Guwahati Bar Association:মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ দুৰৱস্থাক লৈ সৰৱ গুৱাহাটী উকীল সন্থা
স্থায়ী ঠিকনা নিদিয়ালৈকে উকীল সন্থাৰ ঐতিহ্যমণ্ডিত গৃহ এৰি নিদিয়াৰ ঘোষণা
:গুৱাহাটীৰ উকীল সন্থাৰ ঐতিহ্যমণ্ডিত ভৱন চৰকাৰে ভাঙিবলৈ সাজু হোৱাৰ বিপৰীতে অতি অনুপযুক্ত স্থানলৈ মুখ্য ন্যায়িক দণ্ডাধীশ স্থানান্তৰ কৰা বুলি সোমবাৰে এক সংবাদমেলত সন্থাৰ নেতৃবৃন্দই চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰে। সন্থাৰ সাধাৰণ সম্পাদক অপূর্ব কুমাৰ শৰ্মাই কয় যে আদালতখন ইতিমধ্যে সাধাৰণ প্রশাসন বিভাগৰ ভৱনলৈ স্থানান্তৰ কৰা হৈছে। অথচ তাত প্রয়োজনীয় সা-সুবিধা একেবাৰে নাই।
শৰ্মাই কয়, ‘গুদামঘৰ সদৃশ এক স্থানলৈ আমাক স্থানান্তৰিত কৰা হৈছে। আশ্চৰ্যকৰভাৱে তাৰ কোঠাবোৰত ভেন্টিলেচন নাই, আনকি খিৰিকীও নাই। এনে স্থানলৈ ন্যায়িক ব্যৱস্থাটোক লৈ যোৱা হৈছে। কিবা যদি নহ’বলগীয়া দুর্ঘটনা হয় তেতিয়াও ৰক্ষা পৰাৰ পৰিৱেশ নাই। দুর্ভাগ্যজনকভাৱে চৰকাৰে এতিয়ালৈ আমাক স্থায়ী ঠিকনা দিব পৰা নাই। যি পৰিৱেশত আদালত চলিছে, তাত জ্যেষ্ঠ অধিবক্তা আৰু বয়োজ্যেষ্ঠ লোকসকলে উশাহ-নিশাহ লোৱাত কষ্ট হ’ব। বন্ধ এটা কোঠাত এনে হোৱাটো স্বাভাৱিক। অন্য সুৰক্ষাটো বাদেই অগ্নি নির্বাপণৰ ব্যৱস্থাও তাত নাই।’ স্থায়ী ঠিকনা নিদিয়ালৈকে অধিবক্তাসকলে বৰ্তমানৰ গুৱাহাটী উকীল সন্থাৰ কাৰ্যালয়ৰ পৰা কেতিয়াও আঁতৰি নাযায় বুলিও আজি স্পষ্ট কৰি দিয়ে।
সংবাদমেলত সাধাৰণ সম্পাদক শৰ্মাই এইবুলিও উল্লেখ কৰে যে ন্যায় বিচাৰি অহা লোকেও চৰকাৰৰ নতুন ব্যৱস্থাত আদালত গৈ নাপায়। ইয়াৰ এক উদাহৰণ উল্লেখ কৰি শৰ্মাই কয়, ‘এনে ঘটনাও ঘটিছে যে দিব্যাংগ এগৰাকী মহিলাই আদালত গৈয়ে নাপায়। তেওঁ তলতে বহি থাকিবলগীয়া হয়। কাৰণ তেওঁলোকৰ বাবে ওপৰলৈ উঠি যোৱাৰ কোনো ব্যৱস্থা নাই। যদি এনেকুৱা হয় তেন্তে কেনেকৈ ৰাইজে ন্যায় পাব। এই মহিলা গৰাকীয়ে যদি নিজৰ কথা ক’বই নোৱাৰে কেনেকৈ ন্যায় পাব। গতিকে চৰকাৰে আমাক এটা পণবন্দী অৱস্থাত ৰখাৰ বিপৰীতে স্থায়ী ঠিকনা কেতিয়া দিব জনাওক। কিমান বছৰ, কিমান সময় লাগিব জনাওক। আমি তেতিয়ালৈকে ইয়াৰ পৰা নাযাওঁ। আমি উন্নয়নৰ বিৰোধী নহয়। কিন্তু আমাক য’তে-ত’তে থ’লে নহ’ব।’































