সুস্বাস্থ্য সকলোৰে কাম্য। কাৰণ স্বাস্থ্যৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। এই উদ্দেশ্য জীমলৈ যোৱা লোকৰ সংখ্যা শেহতীয়াভাৱে বৃদ্ধি পাবলৈ ধৰিছে। কিন্তু আপুনি স্বাস্থ্যৰক্ষাৰ ক্ষেত্ৰত জাপানীসকলে অৱলম্বন কৰা কৌশল কি জানেনে?
লক্ষ্যণীয় যে জাপানীসকল হৈছে বিশ্বৰে অন্যতম দীর্ঘায়ুৰ গৰাকী। গতিকে জাপানীসকলে স্বাস্থ্যৰক্ষাৰ বাবে অৱলম্বন কৰা বিভিন্ন পাইচাৰি কৌশলে বিশ্বজুৰি জনপ্রিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। কাৰণ সুস্বাস্থ্য বৰ্তাই ৰাখি সকলোৱে দীর্ঘায়ুৰ গৰাকী হ’বলৈ বিচাৰে। জাপানীসকলে স্বাস্থ্য বৰ্তাই ৰখাৰ বাবে আশ্রয় লোৱা চাৰিটা পাইচাৰি কৌশল হ’ল-উচ্চপ্রাবল্যৰ বিৰতিযুক্ত
খোজকঢ়া:জাপানীসকলে নিতৌ কিছু সময় খোজ কাঢ়ে। ব্যায়াম হিচাপেও তেওঁলোকে খোজ কাঢ়ে। এনেদৰে খোজকঢ়াৰ সময়ত তেওঁলোকে বিশেষ পদ্ধতিত খোজ কাঢ়ে। ইয়াৰ প্ৰথম পাঁচ মিনিট সময় তেওঁলোকে লাহে লাহে খোজ কাঢ়ে। তাৰ পাছতে ১০ মিনিট খৰধৰকৈ খোজ কাঢ়ে। এনেদৰে পাঁচৰ পৰা ১০ মিনিট সময় উচ্চ গতিৰে খোজ কাঢ়ে। তাৰ পাছতে পাঁচ মিনিট লাহে লাহে খোজকাঢ়ে। এই পদ্ধতিত নিতৌ খোজ কাঢ়িলে শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি পায়, পেশী সক্রিয় হয় আৰু হৃদযন্ত্র সুস্থ-সবল হৈ থাকে।
নাম্বা-আৰুকি: নাম্বা-আৰুকি হৈছে জাপানৰ এক অতি প্রাচীন ব্যায়াম। এই পদ্ধতিত সৰ্বশৰীৰৰ ব্যায়াম হয়। এই পদ্ধতিত একেলগে এখন হাত আৰু এখন ভৰি ওপৰলৈ তুলি লাহে লাহে পিছুৱাই অনা হয়। কিছু সময় ধৰি এই ব্যায়াম কৰিব লাগে। নিতৌ এই ব্যায়াম কৰাৰ অনুশীলন কৰিলে মনলৈ ক্লান্তি ভাব নাহে আৰু অস্থিৰ জোৰা বিষ হ্রাস পায়।
বিৰতিবিহীনভাৱে পাইচাৰিঃ জাপানীসকলে নিতৌ বিৰতিবিহীনভাৱে ১০ মিনিট সময় লাহে লাহে খোজ কাঢ়ে। যিসকলে শাৰীৰিক পৰিশ্ৰম নকৰে, তেওঁলোকৰ বাবে এই ব্যায়াম অত্যন্ত উপকাৰী।
পেটৰ পেশীক ভিতৰলৈ টানি থকা:পাইচাৰি কৰাৰ সময়ত পেটৰ পেশীক ভিতৰলৈ টানি ধৰি থকাৰ এক ব্যায়াম কৰে জাপানীসকলে। লাহে লাহে খোজকঢ়াৰ সময়ত এই ব্যায়াম কৰা হয়। নিতৌ এই পদ্ধতিত কিছু সময় খোজকঢ়াৰ অভ্যাস গঢ়ি তুলিলে পেটৰ পৰা অতিৰিক্ত মেদ দূৰ হয় আৰু তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। আন ব্যায়াম কৰিব নোৱৰাসকলে উল্লিখিত চাৰি ধৰণে পাইচাৰি কৰি স্বাস্থ্য অটুট ৰাখিব পাৰে। অন্তত: নিতৌ ১৫-২০ মিনিট খোজকঢ়াৰ অভ্যাস গঢ়ি তুলিলে স্বাস্থ্যৰ উপকাৰ সাধন হয়।































