আত্মনিৰ্ভৰ ভাৰতত এটাৰ পাছত এটা অত্যাধুনিক অস্ত্ৰ নিৰ্মাণ হ’লেও দেশৰ শিক্ষা ব্যৱস্থাৰ শোচনীয় অৱস্থা। কেন্দ্ৰীয় চৰকাৰৰেই এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে দেশৰ হেজাৰ হেজাৰ চৰকাৰী বিদ্যালয়ত আজিও ন্যূনতম সুবিধাসমূহ উপলব্ধ নহয়।
বহু বিদ্যালয়ত শৌচালয়, বিশুদ্ধ খোৱা পানী বা বিদ্যুতৰ ব্যৱস্থা নাই। আনকি বহু বিদ্যালয়ত শিক্ষকো নাই। কৰবাত আকৌ বিদ্যালয় আছে, শিক্ষক আছে, কিন্তু ছাত্ৰ-ছাত্ৰীহে নাই।
বৃহস্পতিবাৰে নীতি আয়োগে প্ৰকাশ কৰা ‘School Education System in India’ শীৰ্ষক প্ৰতিবেদনত এই উদ্বেগজনক তথ্যসমূহ প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি, দেশৰ প্ৰায় ৯৮,৫৯২খন বিদ্যালয়ত ছাত্ৰীসকলৰ বাবে পৃথক শৌচালয় নাই। ৬১,৫৪০খন বিদ্যালয়ৰ শৌচালয় ব্যৱহাৰৰ উপযোগী নহয়।
আনহাতে, প্ৰায় ১.১৯ লাখ বিদ্যালয়ত আজিও বিদ্যুৎ সংযোগ পোৱা গৈয়ে নাই। প্ৰায় ৬০ হেজাৰ বিদ্যালয়ত হাত ধোৱাৰ সুবিধা নাই আৰু ১৪ হেজাৰ বিদ্যালয়ত বিশুদ্ধ খোৱা পানীৰ সংযোগো অনুপস্থিত। দেশৰ অর্ধেকতকৈ অধিক চৰকাৰী বিদ্যালয়ত বিজ্ঞান গৱেষণাগাৰ বা লেবৰেটৰীৰো অভাৱ আছে।
যদিও বিগত কেইবছৰত কিছু উন্নতি লক্ষ্য কৰা গৈছে। এটা সময়ত দেশৰ মাত্ৰ ৫৫ শতাংশ বিদ্যালয়ত বিদ্যুৎ আছিল, বৰ্তমান সেই সংখ্যা বৃদ্ধি পাই ৯১.৯ শতাংশলৈ উন্নীত হৈছে।
নীতি আয়োগৰ প্ৰতিবেদনত আৰু উল্লেখ কৰা হৈছে যে দেশৰ ১,০৪,১২৫খন বিদ্যালয়ত মাত্ৰ এজনকৈ শিক্ষক আছে। ইয়াৰে ৮৯ শতাংশ বিদ্যালয় দুৰ্গম গ্ৰাম্য অঞ্চলত অৱস্থিত। ৰাজ্যসমূহৰ ভিতৰত শিক্ষক সংকটত আটাইতকৈ বেয়া অৱস্থাত আছে বিহাৰ, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশ।
বিহাৰত ২,০৮,৭৮৪টা শিক্ষক পদ খালী আছে। ঝাৰখণ্ডত এই সংখ্যা ৮০,৩৪১ আৰু মধ্যপ্ৰদেশত ৪৭,১২২টা শিক্ষক পদ এতিয়াও শূন্য হৈ আছে।
ইফালে দেশত ৭,৯৯৩খন এনে বিদ্যালয়ো আছে, য’ত কোনো ছাত্ৰ-ছাত্ৰী নাই। পশ্চিমবঙ্গত এনে বিদ্যালয়ৰ সংখ্যা ৩,৮১২খন আৰু তেলেংগানাত আছে ২,২৪৫খন।
আন এক ডাঙৰ চিন্তাৰ বিষয় হৈছে বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা। মাধ্যমিক স্তৰত দেশজুৰি বিদ্যালয় ত্যাগৰ গড় হাৰ ১১.৫ শতাংশ। কিন্তু পশ্চিমবঙ্গত এই হাৰ ২০ শতাংশ স্পৰ্শ কৰিছে। কৰ্ণাটক, অসম আৰু অৰুণাচল প্ৰদেশতো এই হাৰ যথেষ্ট উদ্বেগজনক।
একে সময়তে উত্তৰপ্ৰদেশ আৰু বিহাৰতো বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাইছে।
নীতি আয়োগৰ প্ৰতিবেদনত উল্লেখ কৰা মতে, ভাৰতত মুঠ জাতীয় উৎপাদনৰ মাত্ৰ ৪.৬ শতাংশ শিক্ষাখণ্ডত ব্যয় কৰা হয়। আনহাতে ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্সৰ দৰে দেশসমূহে শিক্ষাখণ্ডত তুলনামূলকভাৱে অধিক বিনিয়োগ কৰে।






























