৰষুণৰে তৈয়াৰী মানুহ। তেওঁ সকলো সময়তে কৈছিল যে কুকুৰনেছীয়া বাঘবোৰৰ লগতেই তেওঁৰ জীৱনৰ সবাতোকৈ সুখৰ সময়খিনি অতিবাহিত হৈছে। মানুহৰ মাজত তেওঁ কেতিয়াও স্বস্তি নাপালে।’
ৰাণ্টেৰ স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা শোকবার্তাত লিখিছে, ‘মার্কোছে ৰাণ্টেলৈ এনে এক কাহিনী লৈ আহিছিল, যি সমগ্র বিশ্বকে অবাক কৰিছিল। তেওঁ গুচি গ’ল; কিন্তু ইয়াত ৰাখি গ’ল এনে এক কাহিনী, যিটো এতিয়া আমাৰো।’ উল্লেখ্য যে মাৰ্কোছ ৰড্রিগেজ পানটোজাৰ জীৱনক কেন্দ্ৰ কৰি ‘এমং ব’ল্ফছ’ নামৰ এখন ছবিও নির্মাণ হৈছিল।































