SpaceScience : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : শনিৰ অন্যতম উপগ্রহ টাইটানক লৈ প্ৰচুৰ অধ্যয়ন-গৱেষণা অব্যাহত আছে। এনে অধ্যয়নত পোহৰলৈ অহা অনুসৰি উপগ্ৰহটোৱে কেতিয়াও পৃথিৱীৰ পৰা সমদূৰত্বত অৱস্থান নকৰে। পৃথিৱীৰ পৰা ইয়াৰ দূৰত্বৰ ব্যৱধান ১২০ কোটি কিলোমিটাৰৰ পৰা ১৬৫ কোটি কিলোমিটাৰ পৰ্যন্ত হয়।
অৱশ্যে এই কথা নিৰ্ভৰ কৰে পৃথিৱী আৰু শনি গ্ৰহৰ কক্ষপথত অৱস্থান অনুসৰি। পৃথিৱীৰ পৰা টাইটানৰ সৰ্বাধিক দূৰত্ব ১৬৫ কোটি কিলোমিটাৰ হয়। এই দূৰত্ব হৈছে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্বৰ তিনিগুণ। আনহাতে, টাইটানে শনি গ্রহক গড় হিচাপত এক কোটি ২০ লাখ কিলোমিটাৰ দূৰত্বৰ ব্যৱধানৰে প্ৰদক্ষিণ কৰে।
বিজ্ঞানীসকলৰ মতে শনি গ্রহ পৃথিৱীৰ পৰা প্ৰায় ১৪০ কোটি কিলোমিটাৰ দূৰত্বত অৱস্থিত। অর্থাৎ পৃথিৱী সূৰ্যৰ পৰা যিমান দূৰত্বত আছে তাতকৈ ৯.৫ গুণ অধিক দূৰত্বত অৱস্থিত শনি গ্রহ। ফলত সূর্যক প্রদক্ষিণ কৰোতে শনিক পৃথিৱীৰ হিচাপত ২৯ বছৰ ছমাহৰ প্রয়োজন হয়।
আনহাতে, যেতিয়া পৃথিৱী আৰু শনি সূৰ্যৰ একেটা দিশত অৱস্থান কৰে তেতিয়া গ্ৰহটোৰ স’তে পৃথিৱীৰ দূৰত্ব ১২০ কোটি কিলোমিটাৰলৈ হ্রাস পায়। এনে অৱস্থাতো পৃথিৱী আৰু সূৰ্যৰ দূৰত্বতকৈ শনি গ্ৰহলৈ পৃথিৱীৰ দূৰত্ব আঠগুণ অধিক হৈ থাকে।
আনহাতে, যেতিয়া পৃথিৱী আৰু শনি গ্রহই সূৰ্যৰ বিপৰীত দিশত অৱস্থান কৰে তেতিয়া দুয়োটাৰ মাজৰ দূৰত্ব ১৬৫ কোটি কিলোমিটাৰলৈ বৃদ্ধি পায়। অৱশ্যে এই ক্ষেত্ৰত গ্ৰহ দুটাৰ আচৰণ অস্বাভাৱিক বুলি ধৰা নহয়।
বিজ্ঞানীসকলে মহাকাশৰ গ্রহ, নক্ষত্ৰ আদিৰ দূৰত্ব সংকেতৰ সহায়ত নিৰ্ধাৰণ কৰে। সেই অনুসৰি যেতিয়া টাইটান পৃথিৱীৰ একেবাৰে ওচৰত অৱস্থিত হয় তেতিয়া পোহৰৰ বেগত যাত্ৰা কৰা এটা সংকেতে এক দিশৰ যাত্ৰা সম্পূৰ্ণ কৰিবলৈ এঘণ্টা সময় লয়।
ইয়াৰ বিপৰীতে যেতিয়া টাইটানে পৃথিৱীৰ সবাতোকৈ দূৰত্বত অৱস্থান কৰে তেতিয়া এনে এক সংকেতে এটা দিশৰ যাত্ৰা সম্পূৰ্ণ কৰিবলৈ ৯০ মিনিট সময় লয়। এনেদৰে পৃথিৱীৰ পৰা বিভিন্ন গ্রহ, নক্ষত্ৰৰ দূৰত্ব নির্ধাৰণ কৰা হয়।
অৱশ্যে সংকেতৰ জৰিয়তে নিৰ্ধাৰণ কৰা এনে দূৰত্ব সম্পূর্ণরূপে নিখুঁত নহয়। ইয়াৰ উদাহৰণ হৈছে ১৯৯৭ৰ অক্টোবৰত উৎক্ষেপণ কৰা কেচিনি মহাকাশযানে ২০০৪ৰ মাজভাগলৈকে শনি গ্রহত উপস্থিত হোৱা নাছিল।
অর্থাৎ প্রায় সাত বছৰৰ মূৰতহে যানখন লক্ষ্যস্থানত উপনীত হয়। আনহাতে, মার্কিন মহাকাশ সংস্থা নাছাই ২০২৮ৰ জুলাইত এখন অত্যাধুনিক ৰবট যান টাইটানলৈ প্ৰেৰণৰ লক্ষ্য লৈছে। ড্রেগনফ্লাই নামৰ এই ৰবট যান নিউক্লীয় শক্তি চালিত।
এই যানে ২০৩৪তহে টাইটানৰ বুকুত অৱতৰণ কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ দ্বাৰা টাইটান সম্পর্কে অধিক অধ্যয়ন সম্ভৱ হ’ব বুলি নাছাৰ বিজ্ঞানীসকলে আশা কৰিছে।































